২৫ জন গল্পকাৰৰ ২৫ টা গল্পৰ সংকলন উন্মোচন

মায়াশ্ৰী শৰ্মা, উত্তৰ লখিমপুৰঃ নতুনৰ আদৰ থাকে, সৃষ্টিত থাকে এক সৌন্দৰ্য। ইংৰাজী নতুন বৰ্ষ ২০২৫ৰ প্ৰথম দিনাই অসমৰ বিভিন্ন প্ৰান্তৰ ২৫ জন গল্পকাৰৰ ২৫ টা গল্পৰে সমৃদ্ধ গল্প সংকলন ডিজিটেল মাধ্যমেৰে উন্মোচন কৰা হয়।

সু লেখিকা তথা কবি মৃদুস্মিতা শৰ্মাৰ একক আৰু অনন্য প্ৰচেষ্টা আৰু সম্পাদনাত প্ৰকাশিত গল্প সংকলনখন প্ৰতিষ্ঠিত অভিযন্তা ত্ৰিদ্বীপ বৰুৱাৰ নিখুঁত পৰিকল্পনা আৰু অলংকৰণ এক ফচল। পহিলা জানুৱাৰীৰ ২০২৫ ৰ সন্ধিয়া গল্প সংকলনখন ডিজিটেল মাধ্যমেৰে উন্মোচন কৰে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি তথা ৰাইজৰ খবৰ কাকতৰ মুখ্য সম্পাদক জিতু শৰ্মা ৰাজখোৱাই।

দেশৰ বিভিন্ন ঠাইৰ পৰা গল্পকাৰ সকলৰ লগতে সাহিত্যনুৰাগী ব্যক্তিয়ে ডিজিটেল মাধ্যমেৰে সংযোগ স্থাপন কৰি নিজৰ নিজৰ বক্তব্য আগবঢ়ায়। ২০২৫ চনৰ প্ৰথম সন্ধিয়া এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান পৰিচালনা কৰে উত্তৰ লখিমপুৰৰ জনপ্ৰিয় কবি – গল্পকাৰ পংকজ সভাপণ্ডিতে। উপস্থিত সাহিত্যনুৰাগী ব্যক্তি সকলে সুলেখিকা মৃদুস্মিতা শৰ্মাৰ যোগাত্মক চিন্তাৰ বাবে ভূয়সী প্ৰশংসা কৰে। ডিজিটেল মাধ্যমেৰে সংযোগ স্থাপন কৰি গল্প সংকলনখনৰ লগতে লেখকৰ মনৰ কথা ব্যক্ত কৰে ক্ৰমে ত্ৰিদ্বীপ বৰুৱা, নিৰ্মিতা বৰগোহাঁই পংকজ সভাপণ্ডিত, মৃদুস্মিতা শৰ্মা, আঞ্জুমাৰা বেগম, ক্ষীৰা শইকীয়া, কল্পনা দেৱী, হিৰণ ভূঞা, পাৰিজাত বৰুৱা, চন্দ্ৰকান্ত বৰা, মিনু ডেকা, মনালিছা শইকীয়াৰ লগতে আন বহুকেইগৰাকী লেখকে।

  • Related Posts

    মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

    দ্বিতীয় মাজুলী মহাবিদ্যালয় গ্ৰন্থমেলাত উখল মাখল মাজুলী মহাবিদ্যালয়ৰ বাকৰি মৃদুস্মিতা শৰ্মা ,ৰাইজৰ খবৰ ডিজিটেলঃ দ্বিতীয় মাজুলী মহাবিদ্যালয় গ্রন্থমেলাৰ লগত সংগতি ৰাখি ৮ এপ্ৰিলত পুৱা প্রাক-প্রাথমিকৰ পৰা পঞ্চম শ্রেণীলৈ দুটা শাখাত…

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    ১১ গৰাকী বিশিষ্ট ব্যক্তিক বঁটা প্রদান মৃদুস্মিতা শৰ্মা, ৰাইজৰ খবৰ ডিজিটেলঃ গুৱাহাটী প্ৰেছ ক্লাবত, ৮ এপ্ৰিল তাৰিখে গুৱাহাটীৰ বিশিষ্ট প্রকাশন গোষ্ঠী ‘স্বস্তিকা প্রিয়ম প্রকাশন’ৰ উদ্যোগত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ‘স্বদেশ…

    অন্যান্য বাতৰি

    জানি থওক ৰঙালী বিহুত পৰম্পৰাগতভাৱে খোৱা এশ এবিধ শাকৰ নাম

    জানি থওক ৰঙালী বিহুত পৰম্পৰাগতভাৱে খোৱা এশ এবিধ শাকৰ নাম

    মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

    মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