শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

মুকুল ফুকন, শিৱসাগৰঃ ঐতিহাসিক শিৱসাগৰ নগৰৰ পিয়লি ফুকন ষ্টেডিয়ামত দেওবাৰে দহ সহস্ৰাধিক দিহা নামৰ শিল্পীয়ে তিনি মাহ জোৰা নেৰানেপেৰা প্ৰচেষ্টা অন্তত পৰিৱেশন কৰিলে দিহানাম। শিৱসাগৰ যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত হোৱা বহু আকাংক্ষিত বহু প্ৰতীক্ষিত এই বৃহৎ অনুষ্ঠানটি উদ্বোধন কৰে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱগোস্বামীয়ে। ইয়াৰ পূৰ্বে সত্ৰাধিকাৰ গৰাকীক বায়নে গায়নে মঞ্চলৈ আদৰি আনি সম্বৰ্ধনা জনোৱা হয়।

অনুষ্ঠানত বিশিষ্ট ব্যক্তি অতিথি ৰূপে উপস্থিত থাকে স্থানীয় বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। উপস্থিত সকলো শ্ৰোতা দৰ্শকৰ অপেক্ষা উৎকণ্ঠাৰ ওৰ পেলাই অৱশেষত অসম বুক অব ৰেকৰ্ডছৰ প্ৰতিনিধিয়ে যেতিয়া দহ পৰা একলৈ ওলোটাকৈ গণনা কৰি অন্ত পৰা মাত্ৰকে বাজি উঠিল নাগাৰা, খোলৰ শব্দ। মুহূৰ্তততে ৰজনজনাই উঠিল পিয়লি ফুকন ষ্টেডিয়াম৷ দিহানামেৰে মুখৰিত হ’ল শিৱসাগৰৰ আকাশ -বতাহ। অসমৰ উজনি পৰা নামনিলৈ শদিয়া পৰা ধুবুৰীলৈ দিহানামৰ শিল্পীয়ে ভাগ লোৱা এই অনুষ্ঠানতে বিশিষ্ট দিহানামৰ শিল্পী নিৰ্মলা দাসক ‘তেজস্বীনী’, স্নিগ্ধা বৰাক ‘কণ্ঠজ্যোতি’ আৰু সঙ্গীতা বৰাক ‘কণ্ঠ গৌৰৱ’ সন্মানেৰে বিভুষিত কৰা হয়। এই সমগ্ৰ অনুষ্ঠানটিৰ মুখ্য ব্যৱস্থাপক হিচাপে আছিল যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ সভানেত্ৰী নিৰ্মলা দাস।

  • Related Posts

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    ভৱেশ কলিতা , আজাৰাঃ গুৱাহাটীত ৩ এপ্ৰিলত উপস্থিত হ’ল ক্ৰিকেটৰ প্ৰভু মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰৰ সৈতে পত্নী অঞ্জলি টেণ্ডুলকাৰ আৰু জীয়েক ছাৰা টেণ্ডুলকাৰ সহ তেওঁলোকৰ পৰিয়াল । কালি দুপৰীয়া মুম্বাইৰ…

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    মায়াশ্ৰী শৰ্মা, উত্তৰ লখিমপুৰঃ শিশু সকলৰ সৰ্বাংগীন বিকাশৰ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি সু লেখিকা মৃদুস্মিতা শৰ্মাৰ সম্পাদনাত প্ৰকাশিত হোৱা শিশু কিশোৰৰ আলোচনী “জোনাকী মেল”ৰ দ্বিতীয় সংখ্যাটি ৩১ মাৰ্চ ২০২৫…

    অন্যান্য বাতৰি

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান