
সৰুপথাৰত সম্পন্ন প্ৰতিষ্ঠা দিৱস
নিউজ ডেস্ক ৰিপ’ৰ্ট, ৰাইজৰ খবৰ ডিজিটেলঃ দিনজোৰা কাৰ্যসূচীৰে সম্পন্ন হ’ল সংবাদ পত্ৰ জননী বাৰ্তাৰ ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱস৷ ২০ ফেব্ৰুৱাৰীত সৰুপথাৰত অনুষ্ঠিত কাকতখনৰ এই প্ৰতিষ্ঠা দিৱস উপলক্ষে চাহ জনগোষ্ঠীয় – আদিবাসী ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এক মত বিনিময় অনুষ্ঠান আৰু এক গাম্ভীৰ্যপূৰ্ণ মুকলি সভা অনুষ্ঠিত হয়৷ জননী বাৰ্তাৰ প্ৰতিষ্ঠাপক মুখ্য সম্পাদক মাখন লাল বাঢ়ৈ উপস্থিত থকা অনুষ্ঠানত কেবাটাও বঁটা প্ৰদান কৰা হয়৷ পুৱাৰ ভাগত বন্তি প্ৰজ্বলন আৰু পতাকা উত্তোলন কৰাৰ পাছতে উদযাপন সমিতিৰ সম্পাদক প্ৰাঞ্জল কাঁৱাৰে আঁত ধৰা অনুষ্ঠানত কাকতৰ মুখ্য সম্পাদক মাখন লাল বাঢ়ৈয়ে কাকতখনৰ জন্মলগ্নৰে পৰা ৩০ বৰ্ষীয় পৰিক্ৰমা সন্দৰ্ভত চমু আলোকপাত কৰে৷ ইয়াৰ পাছতে সাংবাদিক সোণেশ্বৰ বাঢ়ৈ আৰু বিতোপন মাজিৰ পৰিচালনাত মহাবিদ্যালয় পৰ্যায়ৰ আদিবাসী, চাহ জনগোষ্ঠীয় ছাত্ৰ-ছাত্ৰীৰ মাজত “আদিবাসী চাহ জনগোষ্ঠী সমাজত সংবাদ পত্ৰ, সংবাদ মাধ্যম আৰু সাংবাদিকতাৰ প্ৰয়োজনীয়তা আৰু নৱ প্ৰজন্মৰ ভূমিকা” শীৰ্ষক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়।

ইফালে, বিশিষ্ট শিক্ষাবিদ, সাংবাদিক সোণাৰাম ভৰালীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে আসন গ্ৰহণ কৰা অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জগদীশ বৰাইকে জননী বাৰ্তাৰ ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে প্ৰকাশ কৰা কাকতখনৰ বিশেষ সংখ্যাটো আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে। গোলাঘাট জিলাৰ খুমটাইৰ বাগিছাৰ পৰা ১৯৯৫ চনৰ পৰা ধাৰাবাহিক ভাৱে প্ৰকাশ পাই অহা জননী বাৰ্তাৰ সন্দৰ্ভত ভাষণ প্ৰসংগত বৰাইকে কয় যে, “জননী বাৰ্তা জাতিটোৰ দাপোন। আমি জাতিটোৰ বাবে কৰা কৰা ৰাজপথৰ আন্দোলনতকৈ গোলাঘাট জিলাৰ খুমটাইৰ দৰে এখন সৰু চাহ বাগিছাৰ পৰা জননী বাৰ্তা নামৰ কাকতখনৰ জৰিয়তে কাকতখনৰ মুখ্য সম্পাদক মাখনলাল বাঢ়ৈ আৰু তেওঁৰ পুত্ৰ সোণেশ্বৰ বাঢ়ৈয়ে আমাৰ জাতিটোক শৈক্ষিক, সামাজিক সাংস্কৃতিকভাৱে সচেতন কৰিবৰ বাবে যোৱা ৩০ বছৰে কৰা অহোপুৰুষাৰ্থকতা আমি ৰাজপথত কৰা আন্দোলনতকৈ এই সংগ্ৰাম বহু ওপৰত।” সমান্তৰালকৈ বৰাইকে যোৱা ৩০ বছৰে নিৰৱচ্ছিন্ন ভাৱে প্ৰকাশ পাই অহা ভাৰত চৰকাৰৰ স্বীকৃতি প্ৰাপ্ত (RNI) জননী বাৰ্তাক আজিকোপতি অসম চৰকাৰ তথ্য জনসংযোগ বিভাগে স্বীকৃতি নিদিয়াত গভীৰ আক্ষেপ কৰি এই সন্দৰ্ভত আটছাই শীঘ্ৰেই অসম চৰকাৰৰ জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকাৰ লগত যোগাযোগ কৰি কাকতখনৰ পঞ্জীয়নৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব বুলিও ভাষণ প্ৰসংগত উল্লেখ কৰে।

অসমীয়া প্ৰতিদিনৰ স্থানীয় সাংবাদিক দ্বীপেন কুমাৰ বৰাই উদ্বোধন কৰা মুকলি সভাখনিৰ উদ্দেশ্য ব্যাখ্যা কৰে জননী বাৰ্তাৰ মুখ্য সম্পাদক মাখনলাল বাঢ়ৈয়ে। উদযাপন সমিতিৰ সভাপতি ৰাজেশ্বৰ কুৰ্মীয়ে আদৰণি ভাষণ প্ৰদান কৰা সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়াই গোলাঘাট জিলা সাংবাদিক সংস্থাৰ সভাপতি গিৰীণ বৰাই। চাহ বাগিচা অঞ্চলৰ পৰা প্ৰকাশিত একমাত্ৰ সংবাদ পত্ৰখনৰ ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱসত সৰ্বভাৰতীয় ক্ষুদ্ৰ বাতৰি কাকত সংস্থাৰ ৰাষ্ট্ৰীয় সভাপতি পণ্ডিত সঞ্জীৱ নাৰায়ণ দাস, অসম চাহ মজদুৰ সংঘৰ গোলাঘাট শাখাৰ সম্পাদক ঘনশ্যাম বাঢ়ৈ, অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ গোলাঘাট জিলা সমিতিৰ প্ৰাক্তন সভাপতি বৰ্তমানৰ কেন্দ্ৰীয় সমিতিৰ কোষাধ্যক্ষ হৰিবোলা কালিন্দী, সহকাৰী সম্পাদক পংকজ কালিন্দী, বোকাখাত শাখাৰ সভাপতি ৰাজু ৰাজোৱাৰ, সম্পাদক ভৰত ৰবিদাস, কাজিৰঙা শাখাৰ সম্পাদক বিতোপন মাজি, নুমলীগড় শাখাৰ সভাপতি বিজয় তাঁতী, উপ সভাপতি বিষ্ণু তাঁতী, বিশিষ্ট সমাজ কৰ্মী জীৱন চুতীয়া, ডিমা হাচাও জিলাৰ অৱসৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালক ডা° পৱন কুমাৰ গঞ্জু, সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহ শিক্ষয়িত্ৰী প্ৰমীলা ঘাটোৱাৰ গঞ্জু, অৱসৰপ্ৰাপ্ত শিক্ষক অতুল চন্দ্ৰ উৰাং, আটছা, আটুৱাৰ সৰুপথাৰ, বৰপথাৰ শাখাৰ বিষয়ববীয়া, আটছাৰ সৰুপথাৰ শাখাৰ উপদেষ্টা মিলন ৰাজপুতকে আদি কৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অনুষ্ঠানটিত অংশগ্ৰহণ কৰে।

কণমানি শিশু শিল্পী নিহাৰিকা গঞ্জুৱে সুললিত কন্ঠৰে জীপাল হোৱা মুকলি সভাৰ শেষত জননী বাৰ্তাৰ ৩০ বছৰীয়া পৰিক্ৰমাৰ এটি চমু খতিয়ান তথ্য চিত্ৰৰ জৰিয়তে দাঙি ধৰে কাকত খনৰ সম্পাদক সোণোশ্বৰ বাঢ়ৈয়ে। তেখেতে অতি কষ্টেৰে কাকতখন জীয়াই ৰখাৰ কথা উল্লেখ কৰি আগন্তুক দিনত সকলোকে সহায়-সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। আনহাতে, এইবাৰ প্ৰতিষ্ঠা দিৱসত কাকতখনৰ সৈতে অধ্যাপিকা গায়ত্ৰী দেৱী, অধ্যাপক ড° তাপস বৰুৱা, আন এগৰাকী অধ্যাপক সুমিত শৰ্মা আৰু বিশিষ্ট সমাজ কৰ্মী গুদু বৰ্মা আজীৱন সভ্য হিচাপে অন্তৰ্ভুক্ত হোৱাৰ কথা উল্লেখ কৰি বাঢ়ৈয়ে কয় চাহ বাগিছাৰ আভ্যন্তৰীণ দিশসমূহৰ অপ্ৰকাশিত খবৰ জানিবলৈ হ’লে বাগিছাতে সাংবাদিক সৃষ্টি কৰিব লাগিব। জননী বাৰ্তাই অসমৰ প্ৰত্যেকখন চাহ বাগিছাতে সম্পূৰ্ণ প্ৰশিক্ষণৰ দ্বাৰা একোজন সাংবাদিক সৃষ্টি কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। বৰ্তমান গোলাঘাট জিলাত প্ৰায় ১৬ গৰাকী সাংবাদিক সৃষ্টি কৰি বাগিছাৰ খবৰ সমূহ প্ৰচাৰ কৰি আহিছে বুলিও বাঢ়ৈ জানিব দিয়ে৷ ইফালে মুকলি সভাতে সৰুপথাৰৰ দুগৰাকী ব্যক্তিক ২০২৫ বৰ্ষৰ জননী বাৰ্তা বঁটা প্ৰদান কৰা হয়৷ শ্ৰেষ্ঠ যুৱ সমাজ কৰ্মী বটা ননীৰাম তাঁতী, বিশিষ্ট সমাজ কৰ্মী আৰু শ্ৰেষ্ঠ বয়োজ্যোষ্ঠ সমাজকৰ্মী বঁটা শালেগ্ৰাম তাঁতীয়ে লাভ কৰে।