কলিয়াবৰত পেট্ৰ’ল-ডিজেল চুৰি চক্ৰৰ পাঁচজনক গ্ৰেপ্তাৰ
কিশোৰী কুমাৰ ডেকা, কলিয়াবৰঃ কলিয়াবৰৰ চৌদিশে নিশা তদলদাৰী আৰক্ষী বাহিনীয়ে গিজগিজাই থকা সময়তে পোহৰলৈ আহিছে তেল চুৰি চক্ৰৰ বৃহৎ কাণ্ডৰ খবৰ। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে খনিজ তেল চুৰি চক্ৰৰ পাঁচ তেল চোৰ । মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি দত্তৰ নেতৃত্বত যোৱা নিশা অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় তেল চুৰিৰ বৃহৎ গেং । ইয়াৰ লগে লগে কলিয়াবৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তেল চুৰি চক্ৰটোৰ পাঁচজন চোৰক । ধৃত চোৰকেইটা ক্ৰমে তেজপুৰ কচাৰীপামৰ আলম আলি, কলিয়াবৰ বাগৰিৰ জামালুদ্দিন, চামগুৰি খলিহামাৰিৰ ইব্ৰাহীম আলি, তেজপুৰ ভোমোৰাগুৰিৰ আব্দুল খলিল আৰু কলিয়াবৰ হাৰমতিৰ তাহেৰ আলি বুলি আৰক্ষীৰ সুত্ৰত প্ৰকাশ । চক্ৰটোৰ পৰা আৰক্ষীয়ে এএছ ১২ এ ই ৮৯৭৭ আৰু এএছ ২২ এএ ২৬৪৮ নম্বৰৰ দুখন বিলাসী বাহন আৰু নগদ এক লাখ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । কলিয়াবৰৰ আমনিৰ পৰা চুলুং এলেকাৰ মাজত এই চক্ৰটোৱে পেট্ৰ’ল-ডিজেল তেল চুৰি কৰি চলাইছিল ৰমৰমীয়া বেহা । কলিয়াবৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি গোপন অভিযান চলাই উৎখাট কৰিবলৈ সক্ষম হয় তেল চুৰি চক্ৰটোক । সম্প্ৰতি উলুৱনী আৰক্ষী নিৱেশত ধৃতকেইজনক জেৰা অব্যাহত ৰাখিছে । ঘটনাৰ লগত জড়িত আৰু কেইবাজনক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে । জানিব পৰা ম’তে, বাগৰি হাৰমতিৰ জামালুদ্দিন আৰু তাহেৰ আলিয়ে বিগত সুদীৰ্ঘ সময় ধৰি বাগৰি অঞ্চলত চলাই আহিছিল এনে চোৰাং তেলৰ ৰমৰমীয়া ব্যৱসায়।