মায়াশ্ৰী শৰ্মা, উত্তৰ লখিমপুৰঃ
সদৌ অসম কবি সন্মিলন উত্তৰ লখিমপুৰ শাখাৰ উদ্যোগত দেওবাৰে ৰঙাজানৰ চৰকাৰ জাতীয় বিদ্যালয়ত এখন কবি মেল অনুষ্ঠিত হয়। কবিতাক মানুহৰ প্ৰিয়তম সম্পদ হিচাপে গঢ়ি তোলা আৰু কবিতা নিৰ্মাণৰ শৈলীৰ লগত নতুন প্ৰজন্ম বিশেষকৈ ছাত্ৰ -ছাত্ৰীৰ পৰিচয় কৰাৰ উদ্দেশ্য আগত ৰাখি কবিমেল সদৌ অসম কবি সন্মিলনৰ উত্তৰ লখিমপুৰ শাখাই অনুষ্ঠিত কৰে।
সু-সাহিত্যিক তথা সদৌ অসম কবি সন্মিলনৰ আজীৱন সদস্য চন্দ্ৰ কান্ত বৰাই আঁত ধৰা অনুষ্ঠানটোত সভাপতিত্ব কৰে শিক্ষাবিদ সাহিত্যিক লক্ষী বৰাই। বিশিষ্ট শিক্ষাবিদ ড০ হামিদুৰ ৰহমানে কবি সন্মিলন উদ্ধোধন কৰে। সদৌ অসম কবি সন্মিলনৰ কেন্দ্রীয় প্ৰচাৰ সম্পাদক তথা উত্তৰ লখিমপুৰ শাখাৰ সম্পাদক কবি গল্পকাৰ পংকজ সভাপণ্ডিতে সভাৰ উদ্দেশ্য বাখ্যা এক মননশীল ভাষণেৰে ৰাইজৰ আগত দাঙি ধৰে।
চৰকাৰ জাতীয় বিদ্যালয়ৰ পৰিচালনা সঞ্চালক নিজাম উদ্দিন আহমেদে সদৌ অসম কবি সন্মিলনৰ কবিতাক জনমুখী কৰাৰ এইপদক্ষেপক ভূঁয়সী প্ৰশংসা কৰে। চৰকাৰ জাতীয় বিদ্যালয়ৰ ছাত্ৰী প্ৰদক্ষিণা হাজৰিকাই মাধৱ দেৱ বিৰচিত এটি বৰগীত পৰিবেশন কৰা মনোজ্ঞ কবি মেলৰ শুভাৰম্ভণি কৰে। চৰকাৰ জাতীয় বিদ্যালয়ৰ ছাত্ৰী নেহা আহমেদে চৰকাৰৰ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ চন্দ্ৰকান্ত বৰাই ৰচনা কৰা কবিতা “শিক্ষক” আবৃত্তি কৰি সকলোকে মন্ত্ৰমুগ্ধ কৰে। চৰকাৰ জাতীয় বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী পল্লিকা বৰা আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰী ভাৰ্গবী হাজৰিকাই পৰিবেশন কৰা নৃত্যই অনুষ্ঠানটোক এক অনন্য মাত্ৰা প্ৰদান কৰে। ত্ৰিশজন কবিৰ কবিতাৰে জীপাল হোৱা অনুষ্ঠানটোত কবিতাৰ পৰ্যালোচক হিচাপে উপস্থিত আছিল অসমৰ এগৰাকী বিশিষ্ট কবি তথা চিত্ৰ আৰু ভাস্কৰ্য্য শিল্পী দিলীপ গগৈ।
কবিতা পাঠৰ শেষত দিলীপ গগৈয়ে প্ৰত্যেকজন কবিৰ কবিতাৰ এক নিৰ্মোহ বিশ্লেষণ আগবঢ়াই অনুষ্ঠানটোৰ গাম্ভীয্যপূৰ্ণ আৰু আকৰ্ষণীয় কৰি তোলে। অনুষ্ঠানত কবিতা পাঠ কৰা কবি সকল হ’ল — ত্ৰিৰঞ্জন টাইড, দিলীপ গগৈ, পংকজ সভাপণ্ডিত, দিগন্ত ডেকা, লাৱণ্য ৰানু ফুকন, ড০ সৌৰভ বৰুৱা, চন্দ্ৰ কান্ত বৰা, ৰিণি বৰা শইকীয়া, হেমন্ত ৰাজবংশী, লক্ষী বৰা, ৰাণাদ্বীপ কৌশিক, লক্ষী প্ৰসাদ দাস, ৰসেশ্বৰ হাজৰিকা, শিক্ষক বোধেন হাজৰিকা, শিক্ষক জয়ন্ত কাকতি, প্ৰসেনজিৎ শইকীয়াকে আদি কৰি কেইবাজনো নবীন-প্ৰবীণ কবিয়ে। সু গায়িকা তথা এসময়ৰ নৰ্থ লখিমপুৰ কলেজৰ শ্ৰেষ্ঠ গায়িকাৰ সন্মান লাভ কৰা বিজয়া তামুলী গগৈয়ে পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত পৰিবেশন কৰি সকলোকে আপ্লুত কৰে। কবি পংকজ সভাপণ্ডিতে তেওঁৰ শেহতীয়া কাব্য গ্ৰন্থ “পংক্তি” উপস্থিত কবি সকলক প্ৰদান কৰে। সাংবাদিক ৰাহানুদ্দিন আহমেদ, আৰু চৰকাৰৰ জাতীয় বিদ্যালয়ৰ শিক্ষক–শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিয়ে কবিতাৰ অনুষ্ঠানটোক জীপাল কৰি তোলে। শেষত কাব্য মন্ত্ৰৰ পাঠেৰে অনুষ্ঠানৰ সফল সমাপ্তি হয়।