অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ নুমলীগড় শাখা সমিতি গঠন

বিতোপন মাজি, ৰাইজৰ খবৰ ডিজিটেলঃ নুমলীগড়ত পুনৰ গঠন কৰা হয় অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ নুমলীগড় শাখা সমিতি৷ ১৪ ছেপ্তেম্বৰ তাৰিখে নুমলীগড় বাগিছা সংঘৰ পুঁথিভৰাঁল প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত জ্যেষ্ঠ চিত্ৰশিল্পী তথা সমাজকৰ্মী বিজয় তাঁতীক সভাপতি আৰু অনুৰাধা তাঁতীক সম্পাদক হিচাপে লৈ ৩১ জনীয়া পূৰ্ণাংগ সমিতি গঠন কৰা হয়৷

নুমলীগড় বাগিছা সংঘৰ সভাপতি নাথু দুচাদৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা কৰে সভাৰ নুমলীগড় শাখাৰ পূৰ্বৰ সভাপতি নবীন দাসে৷ উদ্দেশ্য ব্যাখ্যাত তেখেতে নুমলীগড় শাখা সমিতি পুনৰ গঠনৰ বাবেই এই সভাৰ আয়োজন কৰা হৈছে বুলি কয়৷ উদ্দেশ্য ব্যাখ্যাৰ পূৰ্বে চিনাকি পৰ্ব আৰু অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ প্ৰয়াত কোষাধ্যক্ষ গুণীন চন্দ্ৰ দাসদেৱক শ্ৰদ্ধাঞ্জলি জনাই ১ মিনিট মৌন প্ৰাৰ্থনা কৰা হয়৷ ইয়াৰ পিছত আলোচনা আগবঢ়াই কেন্দ্ৰীয় সমিতিৰ  কোষাধ্যক্ষ হৰিবোলা কালিন্দীয়ে কয় যে, তৃণমূল পৰ্যায়ত কাম কৰিবৰ বাবে আমাক শাখাৰ প্ৰয়োজন৷ গতিকে সাংবিধানিক নিয়ম অনুসৰি নুমলীগড় শাখাটি পুনৰ গঠন হওক আৰু লক্ষ্য-উদ্দেশ্যৰ দিশে আগবাঢ়ি যাওক৷

ইয়াৰ পিছতে সাহিত্য সভাৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক পংকজ কালিন্দীয়ে আলোচনা আগবঢ়াই কয় কি দৰে অসম চাহ জনগোষ্ঠী সাহিত্য সভাই বিভিন্ন ক্ষেত্ৰত কাম-কাজ ৰূপায়ণ কৰিছে৷ তদুপৰি, নুমলীগড় শাখা সমিতি গঠনেৰে পৰৱৰ্তী সময়ত নুমলীগড়ৰ ঐতিহ্য অটুট ৰখাকৈ কাম কৰি যাওক বুলি মন্তব্য আগবঢ়ায়৷ ইয়াৰ পিছতে সাহিত্য সভাৰ গোলাঘাট জিলা সমিতিৰ সম্পাদক সোণেশ্বৰ বাঢ়ৈয়ে আলোচনা আগবঢ়াই সাহিত্য সভাৰ সংবিধান সন্দৰ্ভত কয়৷ তদুপৰি, কেনেদৰে শাখাৰ কাম-কাজ চলাই যাব লাগিব সেই সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায়৷ সভাতে গঠন হোৱা নতুন সমিতিক কেন্দ্ৰীয় আৰু জিলা সমিতিৰ বিষয়-ববীয়াই শপত বাক্য পাঠ কৰোৱায়৷

ইফালে নতুন সমিতিক শুভেচ্ছা জনাই কাজিৰঙা শাখাৰ সম্পাদক তথা সাংবাদিক বিতোপন মাজি, বোকাখাত শাখাৰ সম্পাদক ভৰত ৰবিদাস, আটছা বোকাখাত শাখাৰ সভাপতি সুৰজিৎ পাইক, বিবেক ৰাজোৱাৰ আদিয়ে বক্তব্য ৰাখে৷ সভাত জ্যেষ্ঠ সাংবাদিক মহেশ্বৰ ৰবিদাস, বোকাখাত শাখাৰ সভাপতি ৰাজু ৰাজোৱাৰ, ঘনকান্ত কুৰ্মী, বিষ্ণু তাঁতী, দূৰ্গেশ্বৰ লোহাৰ, গোমন তাঁতী, স্থানীয় যুৱক-যুৱতী, ছাত্ৰ-ছাত্ৰীকে আদিকে ধৰি অৰ্ধ শতাধিক লোক উপস্থিত থাকে৷

  • Related Posts

    অসম গণ পৰিষদৰ কলিয়াবৰ বিধানসভা সমষ্টি সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক, বৰ্তমানৰ উপ-সভাপতি ভূপেন বৰদলৈৰ অকাল বিয়োগ

    ৰিদিপ শৰ্মা, কলিয়াবৰঃ অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ সময়ছোৱাত কলিয়াবৰত সন্মুখৰ পৰা নেতৃত্ব দিয়া, অসম গণ পৰিষদৰ কলিয়াবৰ বিধানসভা সমষ্টি সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক, বৰ্তমানৰ উপ-সভাপতি ভূপেন বৰদলৈৰ অকাল বিয়োগ। কলিয়াবৰ…

    বিশিষ্ট কণ্ঠশিল্পী ড° অণিমা চৌধুৰীলৈ লিলি দেৱী সোঁৱৰণী সাহিত্য সংস্কৃতি বঁটা

    মৃদুস্মিতা শৰ্মা ,ৰাইজৰ খবৰ ডিজিটেলঃ যশস্বী কণ্ঠশিল্পী ড° অণিমা চৌধুৰলৈ আগবঢ়োৱা হয় লিলি দেৱী সোঁৱৰণী সাহিত্য-সংস্কৃতি বঁটা। মংগলবাৰে গুৱাহাটীত সংগীতাচাৰ্য লক্ষীৰাম বৰুৱা সদনত আয়োজিত বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে…

    অন্যান্য বাতৰি

    অসম গণ পৰিষদৰ কলিয়াবৰ বিধানসভা সমষ্টি সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক, বৰ্তমানৰ উপ-সভাপতি ভূপেন বৰদলৈৰ অকাল বিয়োগ

    অসম গণ পৰিষদৰ কলিয়াবৰ বিধানসভা সমষ্টি সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক, বৰ্তমানৰ উপ-সভাপতি ভূপেন বৰদলৈৰ অকাল বিয়োগ

    বিশিষ্ট কণ্ঠশিল্পী ড° অণিমা চৌধুৰীলৈ লিলি দেৱী সোঁৱৰণী সাহিত্য সংস্কৃতি বঁটা

    বিশিষ্ট কণ্ঠশিল্পী ড° অণিমা চৌধুৰীলৈ লিলি দেৱী সোঁৱৰণী সাহিত্য সংস্কৃতি বঁটা

    অসম সাহিত্য সভা, মুম্বাই স্বৰ্ণ শাখাৰ দ্বিবাৰ্ষিক অধিবেশন অনুষ্ঠিত

    অসম সাহিত্য সভা, মুম্বাই স্বৰ্ণ শাখাৰ দ্বিবাৰ্ষিক অধিবেশন অনুষ্ঠিত

    অসমৰ চলচ্চিত্ৰ জগতৰ বিশিষ্ট অভিনেত্ৰী জ্ঞানদা কাকতিৰ দেহাৱসান

    অসমৰ চলচ্চিত্ৰ জগতৰ বিশিষ্ট অভিনেত্ৰী জ্ঞানদা কাকতিৰ দেহাৱসান