ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত মৰিগাঁৱৰ জ্যেষ্ঠ সাংবাদিক নজৰুল ইছলামক সম্বৰ্ধনা

নিউজ ডেস্ক ৰিপ’ৰ্ট, ৰাইজৰ খবৰ ডিজিটেলঃ ১৬ নৱেম্বৰ৷ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সহযোগত জিলা প্ৰশাসনে অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি মৰিগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰা জ্যেষ্ঠ সাংবাদিক নজৰুল ইছলামক সম্বৰ্ধনা জনোৱা হয়৷

মায়ং অঞ্চলৰ বালিমুখ গাঁৱত জন্মগ্রহণ কৰি একাগ্রতা আৰু অধ্যবসায়ৰ জৰিয়তে সাংবাদিকতাৰ ক্ষেত্ৰখনত সুনাম অর্জন কৰিবলৈ সক্ষম হোৱা নজৰুল ইছলামে জাগীৰোড মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্রী অর্জন কৰে৷ পৰৱৰ্তী সময়ত তিনিচুকীয়াৰ জাৰ্ণেলিজম একাডেমীৰ পৰা সাংবাদিকতাৰ পাঠ্যক্রম সম্পূর্ণ কৰি সংবাদ ক্ষেত্ৰখনৰ লগত জড়িত হৈ পৰে। ২০০১ চনৰ পৰা আমাৰ অসম’, ‘অগ্রদূত’ আৰু ‘আজি’ কাকতত ঝাৰগাঁৱৰ পৰা সংবাদ সেৱা আগবঢ়াই অহা সাংবাদিক নজৰুল ইছলামে বিভিন্ন দুর্গম এলেকাৰ উন্নয়নৰ ক্ষেত্ৰত দৃঢ় ভূমিকা গ্রহণ কৰি আহিছে। মায়ঙৰ প্রতিনিধি হিচাপে ২০০১ চনৰ পৰাই অসমৰ আগশাৰীৰ বাতৰিকাকত ‘অসমীয়া প্রতিদিন’ৰ সৈতে সক্রিয়ভাবে জড়িত হৈ পৰৱৰ্তী সময়ত ২০১২ চনৰ পৰা প্ৰতিদিন গোষ্ঠীৰে ইলেক্ট্রনিক মাধ্যম ‘প্রতিদিন টাইম’ৰ সাংবাদিক হিচাপেও সংবাদ সেৱা আগবঢ়াই আহিছে সাংবাদিক ইছলামে।

আনহাতে, তেখেতে মৰিগাঁৱৰ পৰা প্রকাশিত সাপ্তাহিক বাতৰিকাকত ‘সাপ্তাহিক মৰিগাঁও’, ‘সাপ্তাহিক বৰঅসম’ আদি কাকততো নিয়মীয়াকৈ সংবাদসেৱা আগবঢ়োৱাৰ লগতে সময়োপযোগী লিখা-মেলাও কৰি আহিছে। এগৰাকী সমাজ সংগঠক, ক্রীড়া আৰু সাংস্কৃতিক কর্মী, ঘোষক, আবৃত্তিকাৰ আৰু ফুটবল খেলৰ ধাৰাভাষ্যকাৰ হিচাপেও জনমানসত পৰিচিত সাংবাদিক নজৰুল ইছলামক নিষ্ঠা আৰু সততাৰে সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ সেৱা আগবঢ়োৱাৰ বাবে মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মা আৰু ভাৰপ্ৰাপ্ত জিলা জনসংযোগ বিষয়া ড° সংগীতা বৰঠাকুৰৰ লগতে মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মা আৰু সম্পাদক জিতুমণি নাথ স্বাক্ষৰিত সম্বৰ্ধনা পত্ৰ প্ৰদান কৰা হয়৷

  • Related Posts

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    ভৱেশ কলিতা , আজাৰাঃ গুৱাহাটীত ৩ এপ্ৰিলত উপস্থিত হ’ল ক্ৰিকেটৰ প্ৰভু মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰৰ সৈতে পত্নী অঞ্জলি টেণ্ডুলকাৰ আৰু জীয়েক ছাৰা টেণ্ডুলকাৰ সহ তেওঁলোকৰ পৰিয়াল । কালি দুপৰীয়া মুম্বাইৰ…

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    মায়াশ্ৰী শৰ্মা, উত্তৰ লখিমপুৰঃ শিশু সকলৰ সৰ্বাংগীন বিকাশৰ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি সু লেখিকা মৃদুস্মিতা শৰ্মাৰ সম্পাদনাত প্ৰকাশিত হোৱা শিশু কিশোৰৰ আলোচনী “জোনাকী মেল”ৰ দ্বিতীয় সংখ্যাটি ৩১ মাৰ্চ ২০২৫…

    অন্যান্য বাতৰি

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান