সাংবাদিকক আৰক্ষীৰ দুৰ্ব্যৱহাৰ
আৰক্ষী চকীৰ সন্মুখত সাংবাদিকৰ প্ৰতিবাদ
নিউজ ডেস্ক ৰিপ’ৰ্ট, ৰাইজৰ খবৰ ডিজিটেলঃ কাজিৰঙাত এগৰাকী সাংবাদিকক আৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰাৰ প্ৰতিবাদত আজি বিয়লি বিভিন্ন দল-সংগঠনৰ সহযোগত প্ৰতিবাদত বহে সাংবাদিকসকলে৷ কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ উদ্যোগত কহঁৰা আৰক্ষী চকীৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন দল-সংগঠনে৷ উল্লেখ্য যে আজি বিয়লি প্ৰতিদিন টাইমৰ কাজিৰঙাৰ সাংবাদিক মনোজ প্ৰতিম শইকীয়া আৰু পীয়ূষ দাস নামৰ আন এজন সংবাদকৰ্মীৰ স’তে বাতৰি সংক্ৰান্তত কাজিৰঙাৰ ম’হপৰালৈ গৈ আছিল৷ তেনেতে কহঁৰা আৰক্ষী চকীৰ অধীনত আজিৰে পৰা নিয়োজিত কমাণ্ডো বাহিনীয়ে সংবাদকৰ্মীদ্বয়ৰ স’তে অভব্য আচৰণ কৰে৷ লগে লগে সমগ্ৰ বিষয়টো কাজিৰঙাৰ সাংবাদিকসকলে কহঁৰা আৰক্ষীক অৱগত কৰে৷ পৰৱৰ্তী সময়ত বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া অতুল কুমাৰক অৱগত কৰে৷ কিন্তু, আৰক্ষী বিষয়াগৰাকীয়ে সমগ্ৰ বিষয়টো সন্দৰ্ভত উদাসীনতা প্ৰকাশ কৰাত খৰ্গহস্ত হৈ পৰে সাংবাদিকসকল৷ লগে লগে কহঁৰা আৰক্ষী চকীৰ সন্মুখত সাংবাদিকসকল অৱস্থান ধৰ্মঘটত বহে৷ সংবাদকৰ্মীসকলক সহযোগ কৰে আটছা, আছু, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আদিকে ধৰি বিভিন্ন দল-সংগঠনে৷ প্ৰায় এঘণ্টা সময় প্ৰতিবাদ কৰাৰ পাছত গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰাজেন সিং প্ৰতিবাদস্থলীত উপস্থিত হৈ বিষয়টো তদন্ত কৰি ২৪ ঘণ্টাৰ ভিতৰত ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে ৷ অধীক্ষকৰ আশ্বাসৰ পাছত প্ৰতিবাদী কাৰ্যসূচী স্থগিত ৰখা হয়৷