শতাধিক ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত গোলাঘাটৰ বাদুলীপাৰত খেল মহাৰণ ২.০ আৰম্ভ

শতাধিক ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত গোলাঘাটৰ বাদুলীপাৰত খেল মহাৰণ ২.০ আৰম্ভ

নিউজ ডেস্ক ৰিপ’ৰ্ট, ৰাইজৰ খবৰ ডিজিটেলঃ
বিভিন্ন বিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত আজি গোলাঘাটৰ বাদুলীপাৰ গাঁও পঞ্চায়তত অনুষ্ঠিত হয় খেল মহাৰণ ২.০৷ পুৱা চাইক্লিঙেৰে আৰম্ভ হোৱা খেল মহাৰণৰ অনুষ্ঠানটি আনুষ্ঠানিকভাৱে মুকলি কৰে আপীৰাম গগৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰশান্ত কুমাৰ গগৈয়ে৷

বোকাখাত মহকুমাৰ গ্ৰুপ চিৰ সমন্বয়ক ৰশ্মিৰেখা চেতিয়াৰ নেতৃত্বত দবাৰ ৰাষ্ট্ৰীয় চিনিয়ৰ আৰবিটাৰ দায়েৰীপ্ৰসাদ উপাধ্যায়, আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটেড দবাৰু ধ্ৰুৱজ্যোতি সাহা, এথেলেটিকচ্‌ৰ ৰজনী শৰ্মা, দিবাকৰ শইকীয়া, মিণ্টু চাংমাই, ভাৰত হাজৰিকা, ফুটবলৰ প্ৰাঞ্জল গগৈৰ উপস্থিতিত এথেলেটিকচ্‌, কাবাডী, ফুটবল, দবা আৰু চাইক্লিং অনুষ্ঠিত হয়৷ বাদুলীপাৰ গাঁও পঞ্চায়ত কাৰ্যালয় আৰু কাষৰীয়া খেলপথাৰত অনুষ্ঠিত খেল মহাৰণৰ অনুষ্ঠানত শতাধিক ছাত্ৰ-ছাত্ৰী, বোকাখাত সম জিলাৰ সহকাৰী আয়ুক্ত সিদ্ধাৰ্থ সোনোৱাল, গোলাঘাটৰ জিলা ক্ৰীড়া বিষয়া বিমল কুমাৰ গগৈ, বাদুলীপাৰ গাঁও পঞ্চায়তৰ সচিব প্ৰভাত ফুকন উপস্থিত থকাৰ লগতে সামগ্ৰিকভাৱে চোৱাচিতাৰ দায়িত্বত থাকে স্থানীয় ব্যক্তি, সমাজকৰ্মী বাবুল বাঢ়ৈয়ে৷

ইপিনে, বোকাখাত‌ বিধানসভা সমষ্টিৰ খেল মহাৰণ ২.০’ৰ পৌৰসভা পৰ্যায়ৰ প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে বোকাখাত সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কৃষি, পশুপালন আৰু পশু চিকিৎসা আদি বিভাগৰ মন্ত্ৰী অতুল বৰাই। খেল মহাৰণ ২.০’ৰ শুভাৰম্ভণী অনুষ্ঠানৰ লগত সংগতি ৰাখি বোকাখাত পৌৰসভা কাৰ্য্যালয়ৰ পৰা আজি পুৱা এটি চাইকেল ৰেলীৰ আয়োজন কৰা হয়।

সমান্তৰালকৈ মন্ত্ৰীগৰাকীয়ে আজি বোকাখাত সমষ্টিৰ ৰজাবাৰী গাঁও পঞ্চায়তত অনুষ্ঠিত খেল মহাৰণ ২.০’ৰ গাঁও পঞ্চায়ত পৰ্যায়ৰ প্ৰতিযোগিতাৰ শুভাৰম্ভণী অনুষ্ঠানত গোলাঘাট জিলাৰ জিলা আয়ুক্ত পুলক মহন্ত, বোকাখাত সম-জিলাৰ আয়ুক্ত শিৱানী জের্ণগল, বিশিষ্ট ব্যক্তি দেৱপ্ৰদীপ বৰা, পৌৰপতি ৰত্নেশ্বৰ বৰুৱা, ছাত্ৰ-ছাত্ৰী আৰু খেলুৱৈ সকলৰ সৈতে অংশগ্ৰহণ কৰি ১৭ বছৰৰ অনূৰ্ধৰ ল’ৰা শাখাৰ ১০০ মিটাৰ দৌৰ প্ৰতিযোগিতাৰ ফ্লেগ-অফ কৰে।

  • Related Posts

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    ভৱেশ কলিতা , আজাৰাঃ গুৱাহাটীত ৩ এপ্ৰিলত উপস্থিত হ’ল ক্ৰিকেটৰ প্ৰভু মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰৰ সৈতে পত্নী অঞ্জলি টেণ্ডুলকাৰ আৰু জীয়েক ছাৰা টেণ্ডুলকাৰ সহ তেওঁলোকৰ পৰিয়াল । কালি দুপৰীয়া মুম্বাইৰ…

    ছুপাৰ ডিভিজন ফুটবললৈ সাজু যোৰহাট টাউন ক্লাৱ

    ক্লাৱৰ জাৰ্চী উন্মোচন জিতুল কুমাৰ গগৈ, যোৰহাট, ১১ ফেব্ৰুৱাৰীঃ যোৰহাট ষ্টেডিয়ামত চলি থকা যোৰহাট জিলা ক্ৰীড়া সন্থাৰ ছুপাৰ ডিভিজন ফুটবল লীগ প্ৰতিযোগিতাৰ লগতে বৰ্ষটোৰ বাবে বিভিন্ন প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰিব পৰাকৈ…

    অন্যান্য বাতৰি

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান