অসম সাহিত্য সভা, মুম্বাই স্বৰ্ণ শাখাৰ দ্বিবাৰ্ষিক অধিবেশন অনুষ্ঠিত

মৃদুস্মিতা শৰ্মা , ৰাইজৰ খবৰ ডিজিটেলঃ যোৱা ৫ জানুৱাৰীত নৱী মুম্বাই শ্বাচীস্থিত অসম ভৱনত অসম সাহিত্য সভা, মুম্বাই স্বৰ্ণ শাখাৰ দ্বিবাৰ্ষিক অধিবেশনখন অনুষ্ঠিত হৈ যায়। “অ’মোৰ আপোনাৰ দেশে”ৰে আৰম্ভ কৰা সভাখনৰ পতাকা উত্তোলন কৰে বিদায়ী সভাপতি ৰুমা হাজৰিকাই। বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্ত্তিত বন্তি প্ৰজ্বলন সহ বীৰ স্বহীদ জনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে নৱ নিৰ্বাচিত সভাপতি হিৰণ ভূঞাই। সম্পাদক দীক্ষা পাঠক খাটনিয়াৰে মুম্বাই শাখাৰ যিসকল আজীৱন সদস্য পৰলোকগামী হৈছে তেখেত সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু সভাই এক মিনিট মৌনতা অৱলম্বন কৰে।
“চিৰচেনেহী মোৰ ভাষা জননী” গীতটীৰে মূল সভা আৰম্ভ কৰা হয়। গীত পৰিবেশন কৰে ৰূপলেখা বৰদলৈ, মৌচুমী দাস, প্ৰণামিকা দাস আৰু নিভা হাজৰিকাই। সভাত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে অসম গৌৰৱ ৰাজ্যিক আৰু আন্তৰ্জাতিক চলচিত্ৰ বঁটা বিজয়ী দেৱজিত চাংমাই। তেখেতৰ চমু, সাৰুৱা ভাষণে সকলোকে আপ্লুত কৰে। শিল্পী গৰাকীৰ পত্নী বৰ্নালী চাংমাইও উপস্থিত থাকে৷ অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ নৱ নিৰ্বাচিত উপ সভাপতি পদুম ৰাজখোৱাই এটি শুভেচ্ছা বাণীৰে মুম্বাইবাসীক ধন্য কৰে।ইফালে প্ৰতিষ্ঠাপক সভাপতি সুৰাইয়া জাহান, প্ৰাক্তন ভাৰপ্ৰাপ্ত সম্পাদক তথা অসম এছোচিয়েচন মুম্বাইৰ সম্পাদক দেৱব্ৰত চক্ৰৱৰ্তী, নৱ নিৰ্বাচিত আলোচনী সম্পাদক ইলোৰা ভাগৱতীৰ শুভেচ্ছা বাণীকেইটা সভাত পাঠ কৰি দিয়ে সভাপতি হিৰণ ভূঞাই। এই সভাতে পুৰণি সমিতিক বিদায় দি নৱ নিৰ্বাচিত কাৰ্য্যকৰী সমিতিক কাৰ্যভাৰ প্ৰদান কৰা হয়। সভাপতি পদত হিৰণ ভূঞা, উপ সভাপতি ডঃ মাধুৰী ফুকন কলিতা, সম্পাদক দীক্ষা পাঠক খাটনিয়াৰ, সহ সম্পাদক মৌচুমী দাস, কোষাধ্যক্ষ উজ্জ্বল দিপ্লু গগৈ, সাংস্কৃতিক সম্পাদক কৰবী আচৰ্য্য, সহ সাংস্কৃতিক সম্পাদক ৰূপলেখা বৰদলৈ, প্ৰচাৰ সম্পাদক গীতাঞ্জলি বৰ্মন ডেকা আৰু আলোচনীৰ সম্পাদক ইলোৰা ভাগৱতীক লৈ নতুন কাৰ্যকৰী সমিতিয়ে ২০২৫ – ২০২৭ চনলৈ কাৰ্যভাৰ গ্ৰহণ কৰে। বিদায়ী সভাপতি ৰুমা হাজৰিকাই তেখেতৰ ভাষণত এই জাতীয় অনুষ্ঠানটোৰ সন্মান অটুট ৰখাটো সদস্য সকলৰ কৰ্তব্য আৰু ভাষাটোক আন্তঃৰাষ্ট্ৰীয় মঞ্চতো প্ৰচাৰ আৰু প্ৰসাৰ কৰিবলৈ চেষ্টা কৰিব লাগে বুলি মন্তব্য আগবঢ়ায়। নৱ নিৰ্বাচিত সভাপতি হিৰণ ভূঞাই তেখেতৰ ভাষণত কয় যে, অসমৰ পৰা বহু দূৰত থাকিও জাতি আৰু মাতৃভাষাটোৰ প্ৰীতিৰ বাবে এই শাখাটোৰ জন্ম হৈছিল। প্ৰতিজন অসমীয়াই মাতৃ ভাষাৰ শুদ্ধ প্ৰয়োগ আৰু ব্যৱহাৰৰ প্ৰতি যত্নবান হ’বলৈ আৰু নৱ প্ৰজন্মক অসমীয়া ভাষাৰ প্ৰতি আগ্ৰহী কৰিবলৈ শিশু সাহিত্য সৃষ্টি কৰিবলৈ সদস্য সকলক আহ্বান কৰে। সভাত সদানন্দ গগৈ, অজিত হাজৰিকা, দীক্ষা পাঠক খাটনিয়াৰ আৰু কৰবী আচৰ্য্যৰ স্বৰচিত কবিতা পাঠে অনুষ্ঠানটি সজীৱ কৰি তোলে৷ আনহাতে গীতৰ শৰাই আগবঢ়াই মৌচুমী দাস, ৰূপলেখা বৰদলৈ আৰু মৃদুল শইকীয়াই। সভাত উপস্থিত থকা আজীৱন সদস্য সহ বিষয়ববীয়া — দেৱীকা বৰপূজাৰী, ডঃ মাধুৰী ফুকন কলিতা, বিনোদ শইকীয়া, উত্তম দাস, মিতালী ডেকা, প্ৰণামিকা দাস, পূৰবী চৌধুৰী, শ্বেহনাজ হুছেইনে আদিয়ে বক্তব্য আগবঢ়ায়। নিমন্ত্ৰিত অতিথি তথা শ্ৰীময়ী মহিলা মণ্ডল, মুম্বাইৰ সভাপতি চিনু বৰগোহাঁইয়ে নৱ নিৰ্বাচিত সমিতিলৈ শুভেচ্ছা জ্ঞাপন কৰে। তেখেতে এটি প্ৰাৰ্থনাৰে সভাক এক ভব্য পৰিবেশ সৃষ্টি কৰে। সভাতে পবিত্ৰা বৰঘৰীয়াৰ সম্পাদনাত স্মৃতি গ্ৰন্থ এখনি উন্মোচন কৰা হয়। বিশিষ্ট অতিথি দেৱজিত চাংমাইয়ে স্মৃতি গ্ৰন্থখন উন্মোচন কৰে। আজীৱন সদস্য তথা অসম এছোচিয়েচন মুম্বাইৰ সহঃ সম্পাদক বিষ্ণুপ্ৰসাদ ৰাভাৰ বাঁহীৰ সুৰত জাতীয় সংগীত “অ’ মোৰ আপোনাৰ দেশে”ৰে মুম্বাই সাহিত্য সভাৰ স্বৰ্ণ শাখাৰ বছৰেকীয়া অধিবেশনখনৰ সামৰণি পৰে৷

  • Related Posts

    মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

    দ্বিতীয় মাজুলী মহাবিদ্যালয় গ্ৰন্থমেলাত উখল মাখল মাজুলী মহাবিদ্যালয়ৰ বাকৰি মৃদুস্মিতা শৰ্মা ,ৰাইজৰ খবৰ ডিজিটেলঃ দ্বিতীয় মাজুলী মহাবিদ্যালয় গ্রন্থমেলাৰ লগত সংগতি ৰাখি ৮ এপ্ৰিলত পুৱা প্রাক-প্রাথমিকৰ পৰা পঞ্চম শ্রেণীলৈ দুটা শাখাত…

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    ১১ গৰাকী বিশিষ্ট ব্যক্তিক বঁটা প্রদান মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃ গুৱাহাটী প্ৰেছ ক্লাবত, ৮ এপ্ৰিল তাৰিখে গুৱাহাটীৰ বিশিষ্ট প্রকাশন গোষ্ঠী ‘স্বস্তিকা প্রিয়ম প্রকাশন’ৰ উদ্যোগত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ‘স্বদেশ…

    অন্যান্য বাতৰি

    জানি থওক ৰঙালী বিহুত পৰম্পৰাগতভাৱে খোৱা এশ এবিধ শাকৰ নাম

    জানি থওক ৰঙালী বিহুত পৰম্পৰাগতভাৱে খোৱা এশ এবিধ শাকৰ নাম

    মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

    মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