নীৰৱতাৰ সিপাৰেঃ প্ৰতি দেওবাৰে পৰিৱেশ কৰ্মী মানস প্ৰতিম দত্তৰ নিয়মীয়া লেখা
আলফাই ধৰা ল’ৰাটো
অসমৰ অর্কিড মানৱ ক্ষণজিৎ গগৈ
— মানস প্রতিম দত্ত, পৰিৱেশকৰ্মী৷
চন ২০০৩।
ভাৰতীয় সেনাই অসমত আৰম্ভ কৰিছে অপাৰেচন অল ক্লীয়েৰ। চৌপাশে নিষিদ্ধ ঘোষিত সংগঠন আলফা বিৰোধী অভিযান। সেই সময়ছোৱাতে খবৰ আহিল, ডিব্রু-চৈখোৱা ৰাষ্ট্রীয় উদ্যানত এটা দুর্লভ অর্কিড প্রজাতিৰ সন্ধান পোৱা গৈছে। সেই খবৰ পায়ে অর্কিডবিধৰ তথ্য সংগ্রহৰ বাবে অর্কিড ভালপোৱা এজন যুৱক ডিব্রু-চৈখোৱাৰ অটব্য অৰণ্যলৈ ৰাওনা হ’ল। সেয়া আছিল মাঘবিহুৰ দহ দিনৰ আগৰ কথা। তেওঁ এই যাত্রা আৰম্ভ কৰিলে এটা মাছমৰীয়া দলৰ সৈতে। কাৰণ অৰণ্যৰ দাঁতিকাষৰীয়া মাছমৰীয়াসকলৰ অৰণ্য বিষয়ক ব্যৱহাৰিক জ্ঞান আনতকৈ অধিক থাকে। মাছমৰীয়া দলটোৰ লগত অর্কিডৰ সন্ধানত আগবাঢ়োতেই’আলফা’ৰ দল এটাৰ সৈতে তেওঁলোকৰ মুখামুখি হয়। দাঁতিকাষৰীয়া মানুহৰ মাজত অচিনাকী যুৱকজন দেখি আলফাৰ সন্দেহ হ’ল আৰ সেই যুৱকজনক লগত লৈ আলফাৰ দলটো নিজৰ শিবিৰলৈ উভতি গ’ল। যুৱকজনক শিবিৰত থকা-মেলাৰ ব্যৱস্থা কৰি দিলে যদিও যুৱকজনৰ মনত শংকাই বাহ বান্ধিবলৈ আৰম্ভ কৰিলে।কাৰণ চৌপাশৰ সেনাৰ অভিযান চলি আছে। তেওঁলোকে যদি আক্রমণ কৰে তেন্তে যুৱকজনৰো জীৱনৰ প্রতি যে সংশয় আহিব সেই কথা তেওঁ প্রায় নিশ্চিত হৈ পৰিল। অৱশ্যে দুদিনৰ পাছত আলফাৰ দলটোৱে যুৱকজন অর্কিডৰ সন্ধানত যোৱা অর্কিড সংৰক্ষক, গৱেষক আৰু এই প্রচেষ্টা অসমৰ ভৱিষ্যতৰ বাবে গুৰুত্বপূর্ণ বুলি অনুধাৱন কৰি যুৱকজনক মোকলাই দিয়ে।
অর্কিড সংৰক্ষণ আৰু অন্বেষণ কৰিবলৈ গৈ এনেধৰণৰ ভয়াৱহ অভিজ্ঞতাৰ সন্মুখীন হোৱা যুৱকজনৰ ঘৰ তিনিচুকীয়া জিলাৰ দাইচাজান চাহ বাগিছাৰ কাষত। দাইচাজানৰ সেউজীয়া আভৰণৰ মাজতেই বাস কৰে এই যুৱকজনে। তেওঁৰ বাসগৃহতে আছে তিনিটাকে সেউজীয়া ঘৰ। এই কেইটা সেউজীয়া ঘৰনো কি আমি আগলৈ জানিম। বলক মোৰ সৈতে আজি আমি যাওঁ তিনিচুকীয়াৰ সেই যুৱকজনৰ ঘৰলৈ।
পুৱা বেলিৰ পোহৰ-কুঁৱলীয়ে কপৌফুলক চুমা যাঁচি যেন অধিক মোহনীয় কৰি তুলিছে যুৱকজনৰ ঘৰখন। যুৱকজন ৰৈ আছে আমালৈ। হয়তো আমি যোৱাৰ আগতে তেওঁ ব্যস্ত আছিল কোনোবাটো অর্কিডৰ নামকৰণ বা বর্গীকৰণৰ সৈতে অথয়া অর্কিডৰ কোনো গৱেষণা পত্রৰ কামত। বলকচোন, তেওঁনো কি কৰি আছে, কেনেকৈ অর্কিডৰ বাবে কাম কৰি আছে সেই কথা জানিবলৈ চেষ্টা কৰোঁ।
অর্কিড সন্ধানী সেই গৱেষক যুৱকজনৰ নাম ক্ষণজিৎ গগৈ। অসম আৰু অসমীয়াৰ মানসত ‘অর্কিড মানৱ’ আৰু লগ-বন্ধুৰ মাজত তেখেত ‘অর্কিড’ নামেৰে পৰিচিত।
আমি গৈ পোৱাৰ লগে লগে আথে বেথে বহিবলৈ দিলে তেওঁ। অ পাহৰিছিলোৱে! অথনিৰে পৰা যে মই আমি বুলি কৈ আছো, কিন্তু আমি মানেনো কোন সেয়া কোৱাই হোৱা নাই। আমি মানে মই আৰু ধেমাজি মহাবিদ্যালয়ৰ প্রাক্তন অধ্যাপক সর্বেশ্বৰ চুতীয়া। আমাক ক্ষণজিৎ দাই চাহ যাঁচিলে। আমিও চাহত চুমুক দিলোঁ। আহকচোন চাহত চুমুক দিয়াৰ লগতে জানিবলৈ চেষ্টা কৰোঁ তেওঁৰ বিষয়ে, তেওঁৰ অর্কিড কনজাৰভেশ্বন আৰু প্রপাগেশ্বন চেণ্টাৰৰ বিষয়ে।
অর্কিডৰ সৈতে অসমীয়া সমাজৰ আছে ওতঃপ্রোত সম্পর্ক। অৱশ্যে অর্কিডৰ বিষয়ে আমাৰ মাজত তাত্বিক আৰু তথ্যগত জ্ঞান তথা সজাগতা যথেষ্ট কম। তাৰ মাজতো ১৯৯৪ চনৰ পৰাই নিৰবিচ্ছিন্নভাৱে অর্কিড সংৰক্ষণৰ কামত মনোনিৱেশ কৰি থকা ক্ষণজিৎ গগৈয়ে তেওঁৰ সংৰক্ষণ যাত্রাৰ বিষয়ে সোধাত ক’লে –
: আচলতে মই অধ্যয়ন কৰা প্রাথমিক বিদ্যালয় আৰু মধ্য ইংৰাজী বিদ্যালয় দুয়োখন প্রায় ওচৰা-ওচৰিকৈ আছে।আমি বিদ্যালয়লৈ বাগানৰ মাজেদি অলপ দূৰ খোজ কাঢ়ি যাব লাগে। বাগানৰ মাজেদি যাওঁতে কিছুমান গছত বহাগ বিহুৰ সময়ত বহুত অর্কিড ফুলি থকা দেখোঁ। সেইটো সময়ত মই ষষ্ঠ শ্রেণীৰ ছাত্র। বহাগ মানেই যেন কপৌফুল। কপৌফুল মানেই যেন বহাগ। নাচনীৰ খোপাত গুজি লোৱা কপৌফুলপাহে সৌন্দর্য দুগুণ বৃদ্ধি কৰে। সেয়ে বিহুগীতত গায়—
সেউতী নিপিন্ধোঁ, মালতী নিপিন্ধোঁ
নিপিন্ধোঁ খৰিকাজাই
তুমি আনি দিয়া কপৌফুল এপাহি
দেহা-মন জুৰায়।
বিহুৰ বতৰত বহুতে কপৌফুল(Rhyncostylis retusa)কে আদি কৰি অর্কিডবোৰ ব্যৱহাৰৰ বাবে আনে। কোনোবাই বাটৰ দাঁতিত পেলাই দিয়ে। অর্কিড সমূহ তেনেকৈ দেখিলে মই বৰ দুখ পাইছিলোঁ। মই ঠিক কৰিলোঁ যে এনেধৰণৰ গছবোৰ সংৰক্ষণ কৰিম। বাটৰ দাঁতিত পৰি থকা অর্কিডসমূহ ঘৰলৈ নি তাক বচাবলৈ চেষ্টা কৰিলোঁ। লাহে লাহে এই কামটো মোৰ প্রিয় হৈ পৰিল।
