“জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন


মায়াশ্ৰী শৰ্মা, উত্তৰ লখিমপুৰঃ শিশু সকলৰ সৰ্বাংগীন বিকাশৰ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি সু লেখিকা মৃদুস্মিতা শৰ্মাৰ সম্পাদনাত প্ৰকাশিত হোৱা শিশু কিশোৰৰ আলোচনী “জোনাকী মেল”ৰ দ্বিতীয় সংখ্যাটি ৩১ মাৰ্চ ২০২৫ ৰ সন্ধিয়া গুগুল মিটৰ জৰিয়তে উন্মোচন কৰা হয়। এই উদ্দেশ্যে অনুষ্ঠিত কৰা গুগলমিটত আদৰণি ভাষণ আগবঢ়াই গুৱাহাটীৰ কবি ,লেখিকা নিৰ্মিতা বৰগোহাঁয়ে ৷ কবি, নাট্যকাৰ, অভিনেতা তথা দূৰদৰ্শন কেন্দ্রৰ পৰিচালন সঞ্চালক বৰ্তমান শিলিগুৰিত কৰ্মৰত মৃদুল শৰ্মাই ডিজিটেল মাধ্যমেৰে জোনাকী মেলৰ দ্বিতীয় সংখ্যাটি উন্মোচন কৰে। উন্মোচনী ভাষণত তেখেতে শিশুৰ উপযোগীকৈ বিভিন্ন শিতান জোনাকী মেলত সন্নিৱিষ্ট কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক। শিশু সকলক আকৰ্ষিত কৰিবলৈ সাধু, কবিতা, সাঁথৰ, গল্প, ছবি , কুইজ,আধ্যাত্মিক জ্ঞানেৰে সমৃদ্ধ এই সংখ্যাৰ জোনাকী মেল।

সু লেখিকা,সাংবাদিক মৃদুস্মিতা শৰ্মাই নিজৰ গাঁঠিৰ ধন ব্যয় কৰি শিশু সকলক নিজৰ প্ৰতিভা বিকাশৰ এখন মঞ্চ দিয়াৰ পদক্ষেপক গুগুল মিটত উপস্থিত থকা অতিথি সকলে ভূয়সী প্ৰশংসা কৰে। উত্তৰ লখিমপুৰৰ স্বাস্থ্য কৰ্মী কবি -গল্পকাৰ তথা সদৌ অসম কবি সন্মিলনৰ কেন্দ্রীয় প্ৰচাৰ সম্পাদক পংকজ সভাপণ্ডিতে আঁত ধৰা অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় পঁচিশ গৰাকী সাহিত্যনুৰাগী ব্যক্তিৰ লগতে কেইবাজনো শিশুৱে অংশগ্ৰহণ কৰে। সুন্দৰ বেটুপাত আৰু বিষয়বস্তুৰ উপস্থাপনে সকলোৰে হৃদয় জয় কৰে কম্পিউটাৰ অভিযন্তা ত্ৰিদ্বীপ বৰুৱাই। শিশু শিল্পী ইন্দ্ৰানুজ সভাপণ্ডিতে আবৃত্তি কৰা এটা কবিতাই গুগুল মিটৰ শুভাৰম্ভণি হয়। শিশু শিল্পী ঋষভ প্ৰিয়ম বৰগোহাঁইয়ে পৰিবেশন কৰা এটি চিৰসেউজ গীতে সকলোকে আপ্লুত কৰে। ভৱিষ্যত প্ৰজন্মৰ বাবে এখন মঞ্চ দিয়াৰ এই পদক্ষেপক উৎসাহিত কৰিবলৈ অসমৰ বিভিন্ন জিলাৰ পৰা উপস্থিত থকা শিল্পী -সাহিত্যিক আৰু শিশু সকল হ’ল :- সুসাহিত্যিক পাৰিজাত বৰুৱা , কবি লেখিকা মনালিছা শইকীয়া ,কবি লেখিকা নিৰ্মিতা বৰগোহাঁই , সুকবি, গল্পকাৰ কল্পনা দেৱী , তন্ময়ী বৰকটকী, মঞ্জু সভাপণ্ডিত, প্ৰিয় কবি সুৰেন্দ্ৰ নাথ কোঁৱৰ, প্ৰিয়াংসী শইকীয়া, অনন্যা শইকীয়া , কবি ,লেখিকা ৰীতা কোঁৱৰ, বাৰ্বি কোঁৱৰ, পম্পী কোঁৱৰ, ত্ৰাতৃৰ প্ৰতিষ্ঠাপক ত্ৰিদ্বীপ বৰুৱা, প্ৰিয়াংকা শৰ্মা , স্নেহা সৎনামী , কবি লেখিকা মায়াতৃষ্ণা কলিতা, মৃদুপম কলিতা ,মুম্বাইৰ পৰা সদানন্দ গগৈ , সুকবি লতা শৰ্মা ,কণ্ঠশিল্পী প্ৰেৰণা ভৰদ্বাজলগতে অন্যান্য বহুতো। গুগোলমিটত কেইবাগৰাকীও অভিভাৱকে নিজৰ শিশু পুত্ৰ-কন্যাসহ উপস্থিত থকাটো উল্লেখনীয় ৷গীত কবিতা,কথাৰে উপস্থিত লোক সকলে গুগোল মিটখন মনোজ্ঞ কৰি তোলে।
“জোনাকী মেল “ৰ দ্বিতীয় সংখ্যাটি পঢ়িবলৈ তলৰ লিংকটো ক্লিক কৰিব :-
https://tratri.in/link?format=e-book&id=1028&details=details

  • Related Posts

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    ভৱেশ কলিতা , আজাৰাঃ গুৱাহাটীত ৩ এপ্ৰিলত উপস্থিত হ’ল ক্ৰিকেটৰ প্ৰভু মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰৰ সৈতে পত্নী অঞ্জলি টেণ্ডুলকাৰ আৰু জীয়েক ছাৰা টেণ্ডুলকাৰ সহ তেওঁলোকৰ পৰিয়াল । কালি দুপৰীয়া মুম্বাইৰ…

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    মৃদুস্মিতা শৰ্মা ,ৰাইজৰ খবৰ ডিজিটেলঃ অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস গোলাঘাট জিলাত ২৯ আৰু ৩০ মাৰ্চ, ২০২৫ ত দুদিনীয়া কাৰ্য্যসূচীৰে ফলঙনিৰ সমাজ কল্যাণ সাংস্কৃতিক সংঘৰ প্ৰেক্ষাগৃহত…

    অন্যান্য বাতৰি

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান