সৰ্ব্বাইবন্ধা পূজা মন্দিৰৰ মাহেকীয়া প্ৰাচীৰ পত্ৰিকা উন্মোচন

মৃদুস্মিতা শৰ্মা ,ৰাইজৰ খবৰ ডিজিটেলঃ শতবৰ্ষ গৰকা যোৰহাটৰ সৰ্ব্বাইবন্ধা পূজা মন্দিৰৰ মাহেকীয়া প্ৰাচীৰ পত্ৰিকাই এইমাহত দ্বিতীয় বছৰৰ দশম সংখ্যাত ভৰি দিছেহি।যোৱা ৬ ডিচেম্বৰ সন্ধিয়া ৭ বজাত মন্দিৰৰ বৈঠক ঘৰত নবেম্বৰ মাহৰ প্ৰাচীৰ পত্ৰিকা খনি আনুষ্ঠানিকভাৱে উন্মোচন কৰে অসমৰ এগৰাকী বিশিষ্ট সাংবাদিক দৈনিক জনমভূমিৰ ষ্টাফ ৰিপৰ্টাৰ ,সু নিবন্ধকাৰ তথা যোৰহাট প্ৰেছক্লাবৰ কাৰ্যকৰী সভাপতি অনন্ত নাৰায়ন বৰঠাকুৰদেৱে ৷

উন্মোচনী ভাষণত বৰঠাকুৰে সৰ্ব্বাইবন্ধা পূজামন্দিৰে পূজা পতাৰ উপৰিও সমাজৰ অন্যদিশতো চকু ৰাখি মাহে মাহে এখনি প্ৰাচীৰ পত্ৰিকা উলিয়াই অসমীয়া সাহিত্য জগতলৈ অলপ হলেও বৰঙণি আগবঢ়োৱাৰ কথা উল্লেখ কৰে।লগতে বৰ্তমান সময়ত বহুসংক্ষক ছাত্ৰ-ছাত্ৰী আৰু কণকণ মইনা সকলে মবাইলতে ব্যস্ত থাকি আপুৰুগীয়া সময় নষ্ট কৰি থকা সময়তে প্ৰাচীৰ পত্ৰিকাৰ জৰিয়তে এচামে লিখা মেলা,ছবি অকাঁ এনে ধৰনে নিজকে আগুৱাই নিয়াটো প্ৰাচীৰ পত্ৰিকা খনৰ লগতে সাহিত্য জগতলৈ সেউজীয়া আশাৰ ৰেঙণি বুলি উল্লেখ কৰি সৰ্ব্বাইবন্ধা পূজা মন্দিৰক ভূয়সী প্ৰশংসা কৰে।

সভাত সন্মানিত অতিথিৰূপে ৬৬ নং হেজাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী জুমনি বৰাই অংশ গ্ৰহন কৰে।তেখেতে ভাষণত এই মাহৰ প্ৰাচীৰ পত্ৰিকাৰ বিশেষ সংখ্যা হিচাবে ৬৬ নং হেজাৰী প্ৰাথমিক বিদ্যালয়ৰ ল’ৰা-ছোৱালী বোৰৰ লিখনি সহ ছবি দিয়াৰ বাবে সৰ্ব্বাইবন্ধা পূজা মন্দিৰক ধন্যবাদ জনাইছে আৰু ই এক প্ৰশংসনীয় কাম বুলি উল্লেখ কৰে। সৰ্ব্বাইবন্ধা পূজা মন্দিৰৰ সভাপতি,বিশিষ্ট ক্ৰীড়া সংগঠক তথা প্ৰাচীৰ পত্ৰিকাৰ সম্পাদক পবিত্ৰ বৰঠাকুৰে সঞ্চালনা কৰা উন্মোচনী অনুষ্ঠানটিত ক্ৰমে সম্পাদিকা ৰাজলক্ষ্মী শৰ্মা গোস্বামী,ড° শ্যামল প্ৰসাদ বৰুৱা,প্ৰবীন বৰুৱা,অঞ্জনা গোস্বামী চক্ৰৱৰ্তী আৰু দিগন্ত বৰুৱাই প্ৰাচীৰ পত্ৰিকাৰ উপৰত সুন্দৰ মন্তব্য ৰাখে।

  • Related Posts

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান

    ৰাইজৰ খবৰ ডিজিটেল, বোকাখাতঃ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰাম-এ যৌথভাৱে যোৱা ৩০ মাৰ্চত বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান কৰে৷…

    বোকাখাত গ্ৰন্থমেলা-২০২৫ৰ ‘কাজিৰঙা সংৰক্ষণত দাঁতিকাষৰীয়া লোকৰ ভূমিকা’ শীৰ্ষক আলোচনাত সাংবাদিক ধ্ৰুৱজ্যোতি সাহা

    জনগণৰ সুৰক্ষা অবিহনে বিশ্বৰ জনগণৰ চিনাকি নাম কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কেতিয়াও সুৰক্ষিত নহয় ৰাইজৰ খবৰ ডিজিটেল, বোকাখাতঃ ‘কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সুৰক্ষাৰ ক্ষেত্ৰত কেৱল বনবিভাগৰ লোকৰে নহয়, স্থানীয় জনগণৰো ভূমিকা অপৰিসীম৷…

    অন্যান্য বাতৰি

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন