কাজিৰঙাৰ প্ৰয়াত মুখ্য মাউত বুবুল গগৈলৈ মৰোণোত্তৰভাৱে গজ গৌৰৱ ২০২৪ বঁটা
কাজিৰঙাত পালন বিশ্ব হস্তী দিৱস, বিভিন্ন কাৰ্যসূচী
ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ বিশ্ব হস্তী দিৱসৰ দিনাই মৰোণোত্তৰভাৱে গজ গৌৰৱ বঁটা ২০২৪ প্ৰদান কৰা হয় কাজিৰঙাৰ সদ্য প্ৰয়াত মুখ্য মাউত বুবুল গগৈক৷
আজি সন্ধ্যা ছত্তিশগড়ৰ ৰায়পুৰত প্ৰয়াত গগৈৰ হৈ পুত্ৰই বঁটা গ্ৰহণ কৰে৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এগৰাকী মুখ্য মাউত হিচাপে কৰ্মৰত প্ৰয়াত বুবুল গগৈ কিছুদিন পূৰ্বে অকাল মৃত্যুক সাৱটিব লগা হৈছিল৷
উদ্যান কৰ্তৃপক্ষৰ তৰফৰ পৰা জানিব দিয়া ম’তে, ১৯৮৬ চনত বনবিভাগত যোগদান কৰা প্ৰয়াত গগৈৰ উদ্যান তথা বিভাগীয় হাতীৰ পৰিচালনাৰ ক্ষেত্ৰত উৎসৰ্গিত কৰ্মৰাজি অনন্য৷ দীৰ্ঘকাল উদ্যানৰ বিভাগীয় হস্তীকুলৰ চোৱা-চিতা কৰা প্ৰয়াত গগৈৰ অৱদানে কাজিৰঙাৰ সংৰক্ষণৰ ক্ষেত্ৰত নিশ্চিতৰূপত ইতিবাচক ভূমিকা পালন কৰিছে৷ সেয়েহে, বিভাগৰ তৰফৰ পৰা মৰোণোত্তৰভাৱে এই ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হয়৷ তেখেতৰ লগতে ভাৰতৰ আন তিনিগৰাকী বনবিভাগৰ কৰ্মীক গজ গৌৰৱ ২০২৪ বঁটা প্ৰদান কৰা হয়৷
ইপিনে, বিশ্ব হস্তী দিৱস উপলক্ষে কাজিৰঙাৰ কাঞ্চনজুৰিত অনুষ্ঠিত হয় বাটৰ কাষত চিত্ৰ অংকন৷ দ্যা কৰ’বেট ফাউণ্ডেচনৰ সৌজন্যত তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সহযোগত অনুষ্ঠিত এই চিত্ৰ অংকনত অংশ লয় বিশিষ্ট চিত্ৰ-ভাস্কৰ্য শিল্পী পাপু ঘোষ, চিত্ৰশিল্পী নয়নজ্যোতি শইকীয়া, অৰ্চনা পাণ্ডে আৰু বৰ্ণিল দাসে৷
ফাউণ্ডেচনৰ প্ৰকল্প সমন্বয়ক দিব্যজ্যোতি শইকীয়াই জানিব দিয়া ম’তে, উদ্যানৰ সঞ্চালক ড° সোণালী ঘোষে গছ পুলি ৰোপণেৰে শুভাৰম্ভ কৰা
চিত্ৰ অংকন অনুষ্ঠানটিৰ পাছতে কলিয়াবৰ মহকুমাৰ অন্তৰ্গত ৰাঙলু অঞ্চলৰ ১৫ টা পৰিয়ালক ফাউণ্ডেচনৰ তৰফৰ খেতি পথাৰত টঙিঘৰ নিৰ্মাণৰ যাৱতীয় সামগ্ৰী আৰু টৰ্চ লাইট প্ৰদান কৰা হয়৷ ইয়াৰ পিছতে তেতুলগুৰি মধ্য ইংৰাজী বিদ্যালয় চৌহদত ২৫ জোপা গছপুলি ৰোপণ কৰা হয়৷ শইকীয়াই লগতে জানিব দিয়া ম’তে, আজি অংকন কৰা ছবি সমূহ আগন্তুক পৰ্যটন বৰ্ষত বিক্ৰীৰ জৰিয়তে সংগ্ৰহিত ধনেৰে হাতী-মানুহৰ সংঘাত নিৰাময়ৰ উদ্দেশ্যেই খৰছ কৰা হ’ব৷
ইফালে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰতিটো বনাঞ্চলতে বিশ্ব হস্তী দিৱস উপলক্ষে ভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়৷ পুৱাই পৰম্পৰাগত হস্তী পূজাৰে আজি কাজিৰঙাৰ বাগৰিত উদযাপন কৰা হয় বিশ্ব হস্তী দিৱস৷ কাজিৰঙাৰ বাগৰিত পূজা বনবিভাগৰ হাতীক গা ধুৱাই পূজা-অৰ্চনা কৰা হয়৷ তাৰ পাছত সুন্দৰকৈ সজাই তোলা হয় বিভাগীয় হাতীসমূহক৷ তাৰ পাছতেই সৰু-বৰ হাতীসমূহক আহাৰ খুওৱা হয়৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ড° সোণালী ঘোষে কয় যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান ৬৭টা বিভাগীয় হাতী আছে৷
এই হাতীসমূহৰ বেছিভাগেই ৰাষ্ট্ৰীয় উদ্যানৰ পেট্ৰলিঙত ব্যৱহাৰ কৰা হয়৷ চোৰাং চিকাৰী ধৰা অথবা উদ্যানৰ বন্যপ্ৰাণীৰ উদ্ধাৰৰ কামতো ব্যৱহাৰ কৰা হয় হাতীসমূহক৷ ইপিনে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান প্ৰায় ১২০০ বনৰীয়া হাতী আছে৷ তদুপৰি, কাজিৰঙাৰ কাষৰীয়া কাৰ্বি পাহাৰতো বনৰীয়া হাতী আছে৷ বিভিন্ন সময়ত বিভিন্ন কাৰণত বনৰীয়া হাতীৰ আৱাসস্থল নাইকিয়া হোৱা দেখা যায়৷ যাৰ ফলতেই বনৰ হাতী জনাঞ্চলত প্ৰৱেশ কৰে৷ আনকি, হাতী-মানুহৰ সংঘাত হয় এই কাৰণটোতেই৷ এই সংঘাত দূৰীকৰণৰ বাবে সকলো পক্ষকে একত্ৰিত হ’বলৈ ক্ষেত্ৰ সঞ্চালক গৰাকীয়ে আহ্বান জনায়৷ তেখেতে লগতে কয় যে আজি এই হস্তী দিৱস উপলক্ষে কাজিৰঙাৰ বিভিন্ন ডিভিজনৰ মাজত বিভাগে বিভিন্ন খেল-ধেমালিৰ আয়োজন কৰা হয়। আনহাতে, বনৰীয়া হাতী আৰু মানুহৰ সংঘাত দূৰীকৰণৰ বাবে উদ্যান কৰ্তৃপক্ষৰ সৌজন্যত আজি সন্ধ্যা অনুষ্ঠিত হয় এখন ৱেবিনাৰ৷ ৱেবিনাৰত অৱসৰপ্ৰাপ্ত আই এ এছ তথা বিশিষ্ট প্ৰকৃতিপ্ৰেমী ড° আনোৱৰোদ্দিন চৌধুৰী মুখ্য বক্তা হিচাপে উপস্থিত থাকে৷ উল্লেখ্য যে প্ৰতি বছৰেই ১২ আগষ্টত সমগ্ৰ বিশ্বতে পালন কৰা হয় বিশ্ব হস্তী দিৱস। হাতীয়ে সন্মুখীন হোৱা ভাবুকিৰ মোকাবিলা কৰিবলৈ বিশ্বজুৰি মানুহ আৰু সংগঠনসমূহক একত্ৰিত কৰাই হ’ল এই দিৱসৰ উদ্দেশ্য৷ এনেক্ষেত্ৰত কেৱল মাত্ৰ এটা দিন হাতীৰ বাবে উদযাপন কৰাতকৈ হাতী সংৰক্ষণৰ বাবে সঁচা অৰ্থত ৰজাঘৰে প্ৰজাঘৰে গুৰুত্ব প্ৰদান কৰিলেহে হাতীবোৰ সুৰক্ষিত হ’ব৷