১৯৯৪ চনত ক্ষণজিতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হৈ কলেজত নামভর্তি কৰে। তাৰ আগলৈকে কপৌফুলজাতীয় গছবোৰক যে অর্কিড বুলি কয়, তাৰো যে পৃথক পৃথক নাম থাকে সেই কথা ক্ষণজিতে জনাই নাছিল। সেই সময়ছোৱাতে ক্ষণজিতে সান্নিধ্য লাভ কৰিলে লোকৰঞ্জন বৰুৱা, ড০ প্রকাশ কটকী আৰু অর্কিড বিশেষজ্ঞ এন ৰাওৰ। তেওঁলোকৰ সান্নিধ্যই মোক উদ্ভিদৰ বর্গীকৰণ বিষয়ৰ প্রতি আগ্রহী কৰি তোলাত বিশেষ ভূমিকা লৈছিল।
ইতিমধ্যে আমৰ চাহ খাই শেষ হৈছিল। আমি যে প্রথমতে উনুকিয়াইছিলোঁ সেউজীয়া ঘৰৰ কথা, এইবেলি সেই সেউজীয়া ঘৰ কেইটাৰ ফালে খোজ ল’লে। এই সেউজীয়া ঘৰকেইটাই হ’ল অৰ্কিড প্রপাগেচন এণ্ড কনজার্ভেচনৰ কেন্দ্রস্থল। সেউজীয়া ঘৰ মানে সেউজ গৃহ। ক্ষণজিৎ দাই আমাক এফালৰ পৰা দেখুৱাই গ’ল অর্কিডৰ বিভিন্ন প্রজাতি সমূহ। এই সেউজগৃহকেইটাতে আছে ৭৫০ৰো অধিক অর্কিডৰ প্রজাতি। ক্ষণজিতে অসম আৰু অৰুণাচলৰ অর্কিডৰ বিষয়ে গৱেষণা আৰু জৰীপ কৰি আছে। কথাৰ মাজতে তেখেতৰ পৰা অসম আৰু অৰুণাচলত তেখেতে নতুনকৈ সন্ধান পোৱা অর্কিডৰ কথা জানিবলৈ আমাৰ মন গ’ল।
: অর্কিড বিষয়ক গৱেষণাৰ বাবে বর্গীকৰণৰ সৈতে জড়িত মানুহখিনি মূল ক্ষেত্রলৈ গৈ ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰাটো অতিকে প্রয়োজন। এতিয়াও অৰুণাচলত এনে কিছুমান দুর্গম অৰণ্য আছে য’ত এতিয়ালৈকে মানুহ গৈ পোৱাগৈ নাই। অর্কিড পৰিয়ালটো এনে এটা পৰিয়াল, যাৰ বিৱর্তন আজিও চলি আছে। এটা দশকৰ পূর্ব জৰীপ কৰা ঠাই এডোখৰতে যদি পুনৰ জৰীপ কৰা হয় তেন্তে পুনৰ নতুন অর্কিড পোৱাৰ সম্ভাৱনা থাকে। অৰুণাচলত মই যিবোৰ ঠাইত জৰীপ কৰিছো তাত পূর্বতে বহুত বিজ্ঞানীয়ে জৰীপ কৰি গৈছে। কিন্তু ইয়াৰ পাছতো মই বহুত অর্কিডৰ সন্ধান পাইছোঁ। উদাহৰণ স্বৰূপে, জিৰ’ৰ কথা ক’ব পাৰি। তাৰ পৰা মই Phalaenopsis arunachalensis নামৰ এটা নতুন প্রজাতিৰ উপৰিও Ceratostylis simensis Rolfe ex Downie, Bulbophyllum reflexipetalum J.D. Ya, Y J Guo & C Liu নামৰ অৰ্কিডৰ নতুন ৰেকৰ্ড পোৱাৰ তথ্য বর্ণনা কৰিছোঁ। তাৰপৰা আমি কেইটামান অর্কিড, যেনে Thrixspermum joponicum ভাৰতত প্রথমবাৰৰ বাবে পোৱাৰ তথ্য বর্ণনা কৰিছো। জাপানত পোৱা এই অর্কিডবিধ অৰুণাচলত পোৱা গৈছে। এইখিনিতে এটা প্রশ্ন আহে যে জাপানত পোৱা অর্কিডটো অৰুণাচলত কেনেকৈ পোৱা গ’ল? এতিয়া টেক্সনমিষ্টৰ বাবে এইক্ষেত্রত মূল কথাটো কেনে হোৱা উচিত। আচলতে যদিহে উদ্ভিদ দেহতত্ব বা ফুলৰ দেহতত্ব একে হয় তেন্তে সেইজোপা একে উদ্ভিদ বুলি ধৰা হয়। এইক্ষেত্রত বিতৰণৰ পৰিসৰ চোৱা নহয়। অৱশ্যে এইক্ষেত্রত জিনীয় অধ্যয়নৰ প্রয়োজনীয়তা থাকিব। আমাৰ অসমৰ জয়পুৰৰ পৰা কেইবাটাও নতুন প্রজাতি বর্ণনা কৰা হৈছে। জয়পুৰৰ কাষৰে দুৱাৰমৰা কাকজানৰ পৰা আমি Eria ferruginea Lindleyi. Var. assamica নামৰ নতুন প্রজাতিৰ সন্ধান পোৱা গৈছে। আমাৰ কাষৰে চাহ বাগিছা এখনৰ পৰা Luisia trichorrhiza (Hook) Bl. var. flava Gogoi নামৰ এটা অর্কিড আৰু মিচিমি পাহাৰৰ পৰা Coelogyne mishmensis Gogoi, চাংলাঙৰ পৰা Thrixospermum changlangensis Gogoi নামৰ প্রজাতিৰ লগতে বিহালী বনাঞ্চল, লখিমপুৰ আদৰ পৰাও নতুনকৈ ৰেকর্ড কৰিছোঁ। বর্তমান আমি লকডাউনৰ মাজতে প্রায় ৫ টা অর্কিড প্রজাতি ৰিপর্ট কৰিছোঁ।
ক্ষণজিৎ দাৰ সৈতে কথা পাতি পাতি আমি দ্বিতীয়টো সেউজগৃহত প্রৱেশ কৰিলোঁ। উত্তৰ পূর্বাঞ্চলক ভাৰতৰ অর্কিডৰ প্রাণস্থল বুলিব পাৰি। অসমত ইমানবোৰ অর্কিডৰ প্রজাতি আছে যদিও আমি কপৌফুল, ভাটৌফুল, শালিকা ফুল আদি কেইবিধমানৰহে নাম জানো। ইয়াৰ মূলতে হ’ল অর্কিডসমূহৰ অসমীয়া নামকৰণ নোহোৱাটো। অর্কিড সমূহৰ সর্বজন গ্রহণযোগ্য স্থানীয় নামকৰণৰ কথাটো কথাৰ মাজতে মই উনুকিয়ালে । ক্ষণজিৎ দায়েও মোৰ কথাত হয়ভৰ দিলে।
অসমৰ অর্কিডৰ ক্ষেত্রত আগতে ভুল তথ্য সন্নবিষ্ট হোৱাৰ কথা তেখেতে আমক জানিবলৈ দি কৈ যে – পুৰণি সময়ত বৰ অসমত সাতোভনী লগ হৈ আছিল বাবে অসমৰ অর্কিড হিচাপে সন্নিবিষ্ট হৈছিল। সেয়ে অসমত পোৱাৰ সম্ভাৱনা নথকা দুই-এবিধ অর্কিডো তথ্য তালিকাত সন্নিবিষ্ট হৈ থকা দেখা যায়। অৱশ্যে ক্ষণজিট গগৈয়ে অর্কিড অফ আসাম নামৰ গ্রন্থখনত অসমত বর্তমানে পোৱা অৰ্কিডসমূহহে অন্তৰ্ভুক্ত কৰিছে। অর্কিড বিষয়ক ক্ষণজিতৰ অন্যান্য গ্রন্থসমূহ হৈছে – অর্কিডচ্ অফ ডিব্রু চৈখোৱা নেচনেল পার্ক এণ্ড বায়’স্ফিয়েৰ ৰিজার্ভ (২০১২) , ৱাইল্ড অর্কিডচ্ অফ তিনচুকীয়া ডিষ্ট্রিক্ট অফ আচাম (২০১২), ৱাইল্ড অর্কিডচ্ অফ আসাম- এ পিক্টৰিয়েল গাইড (২০১৮) , অর্কিডচ্ অফ আসাম- এ পিক্টৰিয়েল গাইড (২০১৯) আৰু কে ৰিনয়াৰ সৈতে যুটীয়াভাৱে লিখা গাইড টু অর্কিডচ্ অফ তালে অর্কিড কনজার্ভেচন ট্রেইল, অৰুণাচল প্রদেশ(২০২০)।
অসমত অর্কিড সংৰক্ষণৰ কিছুমান কাম-কাজৰ প্রতি ক্ষণজিৎ গগৈয়ে দুখ প্রকাশ কৰি কয় যে, অর্কিড সংৰক্ষণৰ নামত ব্যক্তিগত স্বার্থৰ বাবে প্রাকৃতিক বাসস্থানৰ পৰা অর্কিড আনি সংৰক্ষণ কৰা বুলি ক’ব খোজাটো গ্রহণযোগ্য নহয়। কালচাৰেল মেথড’ল’জী নথকাকৈ কৰা সংৰক্ষন অতিকে ভয়ানক। যি অর্কিড প্রাকৃতিক স্থানতে সুৰক্ষিত তাক কৃত্রিম স্থানৰ প্রয়োজন নাই বুলি ভাবে। ইয়াৰ উপৰিও অর্কিড সংৰক্ষণৰ বাবে এটা বৃত্তিগত কলাকর্ষণ কেন্দ্রৰ প্রয়োজনীয়তা আছে আৰু এইক্ষেত্রত যাৱতীয় ব্যৱস্থা ল’বলৈয়ো চৰকাৰৰ প্রতি তেওঁ আহ্বান জনায়। ইয়াৰ উপৰিও তেখেতে অসমত এখন অর্কিড অভয়াৰণ্য প্রয়োজন আছে বুলি তেওঁ কয়। তেওঁ লগতে দিহিং পাটকাই ৰাষ্ট্রীয় উদ্যানকো বিশেষকৈ অর্কিড সংৰক্ষণ এলেকা বুলি ঘোষণা কৰিব পাৰে। সংৰক্ষণৰ সৈতে আর্থিক দিশটোও জড়িত থাকে। তাৰ বাবে আমাৰ আইন ব্যৱস্থাৰ কিছু সাল-সলনি কৰি অর্কিডৰ ব্যৱসায়ীকৰণৰ কথাটো ভাবিব পাৰে। কিন্তু তাৰ বাবে শক্তিশালী চিষ্টেম এটাৰ প্রয়োজন হ’ব। প্রাকৃতিক বাসস্থানৰ অর্কিডৰ যাতে ক্ষতি নহয় সেইটো বিশেষভাৱে গুৰুত্ব দিব লাগিব। থাইলেণ্ড আৰু অসমৰ জলবায়ুৰ মাজত বিশেষ পার্থক্য নাই। থাইলেণ্ডে অর্কিডৰ বাণিজ্যিকীৰণৰ পৰাই ৬০% ৰাজহ আহৰণ কৰে। গতিকে থাইলেণ্ডে কৰিব পাৰিলে আমি নোৱাৰাৰ কোনো কাৰণ থাকিব নালাগে।
প্রকৃতি পৰিৱেশৰ বাবে সবাতোকৈ ভয়ানক সমস্যা হৈছে চোৰাং সৰবৰাহকাৰীৰ সমস্যা। অর্কিড সম্পর্কে সজাগতাৰ অভাৱে অসমৰ বহু অর্কিডক বিলুপ্তিৰ দিশলৈ গতি কৰাইছে বুলিও তেখেতে জানিবলৈ দিয়ে।
লাহে লাহে সময়ৰ কাঁটা ঘূৰিছিল। অর্কিডৰ বাৰে বৰণীয়া ৰংবোৰে হালি জালি নাচিছিল। অর্কিডৰ এই ৰূপ লাৱণ্যই মোৰ মনলৈ আনিছিল পবা বর্ষাৰণ্যৰ কথা। পবা বর্ষাৰণ্যৰ বিষয়েও ক্ষণজিত গগৈয়ে অধ্যয়ন কৰিছে। পবাৰ অর্কিডৰ কথা সোধাৰ লগে লগে ক্ষণজিৎ দাই ক’লে –
