বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চৰ উদ্যোগ

বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চৰ উদ্যোগ

সাংসদৰ উপস্থিতিত আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস উদযাপন  

ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ কাজিৰঙাত অনুষ্ঠিত হ’ল আন্তঃ ৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস। বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চৰ উদ্যোগত আয়োজিত এই দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আয়োজন কৰা হয় চিত্ৰাংকন প্ৰতিযোগিতা। কাজিৰঙাৰ কহঁৰাত থকা কাজিৰঙা নেশ্বনেল পাৰ্ক হাইস্কুলৰ প্ৰাংগনত আয়োজন কৰা প্ৰতিযোগিতাত ডেৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চৰ আহ্বায়ক স্বপন নাথে আঁত ধৰা সাক্ষৰতা দিৱস অনুষ্ঠানতে সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ জন্মদিনৰ উপলক্ষে শ্ৰদ্ধঞ্জলি জ্ঞাপন কৰা হয়৷ কাজিৰঙা নেচনেল পাৰ্ক হাইস্কুলৰ প্ৰধান শিক্ষক ভূৱন খতিয়ৰাই বন্তি প্ৰজ্বলন কৰে। এই অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা।

সাংসদ তাছাই ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক বিকাশ তথা আজিৰ দিৱসৰ তাৎপৰ্য আদি সম্পৰ্কে বক্তৃতা প্ৰদান কৰি ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰে। অনুষ্ঠানত অবসৰপ্ৰাপ্ত পৰ্যটন বিষয়া তৰুণ গগৈ, ধীৰেণ ফুকন, কাজিৰঙা চিত্ৰ কলা বিদ্যালয়ৰ সভাপতি পৰাণ ঘোষ, সম্পাদক ডায়েৰী প্ৰসাদ উপাধ্যায়, অধ্যক্ষ চিন্ময় ধৰ, পৰিবেশ কৰ্মী বুবুল শৰ্মা, কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ সম্পাদক ৰঞ্জিত ৰজক, বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চৰ আহ্বায়ক ধ্ৰুৱজ্যোতি সাহা, বিতোপন মাজি , চন্দন নাথ, ইমৰাণ আলি, হোমেন গগৈ, কিষাণ চেত্ৰী, শৈলেন ডেকা, ৰাজা হুচেইন আদিৰ উপস্থিতিত আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস উদযাপন কৰা হয়।

ইফালে, আজিৰ অনুষ্ঠানত কাজিৰঙাৰ উদীয়মান প্ৰকৃতিপ্ৰেমী তথা কিছুদিন পূৰ্বে মণিপুৰ ইন্টাৰনেচনেল ইউনিভাৰ্চিটীৰ তৰফৰ পৰা প্ৰফেচাৰ উপাধি লাভ কৰা মনোজ গগৈক বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চই কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ দ্বাৰা সম্বৰ্ধনা জনায়। গগৈক এখন চেলেং আৰু সম্বৰ্দ্ধনা পত্ৰৰে সন্মান জ্ঞাপন কৰা হয়৷

  • Related Posts

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ নিজ ক্ৰীড়া শৈলীৰ দ্বাৰা কাজিৰঙাৰ চাহ বাগিছা অঞ্চলত ফুটবল খেলক নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত…

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃবছৰৰ শেষত অসমৰ সাহিত্য জগতলৈ এক সুখবৰ । বিশিষ্ট কবি সমীৰ তাঁতীলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমি বঁটা । ‘ফৰিংবোৰে…

    অন্যান্য বাতৰি

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস