
ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ
‘এটা তৰমুজ
বাহিৰে সেউজীয়া ভিতৰি ৰঙা
এখন অৰণ্য
কাজিৰঙা’— কাজিৰঙাখন দেখিবলৈ যেনেকুৱা সেউজীয়া, প্ৰকৃতাৰ্থত তেনেকুৱাই নহয়৷ কাজিৰঙাত ৰঙাৰো প্ৰভাৱ আছে৷— আজি চৰকাৰী আদৰ্শ মহাবিদ্যালয়, কাজিৰঙাত উদযাপন হোৱা বিশ্ব কবিতা দিৱসৰ অনুষ্ঠানত মুখ্য আলোচক হিচাপে উপস্থিত থাকি লেখক, পৰিৱেশকৰ্মী বুবুল শৰ্মাই এইদৰে কয়৷

অনুষ্ঠানত বুবুল শৰ্মাই গোলাঘাট জিলাৰ কাব্যঋষি নীলমণি ফুকন, মৰিয়াহোলাৰ কবি পুতুল হাজৰিকা, পুলিন শৰ্মা, চেনিৰাম গগৈ, সমীৰ তাঁতি, ৰফিকুল হুছেইন, অজিৎ গগৈ, জীৱন নৰহ, বিমান কুমাৰ দলে সহিতে প্ৰায় দুকৰি কবিক স্মৰণ কৰি এই কবিসকলৰ কবিতাৰ বিষয়ে বিতংভাৱে আলোচনা আগবঢ়ায়৷ তেওঁ ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰি
কয় যে – “কবিতা কোনোবাই লিখে,কোনোবাই নিলিখে,কিন্ত কবিতাৰ প্ৰেমিক আমি সকলোঁ৷ কবিতা লিখাটো বেয়া কাম হ’ব নোৱাৰে৷” বুবুল শৰ্মাই সন্তোষ প্ৰকাশ কৰি গৌৰৱেৰে কয় যে — “কাজিৰঙাত কেৱল ডাঙৰ ডাঙৰ হোটেল-ল’জেই নাই এখন কলেজো আছে, ইয়ো আমাৰ গৌৰৱ কৰিব লগা বিষয়৷” শৰ্মাই বিশেষভাৱে কাজিৰঙাৰ গ্ৰাম্য সমাজৰ প্ৰভাৱ কেনেকৈ চেনিৰাম গগৈৰ কবিতাক প্ৰভাৱিত কৰিছিল, তেওঁৰ সহজবোধ্য আৰু সৰল কবিতাবোৰ পঢ়িবলৈ সকলোকে আহবান জনায়৷ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানত কবিতা গঠনৰ ক্ষেত্ৰত ৰং,চিত্ৰকল্প,ৰূপকৰ ব্যৱহাৰ সম্পৰ্কে খুব সহজ ভাষাত দিয়া বৰ্ণনাই ছাত্ৰ-ছাত্ৰীসকলৰ লগতে কলেজৰ প্ৰবক্তা আৰু উপস্থিত কবিতানুৰাগীসকলক আপ্লুত কৰে৷ কবি জীনা গগৈ,কলেজৰ উপাধ্যক্ষ পবিত্ৰ মিচং,ৰিমজিম বৰদলৈ,গীতিকা চহৰীয়া,পৰিস্মিতা ভূঞা,পংকজ ডেকা আদিয়ে কবিতা পাঠ কৰে৷ জ্যোতিস্মিতা গগৈয়ে আঁত ধৰা অনুষ্ঠানটোত ছাত্ৰী খুৰছি মিৰ্জাৰ আৰু জ্যোতিস্মিতা গগৈয়ে কবিতা পাঠ কৰি বিশ্ব কবিতা দিৱসৰ উদযাপনৰ সামৰণি পৰে৷ সভাত উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক ধ্ৰুৱজ্যোতি সাহাই সন্তোষ প্ৰকাশ কৰে আৰু আজিৰ আলোচকৰ ভাষণক প্ৰশংসা কৰে৷