কলিকতাত ‘দ্ৰৌপদী’ৰ বাংলা অনুবাদ উন্মোচন

গ্ৰন্থ উন্মোচন আৰু আবেলিৰ আলাপ

ৰাইজৰ খবৰ ডিজিটেল, কলিকতাঃ অসমীয়া সাহিত্য চৰা, কলিকতাৰ উদ্যোগত আজি অসম ভৱন, কলিকতাত এক গুৰুত্বপূৰ্ণ সাহিত্যিক অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত খ্যাতনামা কবি-ঔপন্যাসিক অলকা বুজৰ বৰুৱাৰ ৰচিত “দ্ৰৌপদী” শীৰ্ষক গ্ৰন্থখনৰ বাংলা অনুবাদৰ শুভ উন্মোচন কৰা হয়। বিশিষ্ট অনুবাদক বাসুদেৱ দাসে অনুবাদ সম্পন্ন কৰিছে। গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে সুপ্ৰসিদ্ধ শিক্ষাবিদ তথা অনুবাদক ড° নৱমালতী নেওগ চক্ৰৱৰ্তীয়ে।

গ্ৰন্থ উন্মোচনী ভাষণত ড° নেওগে কৈ যায়, “অসমীয়া সাহিত্যৰ সমৃদ্ধি আৰু বহুভাষিক সংযোগ শক্তিশালী কৰাৰ বাবে অনুবাদ এক গুৰুত্বপূৰ্ণ মাধ্যম। ‘দ্ৰৌপদী’ গ্ৰন্থখনৰ বাংলা অনুবাদে অসমীয়া সাহিত্যক বৃহত্তৰ পাঠকৰ ওচৰলৈ লৈ যাব, যাৰ ফলত ভাষাসমূহৰ মাজত নতুন সংযোগ স্থাপন হ’ব।”

গ্ৰন্থ উন্মোচন শেষ হোৱাৰ পিছত “আবেলিৰ আলাপ” শীৰ্ষক এক সাহিত্যিক সংলাপ অনুষ্ঠিত হয়। কলিকতাত বসবাস কৰা অসমীয়া সাহিত্যিক, লেখক, আৰু সাহিত্যপ্ৰেমীসকলে এই আলোচনাত অংশগ্ৰহণ কৰে। আলোচনাৰ মূল বিষয়বস্তু আছিল – অসমীয়া ভাষাৰ প্ৰসাৰ আৰু বাংলা সাহিত্য জগতত ইয়াৰ অধিক দৃঢ় উপস্থিতি নিশ্চিত কৰাৰ উপায়। উপস্থিত ব্যক্তিসকলে বিভিন্ন মতামত আগবঢ়ায় আৰু অসমীয়া সাহিত্যক বহুভাষিক ক্ষেত্ৰত অধিক সুদৃঢ় কৰাৰ বাবে প্ৰস্তাৱ দাঙি ধৰে।

অসম চৰকাৰে ২০২৫ বৰ্ষক “কিতাপৰ বৰ্ষ” হিচাপে ঘোষণা কৰাৰ সন্দৰ্ভত এই অনুষ্ঠানত বিশেষ গুৰুত্ব প্ৰদান কৰা হয়। সাহিত্য চৰাৰ উদ্যোগত উপস্থিত সকলোলৈ অসমীয়া ভাষাৰ একোখনকৈ কিতাপ বিতৰণ কৰা হয়, যিয়ে ভাষাৰ প্ৰসাৰক অধিক শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰা হয়।

অনুষ্ঠানৰ অন্তিম পৰ্যায়ত অসমীয়া সাহিত্য চৰাৰ সম্পাদক নীলাদ্ৰী চক্ৰৱৰ্তীয়ে অতিথিসকলক ধন্যবাদ জনাই শলাগৰ শৰাই আগবঢ়ায়। উপস্থিত সাহিত্যিকসকলে অনুষ্ঠানটোক অসম-বাংলা সাহিত্যৰ মাজত এক নতুন সংযোগৰ পদক্ষেপ হিচাপে গণ্য কৰে আৰু আগন্তুক দিনত এনে ধৰণৰ সাহিত্যো সভা আয়োজনৰ ওপৰত গুৰুত্ব দিয়ে।
  • Related Posts

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    ভৱেশ কলিতা , আজাৰাঃ গুৱাহাটীত ৩ এপ্ৰিলত উপস্থিত হ’ল ক্ৰিকেটৰ প্ৰভু মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰৰ সৈতে পত্নী অঞ্জলি টেণ্ডুলকাৰ আৰু জীয়েক ছাৰা টেণ্ডুলকাৰ সহ তেওঁলোকৰ পৰিয়াল । কালি দুপৰীয়া মুম্বাইৰ…

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    মৃদুস্মিতা শৰ্মা ,ৰাইজৰ খবৰ ডিজিটেলঃ অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস গোলাঘাট জিলাত ২৯ আৰু ৩০ মাৰ্চ, ২০২৫ ত দুদিনীয়া কাৰ্য্যসূচীৰে ফলঙনিৰ সমাজ কল্যাণ সাংস্কৃতিক সংঘৰ প্ৰেক্ষাগৃহত…

    অন্যান্য বাতৰি

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান