নৱি মুম্বাইত কবি নীলিম কুমাৰ

মৃদুস্মিতা শৰ্মা,ৰাইজৰ খবৰ ডিজিটেলঃ যোৱা ১৩ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৬ বজাত নৱি মুম্বাইস্থিত ‘অসম ভৱন’ ত প্ৰতিষ্ঠিত কবি নীলিম কুমাৰৰ লগত ‘কবিতাৰ আড্ডা’ শীৰ্ষক এটট অনুষ্ঠান অনুষ্ঠিত হৈ যায়। উল্লেখ্য, তাৰ আগদিনা অৰ্থাৎ ১২ ফেব্ৰুৱাৰীৰ দিনা তেখেতক কুসুমাগজ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানীত কৰে যাৱন্ত ৰাও চমন, মহাৰাষ্ট্ৰ, মুক্ত বিশ্ববিদ্যালয়ে। সমগ্ৰ অসমৰ লগতে মুম্বাইত বসবাস কৰা কাব্যপ্ৰেমীয়ে গৌৰাম্বিত হৈ কবি গৰাকীক অভিনন্দন সহ সম্বৰ্ধনা জনাবলৈ ‘কবিতাৰ আড্ডা’ অনুষ্ঠানটো উদযাপন কৰে। আৰম্ভণিতে মুম্বাই সাহিত্য সভাৰ স্বৰ্ণ শাখাৰ সভাপতি হিৰণ ভূঞাই কবি গৰাকীক এখন ফুলাম গামোচা সহ স্বৰচিত গ্ৰন্থৰে সম্বৰ্ধনা জনাইছিলে। পৰিচালিকা মুম্বাই সাহিত্য সভাৰ স্বৰ্ণ শাখাৰ সহ সম্পাদক মৌচুমী দাসে কবি গৰাকীৰ কবিতা পাঠেৰে সভাৰ কাৰ্যসূচী আৰম্ভ কৰে। প্ৰিয় কবি গৰাকীৰ স’তে মত বিনিময়ৰ লগতে কবিতা পাঠ আৰু আবৃত্তিৰে জীপাল হৈ পৰে প্ৰায় দুঘন্টাজোৰা অনুষ্ঠানটি৷ ২০ জনৰো অধিক কাব্য প্ৰেমীয়ে কবি গৰাকীৰ ৰচিত কবিতা পাঠ কৰে। আনহাতে কবি গৰাকীৰ অনুৰোধত স্বৰচিত কবিতা পাঠ কৰে হিৰণ ভূঞা, ৰুমা হাজৰিকা, মৌচুমী দাস, সদানন্দ গগৈ, অজিত হাজৰিকা, ৰজনী বুঢ়াগোহাঁই, সোমেশ্বৰ বৰা আৰু জাহ্নৱী বৰুৱাই। কবি নীলিম কুমাৰেও কেইবাটাও স্বৰচিত কবিতা পাঠ কৰি উপস্থিত সকলোকে আপ্লুত কৰে। কবি নীলিম কুমাৰৰ কবিতাত প্ৰাণ প্ৰতিষ্ঠাৰ চেষ্টা কৰে কবি হিৰণ ভূঞা, সদানন্দ গগৈ, ডাঃ মাধুৰী ফুকন কলিতা, মৌচুমী দাস, জাহ্নৱী বৰুৱা, সুমন শৰ্মা, দেৱীকা বৰপূজাৰীয়ে। মত বিনিময় কৰে ত্ৰিনয়ন সন্দিকৈয়ে । কবিতাৰ অনুষ্ঠানটিত সাংস্কৃতিক সহ সম্পাদক ৰূপলেখা বৰদলৈ, অনিপ্ৰভা গগৈ আৰু মিচিকিয়ে গীত পৰিবেশন কৰে৷

  • Related Posts

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    মৃদুস্মিতা শৰ্মা ,ৰাইজৰ খবৰ ডিজিটেলঃ অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস গোলাঘাট জিলাত ২৯ আৰু ৩০ মাৰ্চ, ২০২৫ ত দুদিনীয়া কাৰ্য্যসূচীৰে ফলঙনিৰ সমাজ কল্যাণ সাংস্কৃতিক সংঘৰ প্ৰেক্ষাগৃহত…

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    মায়াশ্ৰী শৰ্মা, উত্তৰ লখিমপুৰঃ শিশু সকলৰ সৰ্বাংগীন বিকাশৰ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি সু লেখিকা মৃদুস্মিতা শৰ্মাৰ সম্পাদনাত প্ৰকাশিত হোৱা শিশু কিশোৰৰ আলোচনী “জোনাকী মেল”ৰ দ্বিতীয় সংখ্যাটি ৩১ মাৰ্চ ২০২৫…

    অন্যান্য বাতৰি

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান