ৰিদিপ শৰ্মা, কলিয়াবৰঃ অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ সময়ছোৱাত কলিয়াবৰত সন্মুখৰ পৰা নেতৃত্ব দিয়া, অসম গণ পৰিষদৰ কলিয়াবৰ বিধানসভা সমষ্টি সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক, বৰ্তমানৰ উপ-সভাপতি ভূপেন বৰদলৈৰ অকাল বিয়োগ। কলিয়াবৰ শিক্ষা মহাবিদ্যালয় আৰু কলিয়াবৰ জুনিয়ৰ কলেজৰ প্ৰতিষ্ঠা কালৰে পৰা পৰিচালনা সমিতিৰ সদস্য আৰু কলিয়াবৰৰ বহু অনুষ্ঠান-প্ৰতিষ্ঠানৰ উত্তৰণৰ ক্ষেত্ৰত বিশেষভাবে জড়িত হৈ অহা ভূপেন বৰদলৈক হেৰুৱাই ব্যথিত হৈ পৰিছে কলিয়াবৰবাসী৷
এসময়ত কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰসন্থাৰ দায়িত্বত কাৰ্যনিৰ্বাহ কৰি সংগঠনটো শক্তিশালী কৰি পৰৱৰ্তী পৰ্যায়ত ১৯৯৫ চনত বৰদলৈয়ে অসম গণ পৰিষদত যোগদান কৰে। তেতিয়াৰে পৰাই একনিষ্ঠভাৱে অগপক শক্তিশালী কৰাৰ বাবে মনোনিৱেশ কৰা বৰদলৈয়ে কলিয়াবৰ বিধানসভা সমষ্টিক অসম পৰিষদৰ দুৰ্গলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰিছিল৷ এগৰাকী সমাজসেৱক হিচাপে পৰিচিত বৰদলৈ বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল ৷ তেখেতৰ বিয়োগ অসম গণ পৰিষদ দলৰ লগতে কলিয়াবৰৰ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি৷
বিশিষ্ট কণ্ঠশিল্পী ড° অণিমা চৌধুৰীলৈ লিলি দেৱী সোঁৱৰণী সাহিত্য সংস্কৃতি বঁটা
মৃদুস্মিতা শৰ্মা ,ৰাইজৰ খবৰ ডিজিটেলঃ যশস্বী কণ্ঠশিল্পী ড° অণিমা চৌধুৰলৈ আগবঢ়োৱা হয় লিলি দেৱী সোঁৱৰণী সাহিত্য-সংস্কৃতি বঁটা। মংগলবাৰে গুৱাহাটীত সংগীতাচাৰ্য লক্ষীৰাম বৰুৱা সদনত আয়োজিত বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে…