সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

প্ৰচাৰ বিভাগ, সদৌ অসম কবি সন্মিলনঃ অহা ২৭, ২৮ আৰু ২৯ ডিচেম্বৰ, ২০২৪ তাৰিখৰ পৰা শিৱসাগৰ ছোৱালী কলেজৰ প্ৰাংগনত শিৱসাগৰ জিলা কবি সন্মিলন আৰু শিৱসাগৰ কবি চক্ৰৰ উদ্যোগত তথা শিৱসাগৰ জিলা কবি সন্মিলনৰ শাখাসমূহ আৰু শিৱসাগৰ জিলাবাসীৰ সহযোগত ৰামধেনু যুগৰ কবি বেণু চিৰিং সোঁৱৰণী কাব্যক্ষেত্ৰত তিনিদিনীয়াকৈ  অনুষ্ঠিত হ’বলগীয়া সদৌ অসম কবি সন্মিলৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনৰ তৃতীয় তথা অন্তিম দিনাৰ মুকলি সভাত অসমৰ কাব্য আৰু সাহিত্যৰ পথাৰলৈ অনন্য অৱদান আগবঢ়োৱা বিশিষ্ট কবি-সাহিত্যিকসকলক তেখেতসকলৰ জীৱনজোৰা সাধনাৰ বাবে সদৌ অসম কবি সন্মিলনে প্ৰদান কৰিব লগা বিভিন্ন সন্মান আৰু বঁটাসমূহৰ প্ৰাপকসকলৰ নাম ঘোষণা কৰিছে।

সেই অনুসৰি প্ৰথিতযশা সাহিত্য সমালোচক প্ৰভাত বৰাক ‘সাহিত্য ভাস্কৰ’, প্ৰথিতযশা কবি জ্ঞান পূজাৰীক ‘কাব্যৰত্ন’, বিশিষ্ট কবি ছাৰ এৎ হাঞ্চেক ‘কবিপ্ৰাণ’, বিশিষ্ট কবি শ্বৰিফা খাতুন চৌধুৰীক ‘কাব্য মহীয়সী’, বিশিষ্ট কবি গংগামোহন মিলিক ‘ড° কুতুবুদ্দিন আহমেদ সোঁৱৰণী বঁটা’, বিশিষ্ট কবি তথা কাব্য সংগঠক প্ৰয়াত অজিত কুমাৰ বৰদলৈক(মৰনোত্তৰভাৱে) ‘থানেশ্বৰ গোস্বামী কাব্য বঁটা’ বঁটা’ প্ৰদান কৰিব । ইয়াৰ উপৰিও ‘পৃথিৱীৰ কবি ৰাম গগৈ’ বঁটাকে ধৰি সন্মিলনৰ বিশেষ বঁটা আৰু সম্বৰ্ধনাসমূহ প্ৰদান কৰা হ’ব বুলি সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক চৈয়দ পাৰভিজ হুচেইন আৰু প্ৰচাৰ সম্পাদকদ্বয় হেমন্ত ভাৰতী আৰু পংকজ সভাপণ্ডিতে জানিব দিছে।

  • Related Posts

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    ভৱেশ কলিতা , আজাৰাঃ গুৱাহাটীত ৩ এপ্ৰিলত উপস্থিত হ’ল ক্ৰিকেটৰ প্ৰভু মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰৰ সৈতে পত্নী অঞ্জলি টেণ্ডুলকাৰ আৰু জীয়েক ছাৰা টেণ্ডুলকাৰ সহ তেওঁলোকৰ পৰিয়াল । কালি দুপৰীয়া মুম্বাইৰ…

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    মৃদুস্মিতা শৰ্মা ,ৰাইজৰ খবৰ ডিজিটেলঃ অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস গোলাঘাট জিলাত ২৯ আৰু ৩০ মাৰ্চ, ২০২৫ ত দুদিনীয়া কাৰ্য্যসূচীৰে ফলঙনিৰ সমাজ কল্যাণ সাংস্কৃতিক সংঘৰ প্ৰেক্ষাগৃহত…

    অন্যান্য বাতৰি

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান