নীৰৱতাৰ সিপাৰে ৭ঃ পঢ়ক প্ৰতি দেওবাৰে পৰিৱেশ কৰ্মী মানস প্ৰতিম দত্তৰ নিয়মীয়া লেখা
শগুন সংৰক্ষণৰ হকে এক নিস্বাৰ্থ সেৱাবাহিনী পু এন ফ’ ৱাইল্ড
(Pu En Fo Wild, Pure Environment For Wildlife)
— মানস প্ৰতিম দত্ত, পৰিৱেশ কৰ্মী৷
সাধাৰণতে, আমি দেখা পাওঁ যে, প্ৰত্যেক বছৰে নতুন বছৰ উদযাপন কৰিবলৈ আহি নদীৰ পাৰত বহুজনে প্লাষ্টিকৰ বটল, প্লাষ্টিকৰ প্লেটকে আদি কৰি কাঁচৰ সুৰাৰ বটল পৰ্যন্ত পেলাই এক কদৰ্য পৰিৱেশ নদীখনক উপহাৰ দি যায়গৈ৷ আনকি সুৰাৰ বটলবোৰ ভাঙি নদীলৈ দলিয়াই থৈ যায়, ফলত নদীত কোনোবা নামিলে ভৰি কটাৰো সম্ভাৱনা থাকে৷ নদীত ওপঙি থকা প্লাষ্টিকৰ বটলবোৰে মানুহৰ কাণ্ডজ্ঞানহীনতাকে সূচায়৷ অৱশ্যে প্ৰকৃতি অপকাৰ নকৰাকৈ নতুন বছৰৰ আনন্দ উদ্যাপন কৰা ব্যক্তিও নথকা নহয়৷
আমি বিশ্বাস কৰো যে, এনে অপকাণ্ডসমূহ নোহোৱা কৰিবলৈ সজাগতা অনাটো বহু জৰুৰী৷ আমাৰ সজাগতামূলক কথাবোৰ মানুহে গুৰুত্ব সহকাৰে গ্ৰহণ কৰিব বুলি অতি প্ৰত্যয়েৰে ঢকুৱাখনাৰ বিভিন্ন অঞ্চলত সজাগতামূলক প’ষ্টাৰ লগাম বুলি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
“পৰিৱেশেই সকলো, ইয়াক নষ্ট নকৰিব”, “পলিথিন আৰু প্লাষ্টিকৰ বটল পেলাই পিকনিকৰ ঠাইসমূহ লেতেৰা নকৰিব, আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়”, “আমাৰ ঢকুৱাখনা, আমাৰ চাৰিকড়ীয়া, মোক বৈ থাকিবলৈ দিয়ক” … আদি শ্লগান সম্বলিত পষ্টাৰ প্ৰস্তুত কৰি বিভিন্ন স্থানত প’ষ্টাৰ লগাবলৈ আৰম্ভ কৰিলোঁ। প’ষ্টাৰ লগাই থকাৰ সময়তে ধ্ৰুৱই মাত লগালে –
: যোৱা বছৰ আমি এনেদৰে পষ্টাৰ লগাওতে দুজনমানে সুৰাৰ ৰাগিত পষ্টাৰবোৰ ফালি পেলাইছিল যদিও পাছত ভুল বুজি ক্ষমা খুজিবলৈ বাধ্য হৈছিল৷
:দুজনমানেটো পিকনিক খাই নদীলৈ সুৰাৰ বটল আৰু প্লাষ্টিকৰ বটল দলি মাৰি দিওঁতেই আমি পালোহি আৰু তেওঁলোকক তেনে নকৰিবলৈ অনুৰোধ জনালোঁ৷ আমাৰ অনুৰোধ ৰক্ষা কৰি তেওঁলোকে নদীৰ পৰা প্লাষ্টিকৰ বটলবোৰ তুলি নিবলৈ বাধ্য হৈছিল৷ – ৰণ্টুৱেও মাত লগালে৷
আমি চেতিয়া গাঁও, কঢ়া, বাসুদেৱ আদি বিভিন্ন স্থানত এনে সজাগতামূলক পষ্টাৰবোৰ লগালোঁ৷ লাহে লাহে বেলি ডুবিবলৈ আৰম্ভ কৰিলে৷ চিকমিকীয়া আন্ধাৰেও আমাক ঘৰলৈ উভতিবলৈ ইংগিত দিলে৷ বাকী পিকনিক স্থানসমূহত পিছদিনা পষ্টাৰ লগাম বুলি ঠিৰাং কৰি আমি ঘৰলৈ উভতিলোঁ৷ জিলিৰ মাতেও আমাক নিশাৰ যাত্ৰাৰ বাবে ওলগ জনালে৷
৩১ ডিচেম্বৰ ২০২২৷ বছৰৰ শেষ দিন৷ বিদ্যালয় ছুটীৰ পাছত আমি পুনৰ পষ্টাৰ লগাবলৈ সাজু হ’লোঁ৷ ইতিমধ্যে ৰাইজে পিকনিক খাবলৈ আৰম্ভ কৰিলেই৷ আমি ঠিক কৰিলোঁ যে প’ষ্টাৰ লগোৱাৰ লগতে লেতেৰা ঠাইসমূহে চাফ-চিকুণ কৰি আহিম৷ আমাক লগ দিলে সহকৰ্মী সুৰজিত বৰাই৷ আমি বাসুদেৱ অভিমুখে যাত্ৰা আৰম্ভ কৰিলোঁ৷
: এটা কথা কি জানে, মানুহৰ চিন্তাধাৰা একেদিনাই সলনি নহয় সঁচা, কিন্তু লাহে লাহে নিজে সলনি হ’ব আৰু প্ৰকৃতি অনুকূল বনভোজত গুৰুত্ব দিব ।
: মই কথাষাৰ কোৱাৰ লগে লগে তিনিও হয়ভৰ দিলে৷ আমি পুনৰ কামত ব্যস্ত হৈ পৰিলোঁ৷
নতুন বছৰ উদ্যাপনৰ পাছত ঠাইবোৰ কেনে আছে চাবলৈ আমি ৰাওনা হ’লোঁ৷ আমি লক্ষ্য কৰিলোঁ- প্লাষ্টিক প্লেট, প্লাষ্টিকৰ বটলবোৰ য’তে ত’তে পেলাই কদৰ্য ৰূপ এটা প্ৰকৃতিক উপহাৰ দি থৈ কোনেও যোৱা নাই৷ প্ৰায়বোৰ আৱৰ্জনা বাঁহৰ ডাষ্টবিনতে আছে৷ পষ্টাৰবোৰে হয়তো মানুহক সজাগ কৰিছে৷
আমিও ইতিবাচকভাৱে মানুহৰ চিন্তাৰ পৰিৱৰ্তন হোৱাৰ আশাৰ ৰেঙনি দেখি আনন্দ মনেৰে ঘৰলৈ উভতনি যাত্ৰা আৰম্ভ কৰিলোঁ৷ আহোতে কঢ়া নদীৰ পাৰত নাচি থকা বালিমাহীজাকটো দেখি মনতে ভাবিলোঁ– ইহঁতে চাগে আজি আমাকে ধন্যবাদ বা শুভেচ্ছা দিছে৷
এই অভিজ্ঞতাৰ দুদিনমানৰ পাছতে এদিন ভ্ৰাতৃসম বন্ধু ৰণ্টুৱে ক’লে-
: মানস দা, আমাৰ গোটটোৰ এটা নাম থাকিলে ভাল হয় নেকি?
: ঠিকেই কৈছা৷ তেতিয়া আমাৰ কাম-কাজবিলাক চলাই নিবলৈ সহজ আৰু সুবিধা হ’ব৷ – ধ্ৰুৱয়ো হয়ভৰ দিলে৷
আমি বহুত ভাবি-চিন্তি অৱশেষত আমাৰ গোটটোৰ নাম দিলোঁ- Pure Environment For Wildlife (Pu En Fo Wild)৷ আমি একত্ৰিতভাৱে কাছ, বৰটোকোলা, আদ্ৰৰ্ভূমি সংৰক্ষণ, স্বচ্ছতাৰ গুৰুত্ব আদিৰ লগতে পক্ষী নিৰীক্ষণৰ হকে বিভিন্ন কাৰ্যসূচী হাতত ল’লোঁ৷ পাগলী পথাৰৰ কৰুণ ঘটনাটোৰ পাছত আমি ঠিক কৰিলোঁ– এই শগুনসমূহ বচাই ৰাখিবলৈ আমি আমাতৰ প্ৰজন্মটোৰ লগতে আমাৰ কনিষ্ঠসকলক সজাগ কৰিবই লাগিব৷ তাৰ বাবে সজাগতা সভা আৰু আকৰ্ষণীয় তথা প্ৰজন্মক জড়িতকৰণ কাৰ্যসূচী হাতত ল’ব লাগিব৷ সেই উদ্দেশ্য আগত ৰাখি ৩১ মাৰ্চ, ২০২৩ তাৰিখে আমি সজাগতা সভাৰ লগতে আয়োজন কৰিলোঁ “শগুন চাও আহক” শীৰ্ষক সজাগতামূলক চাইকেল ৰেলী আৰু শগুন নিৰীক্ষণৰ কাৰ্যসূচী৷ আমি বাগিছা গাঁৱৰ কণমানিহঁতৰ লগতে উচ্ছ আৰু উচ্ছতৰ মাধ্যমিক শাখাত অধ্যয়নৰত গাঁৱখনৰ কেইজনমান শিক্ষাৰ্থীক লগত লৈ কঢ়াঘাটৰ ফুলেশ্বৰী দত্তৰ বাৰীত থকা শগুনৰ বাহবোৰ চাবলৈ যাত্ৰা আৰম্ভ কৰিলোঁ৷ আমাৰ যাত্ৰাৰ কথা কওতে আপোনালোকক ফুলেশ্বৰী দত্তৰ বিষয়েও জনোৱাটো প্ৰয়োজনীয় বুলি ভাবিছোঁ৷
আচলতে আমাৰ সমাজত এনে কিছুমান ব্যক্তি আছে যি নীৰৱে প্ৰকৃতিৰ বাবে, সমাজৰ বাবে কাম কৰি আছে৷ তেওঁলোকে গ্লেমাৰ, ভাইৰেল, আত্ম প্ৰচাৰ আদিৰ কৌশলবোৰ নাজানে৷ তেনে এগৰাকী যোদ্ধা হ’ল ফুলেশ্বৰী দত্ত৷ ঢকুৱাখনা বাসুদেৱ থান সংযোগী আলিবাটৰ কঢ়াঘাটৰ স্থায়ী নিৱাসী দত্ত বাইদেৱে ২০০১ চনৰ পৰা আজি পৰ্যন্ত বিলুপ্ত হ’ব ধৰা শগুনক নিজৰ বাৰীত আশ্ৰয় দি আহিছে৷ যি সময়ত শগুনে আদৰ্শ বাসস্থানৰ অভাৱত ভূগিছে তেনে সময়ত শগুনৰ বাবে বাৰীখন নিৰাপদ স্থান হৈ পৰিছে৷ বিগত প্ৰায় ১১ বছৰ ধৰি শগুনৰ সংৰক্ষণ আৰু প্ৰজনন বাবে নীৰৱে কাম কৰি তেখেতে সমাজৰ আগত দাঙি ধৰিছে অনন্য নিদৰ্শন৷ যি সময়ত এচাম অৰ্থ লোভী মানুহে প্ৰকৃতিৰ ওপৰত অত্যাচাৰ চলাই মুনাফা আদায় কৰিছে তেনে সময়ত প্ৰকৃতিক ভালপোৱা ফুলেশ্বৰী দত্তৰ দৰে মানুহ আছে বাবে প্ৰকৃতি আজিও সেউজীয়া হৈ আছে৷
এই যাত্ৰাত কণমানি তথা ভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ লগত বনবিভাগৰ লোক, বিমান সন্দিকৈ, ৰণ্টু চেতিয়া, ধ্ৰুৱ জ্যোতি চেতিয়া, কৃষ্ণ দত্ত উপস্থিত আছিল৷ আমি সকলোৱে বাগিছা গাঁৱৰ পৰা চাইকেলেৰে যাত্ৰা আৰম্ভ কৰি কঢ়াঘাটত উপস্থিত হ’লোগৈ৷ তাতে আমি শগুন বিষয়ক লোক-কাহিনী, শগুনৰ গুৰুত্ব আদিৰ বিষয়ে আলোচনা কৰাৰ লগতে বাইন’কুলাৰৰ জড়িয়তে কেনেকৈ পক্ষী নিৰীক্ষণ কৰে তাৰো প্ৰশিক্ষণ প্ৰদান কৰিলোঁ৷ তাৰ পাছত সকলোৱে বাইন’কুলাৰৰ সহায়ত শগুন নিৰীক্ষণ কৰিলোঁ৷ শগুনৰ প্ৰত্যক্ষ দৰ্শন লাভ কৰি কণমানিহঁত আনন্দিত হোৱাই নহয় সংৰক্ষণকেন্দ্ৰীক ধাৰণাসমূহৰ সৈতে একাত্ম হ’বলৈ যত্ন কৰিলে৷ কথা-বতৰাৰ মাজতে কণমানিহঁতে বিভিন্ন প্ৰশ্ন সুধিলে৷ শিক্ষাৰ্থী তথা কণমানিহঁতৰ প্ৰশ্নবোৰে আমাক অনুভৱ কৰিবলৈ বাধ্য কৰিলে যে আমাৰ পৰৱৰ্তী প্ৰজন্মৰ মাজতো আমি পৰিৱেশ সংৰক্ষণৰ বীজ ৰোপণ কৰিব পাৰিম৷
২০ এপ্ৰিল, ২০২৩৷ এই দিনটো আমাৰ বাবে আকৌ এটি ক’লা দিন হিচাপেই যেন জিলিকি উঠিল৷ পুৱাই ধ্ৰুৱ আৰু বিমান দাৰ ফোন৷ ফোন ৰিচিভ কৰাৰ লগে লগে ধ্ৰুৱই ক’লে—
:মানস দা, কালি হোৱা প্ৰচণ্ড বতাহ ধুমুহাৰ ফলত আঘাতপ্ৰাপ্ত এটা হিমালয়ান গ্ৰীফন প্ৰজাতিৰ শগুন ঢকুৱাখনাৰ ভাটি জালভাৰী গাঁৱৰ পৰা আমি উদ্ধাৰ কৰি আনিছো৷ বৰ্তমান ঢকুৱাখনা উপ খণ্ড বন কাৰ্যালয়ত ঢকুৱাখনা পশু চিকিৎসকৰ সহযোগত চিকিৎসা কৰি থকা হৈছে৷ চিকিৎসকো আহিছে৷
:ডাক্তৰে কি কৈছে ?
:জনাই আছো – বুলি কৈ ধ্ৰুৱই ফোনৰ সংযোগ বিচ্ছিন্ন কৰিলে৷
আচলতে উদ্ধাৰ কৰা শগুনটো যদিওবা ধুমুহাৰ বাবে আঘাতপ্ৰাপ্ত হৈছিল, কিন্তু শগুনটোৱে পূৰ্বেই বিষাক্ত খাদ্য খাইছিল যাৰ বাবে স্নায়ুকলাবোৰে কাম কৰিবলৈ বন্ধ কৰিছিল৷ আমাৰ সকলোৰে নেৰানেপেৰা চেষ্টা আৰু চিকিৎসাৰ পাছতো শগুনটো মৰি থাকিল৷ আমি ঠিক কৰিলোঁ শগুন সুৰক্ষাৰ ধাৰণাটোক অধিক গণমুখী কৰাৰ প্ৰয়োজনীয়তা আছে৷ সেই উদ্দেশ্যে আমি এতিয়াৰে পৰা আমাৰ সকলো অনুষ্ঠানৰ পূৰ্বে মৃত শগুনবোৰৰ স্মৃতিত এগচিকৈ বন্তি জ্বলাম৷ সিদিনা আবেলি আমি সকলো বনবিষয়াৰ কাৰ্যালয়ত লগ হ’লোঁ৷ তাতে সমাধিস্থ কৰা শগুনটোৰ সমাধিত শগুনবোৰৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰি আমি শোক দিৱস পালন কৰিলোঁ৷