তিনি শতাধিক প্ৰজাতিৰ চৰাইৰ কলৰৱত মুখৰ পাণবাৰী মুকলি হ’ল পৰ্যটকৰ বাবে

১৫ বছৰৰ বিৰতিত কাজিৰঙা পৰ্যটনত নব্য সংযোজন

ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ “বন্দুকৰ শব্দত ৰাতি পুৱায়নে? ওঁহো নুপুৱায়৷ পুৱায় চৰাইৰ মাতত৷ যিয়ে কুটি কুটি খায়, ৰাতিৰ এন্ধাৰ৷”

— কবি নিৰ্মলপ্ৰভা বৰদলৈৰ এই কবিতাফাঁকিৰ দৰেই কাজিৰঙাৰ পাণবাৰীত এতিয়া পখীৰ মাতত সাৰ পাই উঠে কাষৰীয়া বাসিন্দা৷ সম্প্ৰতি এটা-দুটা প্ৰজাতি নহয়, তিনি শতাধিক প্ৰজাতিৰ বিভিন্ন চৰাইৰ কলৰৱত প্ৰতি পুৱাই মুখৰ হৈ পৰে কাজিৰঙাৰ পাণবাৰী৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত এইখন পাণবাৰী সংৰক্ষিত বনাঞ্চলত বিভিন্ন প্ৰজাতিৰ পখীসমূহ ওচৰৰ পৰা নিৰীক্ষণ কৰিবলৈ বিভিন্ন সময়ত বিভিন্নজনে খাটনি ধৰে বন কৰ্তৃপক্ষক৷ কিন্তু, কাজিৰঙাৰ বন কৰ্তৃপক্ষই কাকো অনুমতি নিদিয়ে৷ কাৰণ, ১৫ বছৰৰ পূৰ্বে এই পাণবাৰীতে এগৰাকী বিদেশী পৰ্যটকক বনৰীয়া হাতীয়ে গচকি মাৰিছিল৷

তাৰ পাছৰ পৰাই বন্ধ হৈ আছিল কাজিৰঙাৰ পাণবাৰী৷ অৱশ্যে কাজিৰঙা পৰ্যটনত পৰ্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱাৰ বাবেই আজিৰ পৰা এক নতুন সংযোজন হিচাপে আৰম্ভ কৰা হৈছে পাণবাৰীৰ বাৰ্ড ছাফাৰী৷ বিশেষকৈ পক্ষী চাই ভাল পোৱা পর্যটকসকলৰ বাবে কাজিৰঙাৰ পাণবাৰী সংৰক্ষিত বনাঞ্চল মুকলিৰ বতৰাটো সঁচাকৈয়ে এটা ভাল খবৰ হিচাপে চিহ্নিত হৈছে৷

বন্তি প্ৰজ্বালনেৰে আজিৰে পৰা উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱ-বৈচিত্ৰৰ হ’টস্পট কাজিৰঙাৰ পৰ্যটনত সংযোজন হ’ল এই নতুন অধ্যায়ৰ৷ বিশেষকৈ পক্ষীৰ বাবে বিখ্যাত এই বনাঞ্চলত বাৰ্ড ছাফাৰি আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে মুকলি কৰাৰ লগে-লগে কাজিৰঙাত বাৰমহীয়া পৰ্যটনৰ সম্ভাৱনা মুকলি হ’ল৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা আৰু অগৰাতলি বনাঞ্চলৰ দক্ষিণে থকা এই পাণবাৰী সংৰক্ষিত বনাঞ্চল বাৰ্ড ছাফাৰিৰ বাবে মুকলি কৰাৰ পিছতে উদ্যান কৰ্তৃপক্ষৰ তৰফৰ পৰা জানিবলৈ দিয়া মতে —

🔴 বাৰ্ড ছাফাৰিৰ বাবে পৰ্যটকে অনলাইন প্ৰি-বুকিং কৰিব লাগিব। সম্প্ৰতি এদিনত সৰ্বাধিক ৩ খন বনবিভাগৰ পঞ্জীয়নভুক্ত জিপছী আৰু ১২ জন ব্যক্তিৰ প্ৰৱেশৰ অনুমতি থকা বনাঞ্চলত প্ৰৱেশৰ সময় পুৱা ৬ বজাত আৰু প্ৰস্থানৰ সময় দিনৰ ১০ বজাত হ’ব।

🔴 প্ৰৱেশ পইণ্ট পাণবাৰী উপ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ আৰু প্ৰস্থান পইণ্ট হ’ব মদাৰজুৰি৷ এই বনাঞ্চলত ৮.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথচোৱা পৰ্যটকে ভ্ৰমণ কৰাৰ সুবিধা আছে।

🔴 এই বনাঞ্চলত প্ৰবেশ কৰিলে লগত এজন বনকৰ্মী আৰু এজন কৈ স্থানীয় গাইড নিয়াটো বাধ্যতামূলক বুলি জানিবলৈ দি উদ্যান কৰ্তৃপক্ষই সদৰি কৰে যে ছাফাৰিৰ সময়ত জীপৰ ভিতৰত থকাটো বাধ্যতামূলক৷ পৰ্যটক কেৱল নিৰ্বাচিত স্থানত বাহনৰ পৰা নামিব পাৰিব৷

বিবিধ দেশী-বিদেশী তথা ঘৰুৱা-পৰিভ্ৰমী পক্ষীৰ বাসস্থান, বিচৰণথলী হিচাপে চিহ্নিত পাণবাৰী পুনৰ পৰ্যটকৰ বাবে মুকলি কৰাৰ লগে-লগে পৰ্যটন ক্ষেত্ৰখনলৈ ন-আশাৰ বতৰা কঢ়িয়াই অনাৰ লগতে পক্ষী গৱেষক, পক্ষী বিজ্ঞানী সকলো উপকৃত হ’ব বুলি আশা কৰা হৈছে৷

আজি পুৱা পাণবাৰী বনাঞ্চল মুকলি উপলক্ষে এটি অনুষ্ঠান অনুষ্ঠিত হয়৷ কাজিৰঙা বনবিভাগৰ তৰুণ গগৈয়ে আঁত ধৰা অনুষ্ঠানত ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডলৰ দ্বায়িত্বত থকা বনবিষয়া চম্পক ডেকাই বন্তি প্ৰজ্বলন কৰে৷ ইপিনে, উদ্যানৰ সহকাৰী বন সংৰক্ষক অলেক চাকচেনা, কহঁৰা বনাঞ্চলৰ বনবিষয়া বিভূতি ৰঞ্জন গগৈ, অগৰাতলী বনাঞ্চলৰ বনবিষয়া বিদ্যুৎ বিকাশ বৰা, বোকাখাত বনাঞ্চলৰ বনবিষয়া মনজিৎ সোনোৱাল, পৰ্যটন ব্যৱসায়ী অনিমেষ শইকীয়া আদিৰ উপস্থিতিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক ড° সোণালী ঘোষে ফিটা কাটি আনুষ্ঠানিক ভাৱে পাণবাৰী সংৰক্ষিত বনাঞ্চল পৰ্যটকৰ বাবে মুকলি কৰে।

উল্লেখযোগ্য যে বিশেষ ভাৱে পক্ষী নিৰীক্ষণ সংৰক্ষিত বনাঞ্চল হিচাপে খ্যাত পাণবাৰী সংৰক্ষিত বনাঞ্চলত বিশেষকৈ বিভিন্ন প্ৰকাৰৰ চৰাইৰ ফটোগ্ৰাফিৰ বাবে আটাইতকৈ সুবিধাজনক হ’ব। আজি নতুনকৈ মুকলি কৰা পাণবাৰী সংৰক্ষিত বনাঞ্চলত প্ৰধানকৈ তিনিশবিধ বিভিন্ন প্ৰজাতিৰ চৰাই, টুপিমুৰীয়া বান্দৰ, হাতী, হৰিণৰ উপৰিও প্ৰথমবাৰৰ বাবে কাজিৰঙাত দেখা পোৱা ব্লু এণ্ড হোৱাইট ফ্লাইংকেটচাৰ আদি দেখাৰ সৌভাগ্য পৰ্যটকৰ হ’ব বুলি সঞ্চালকে মত প্ৰকাশ কৰে।

Related Posts

গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

ভৱেশ কলিতা , আজাৰাঃ গুৱাহাটীত ৩ এপ্ৰিলত উপস্থিত হ’ল ক্ৰিকেটৰ প্ৰভু মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰৰ সৈতে পত্নী অঞ্জলি টেণ্ডুলকাৰ আৰু জীয়েক ছাৰা টেণ্ডুলকাৰ সহ তেওঁলোকৰ পৰিয়াল । কালি দুপৰীয়া মুম্বাইৰ…

“জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

মায়াশ্ৰী শৰ্মা, উত্তৰ লখিমপুৰঃ শিশু সকলৰ সৰ্বাংগীন বিকাশৰ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি সু লেখিকা মৃদুস্মিতা শৰ্মাৰ সম্পাদনাত প্ৰকাশিত হোৱা শিশু কিশোৰৰ আলোচনী “জোনাকী মেল”ৰ দ্বিতীয় সংখ্যাটি ৩১ মাৰ্চ ২০২৫…

অন্যান্য বাতৰি

গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

“জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

“জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান

বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান