লখিমপুৰৰ নকাড়ী গাঁৱৰ ১৪ জন লেখকৰ ১৫ খন বিভিন্ন গ্ৰন্থ উন্মোচন
মায়াশ্ৰী শৰ্মা, লখিমপুৰঃ সাহিত্য কাণ্ডাৰী পদ্মনাথ গোঁহাই বৰুৱাৰ ওপজা ঠাই লখিমপুৰৰ নকাড়ী গাওঁ। নকাড়ী যুৱ সমাজৰ প্ৰেক্ষাগৃহত ইংৰাজী ১৮ আগষ্টৰ দিনা নকাড়ী গাঁৱৰ চৈধ্য জন বিশিষ্ট লেখকৰ ১৫ খন ভিন্ন ধৰ্মী গ্ৰন্থ উন্মোচন কৰা হয়। নকাড়ী যুৱ সমাজ আৰু কল্পতৰু লেখিকা সমাৰোহ সমিতি, জোনালী প্ৰকাশন নকাড়ীৰৰ আন্তৰিক সহযোগিতাত এক ঐতিহাসিক ক্ষণৰ সাক্ষী হয় লখিমপুৰৰ বৌদ্ধিক সমাজ। গ্ৰন্থ প্ৰকাশ কৰি সমাজৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ কৰাৰ লগতে নতুন প্ৰজন্মক গ্ৰন্থ অধ্যয়ন প্ৰতি আকৰ্ষিত কৰিবলৈ নকাড়ীৰ গাঁৱৰ ৰাইজৰ এইয়া এক যুগজয়ী পদক্ষেপ বুলি বিবেচিত হৈছে। অসমীয়া সাহিত্যৰ ভৰাল সমৃদ্ধ কৰিবলৈ একেখন গাঁৱৰ লেখক সকলক একখন মঞ্চত একত্ৰিত কৰি ১৫ খনকৈ গ্ৰন্থ প্ৰকাশৰ এই প্ৰচেষ্টা অসমতে এক বিৰল বুলি বিবেচিত হৈছে।
নকাড়ী ৰংগ মঞ্চত আয়োজিত এই গ্ৰন্থ উন্মোচনী সভা খনৰ আতঁ ধৰে নকাড়ীৰ উদ্যোগী যুৱক স্বাস্থ্য কৰ্মী তথা কবি গল্পকাৰ পংকজ সভাপণ্ডিতে। গ্ৰন্থ উন্মোচনী সভা সঞ্চালনা কৰে লখিমপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নিত্যানন্দ সেনাপতিয়ে।বন্তি প্ৰজ্বলন কৰি আদৰণি ভাষণ দিয়ে নকাড়ী যুৱ সমাজৰ সভাপতি গগন চন্দ্র শইকীয়াই। কল্পতৰু শাখাৰ লেখিকা সমাৰোহ সমিতিৰ সমবেত সংগীতেৰে সভা খনৰ শুভাৰম্ভ কৰা হয়। এই সভাত ডাঃ অমৰেন্দ্ৰ গগৈৰ পথাৰত ককাইৰ উকি নামৰ গ্ৰন্থ খন উন্মোচন কৰে অসম মাধ্যমিক শিক্ষা সংসদৰ সচিব ৰূক্ম গোহাঁঞিবৰুৱাই। ক্ষীৰপ্ৰভা শইকীয়াৰ ভাৰতৰ স্বাধীনতা আন্দোলনত লখিমপুৰীয়া ৰাইজৰ অৱদান নামৰ গ্ৰন্থ খন উন্মোচন কৰে ড০ অমিয়া ৰাজবংশীয়ে। যুৱ লেখক পংকজ সভাপণ্ডিতৰ অণু কবিতাৰ সংকলন পংক্তি উন্মোচন কৰে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ লোহিত হাজৰিকাই। চিৰণজিৎ দত্ত ৰ চুটি গল্পৰ সংকলন কুহকিনী উন্মোচন কৰে শিক্ষাবিদ সাহিত্যিক ড০ মুকুন্দ ৰাজবংশীয়ে। ৰেখা ফুকনৰ ইতিহাসে সোৱৰা টাই আহোমৰ সাহিত্য সংস্কৃতি শীর্ষক গ্ৰন্থ খন উন্মোচন কৰে সাংবাদিক শৈলেন বৰুৱাই।
ৰেণুমনি গগৈৰ পূৰ্ণাংগ নাটক অলকানন্দা উন্মোচন কৰে ডাঃ শৈলেন বৰাই। তেওৰ আনখন গ্ৰন্থ কালধুমূহা উন্মোচন কৰে নিত্যানন্দ সেনাপতিয়ে। দীপাঞ্জলি দত্ত ৰ A comparative study major trends in assamese and oriya short story writing গ্ৰন্থ খন উন্মোচন কৰে ড০ হামিদুৰ ৰহমানে। ড০ দিগন্ত হাতীবৰুৱাৰ উপন্যাস ৰংটিলা উন্মোচন কৰে লখিমপুৰ জিলা সাহিত্য সভাৰ সভাপতি উমানন্দ বৰুৱাই। ড০ স্বপ্নালী গগৈৰ সময়ৰ সংশ্লেষ গ্ৰন্থ খন উন্মোচন কৰে লেখিকা সমাৰোহ সমিতিৰ সভানেত্রী জয়া সেনাপতিয়ে। স্বপ্না চেতিয়া গগৈৰ উত্তৰ লখিমপুৰ মহকুমাৰ নেপালী সমাজৰ কথিত অসমীয়া শীর্ষক গ্ৰন্থ খন উন্মোচন কৰে ধৰ্মেন্দ্ৰ উপাধ্যায়ে। সঞ্জীব উপাধ্যায়ৰ গীতা জ্ঞান ৰ দ্বিতীয় সংস্কৰণ খন উন্মোচন কৰে ড০ অৰবিন্দ ৰাজখোৱাই।অতুল শইকীয়াৰ মুক্ত কন্ঠৰ দ্বিতীয় সংস্কৰণ খন উন্মোচন কৰে সুৰেন্দ্ৰ নাথ হাজৰিকাই। জীৱন চন্দ্র ৰাজখোৱাৰ জীৱন সংগ্ৰামৰ এচোৱা গ্ৰন্থ খন উন্মোচন কৰে জিলা সাহিত্য সভাৰ সম্পাদক নৱ কমল বৰাই। ড০ ষড়ানন দেউৰীয়ে উন্মোচন কৰে ফনীধৰ দেউৰীৰ সাৰুৱা মনৰ কবিতাৰে অমৃতবাণী গ্ৰন্থ। এনেদৰে গ্ৰন্থৰ সুৱাসেৰে আমোলমোল হৈ পৰে নকাড়ী গাঁৱৰ আকাশ বতাহ। একেখন সভাতে এনেদৰে ১৫ খনকৈ গ্ৰন্থ উন্মোচন হোৱাৰ খবৰে সাহিত্যনুৰাগী সকলক উৎসাহিত কৰি তুলিছে। উল্লেখ্য মূল গ্ৰন্থ উন্মোচনী সভাৰ আৰম্ভণি তে সদ্য প্ৰয়াত শিল্পী চন্দ্র কমল গগৈ আৰু কল্পতৰু লেখিকা সমাৰোহ সমিতিৰ অন্যতম সদস্য ৰজ্ঞিতা দত্তৰ সোঁৱৰণত মৌন প্ৰাথনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।