: পবা এখন সাধাৰণ অৰণ্য নহয়। পবা বর্ষাৰণ্য। পবাক সুৰক্ষিত কৰিবৰ বাবে পবাক অভয়াৰণ্য স্বীকৃতি দিয়াটো জৰুৰী। শেহতীয়া আমি পবাত কৰা অধ্যয়নৰ সময়ছোৱাত দেখা পোৱা অর্কিডসমূহৰ ভিতৰত Acampe carinata (Griffith) Panigrahi, Acampe praemorsa (Roxburgh) Blatter & McCann var. longepedunculata (Trimen) Govaerts, Acanthephippium sylhetense Lindley, Aerisea multiflora Roxburgh, Aeridfes odorata Loureiro, Aerides rosea Loddiges ex Lindley and Paxton, Bulbophyllum careyanum (Hooker f.) Sprengel, Bulbophyllum roxburghii (Lindley) Reichenbach f. আদি অন্যতম। পবাৰ অৰুণাচল খণ্ডৰ পৰা এটা অর্কিড প্রজাতি পোৱা গৈছে যিটো বর্তমানলৈকে আমি সঠিক নামাকৰণ কৰিব পৰা নাই। তাৰ নামকৰণৰ বাবে আমি চেষ্টা কৰি আছো। সম্ভৱত: সোণকালে নামকৰণ সম্পন্ন হ’ব।
বর্তমালৈকে ক্ষণজিৎ গগৈৰ প্রায় ১৪০ খন গৱেষণা পত্র বিশ্বৰ বিভিন্ন গৱেষণা পত্রিকাত প্রকাশ পাইছে। অর্কিড সংৰক্ষণৰ প্রতি আগবঢ়োৱা অৱদানৰ বাবে তেওঁ ২০১৬ চনত আমেৰিকাৰ মেকএলেন ইণ্টাৰনেচনেল অর্কিড চ’চাইটিৰ ৰিচার্জ ফেল’ৰ সন্মান আৰু ২০১৮ চনত East Himalaya Society for Sparmatophyte Taxonomy, নর্থ বেংগল বিশ্ববিদ্যালয়ৰ পৰা অৰুণ পাণ্ডে বায়’ডাইভার্চিটি বঁটা লাভ কৰিছে।
সদায় হাঁহিমুখে অর্কিডৰ বিভিন্ন কথা জনাবলৈ ৰৈ থকা মানুহজনক লগ পালে সকলোৱে ক’ব – হয়, এওঁ সঁচাকৈয়ে এজন অর্কিড মানৱ।অৰ্কিড বৈচিত্ৰ্য সংৰক্ষণ আৰু সংবৰ্ধনৰ জৰিয়তে অসমৰ জীৱ বৈচিত্ৰ্য সুৰক্ষাৰ বাবে নিৰবিচ্ছিন্নভাৱে কাম কৰি থকা অৰ্কিড মানৱ ক্ষণজিৎ গগৈক অসম চৰকাৰে যিদৰে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছিল সেইদৰে দিছে বুলি মনে নধৰে। আমি আশা ৰাখিম, তেখেতৰ দৰে সংৰক্ষক, গৱেষক সকলক চৰকাৰে বিশেষ গুৰুত্ব দি অসমৰ অৰ্কিড আৰু পৰিৱেশ প্ৰকৃতি সংৰক্ষণৰ বাবে ইতিবাচক পদক্ষেপ হাতত ল’ব।
সময়ো আগবাঢ়িল। আমিও সেউজ গৃহ পৰা ক্ষণজিৎ দাৰ চোতাল পালোঁহি। ঘৰৰ সকলোকে মাত লগাই আমি দাইচাজানৰ সেউজীয়াৰ মাজেৰে উভতনি যাত্র আৰম্ভ কৰিলোঁ।