নীৰৱতাৰ সিপাৰেঃ পঢ়ক প্ৰতি দেওবাৰে পৰিৱেশ কৰ্মী মানস প্ৰতিম দত্তৰ নিয়মীয়া লেখা
পাগলী পথাৰৰ শগুনৰ জাকটো!
— মানস প্রতিম দত্ত, পৰিৱেশ কৰ্মী৷
২৪ ফেব্ৰুৱাৰি ২০২৩।
সময় ঠিক দিনৰ ২.৩৬ বাজিছে।
ঢকুৱাখনাৰ সতীৰ্থ পৰিৱেশকৰ্মী ধ্ৰুৱজ্যোতি চেতিয়াই আমালৈ ফোন কৰি ক’লে,
: “মানস দা, ডাঙৰ ঘটনা এটা হৈছে নহয়, পাগলী পথাৰত শগুন পৰি মৰি আছে । মোৰ লগৰ ৰঞ্জন চেতিয়াই এইমাত্র ফোন কৰি ক’লে ৭টা মান শগুন পৰি মৰি আছে বোলে। আপুনি সোণকালে আহক।”
–কথাষাৰ শুনি মোৰ মুখৰ মাত সৰিল ।
তিনিদিনৰ আগত ধ্রুৱ আৰু মই কঢ়া ঘাটত থকা শগুনৰ বাঁহ কেইটা নিৰীক্ষণ কৰি আহিছিলোঁহে। আমি বাঁহকেইটাত পোৱালি দেখা পাইছিলোঁ। কেনেবাকৈ সেই শগুনকেইটা নহয়টো!- বুকুখন চিৰিং কৰি কঁপি গ’ল।
নাই এতিয়া আৰু ৰৈ থাকিব নোৱাৰি। মই স্কুটীৰ ছাবি লগাই দিলোঁ আৰু পাগলী পথাৰলৈ বুলি আগবাঢ়িলোঁ। বাটতে পৰিৱেশকর্মী তথা পু এন ফ’ ৱাইল্ডৰ সহ: প্রতিষ্ঠাক ৰণ্টু চেতিয়াই লগ দিলে। ৰণ্টুৰ সৈতে পথাৰত উপস্থিত হ’লোগৈ।
ইতিমধ্যে খবৰটো বিয়পি পৰিলে। গৈ দেখা পালোঁ ধ্ৰুৱই এটা সংকটজনক অৱস্থাত থকা শগুনৰ পৰিচৰ্য্যাত ব্যস্ত। কাষতে সাংবাদিক পুলকজ্যোতি বৰা আৰু অন্যান্য সংবাদকৰ্মী আৰু স্থানীয় ৰাইজ। স্থানীয় ব্যক্তি এজনক তাৎক্ষণিকভাবে পানী যোগাৰ কৰিবলৈ দি ধ্রুৱই লগত থকা হাতমোজাযোৰ পিন্ধি শগুনটোক পানী খোৱাই বমি কৰাবলৈ চেষ্টা কৰিছে। কাষতে কেইবাটাও শগুন মৰি পৰি আছে। তাৰ কাষতে এটা মৃত কুকুৰ। এই মৃত কুকুৰটোৱেই সমগ্র ঘটনাৰ বাবে দায়ী বুলি আমি সন্দেহ কৰিলোঁ। পানী খোৱাই দিয়াত শগুনটোৱে মঙহ আৰু হালধীয়া ৰঙৰ বহু বিজলুৱা পানী বমি কৰি উলিয়াই দিলে
লাহে লাহে শগুনটোৱে কিছু পৰিমাণে উশাহ ল’ব পৰা হ’ল।
আমি আলোচনা কৰি অসুস্থ শগুনটোক পশু চিকিৎসালয়লৈ নিবলৈ এখন গাড়ী ঠিক কৰাৰ কথা ভাবিছিলোঁ যদিও আমাৰ হাতত সময় একেবাৰে কম আছিল। গতিকে, গাড়ীলৈ অপেক্ষা নকৰি ঘটনাস্থলীৰ পৰা প্ৰায় ছয় কিলোমিটাৰ দূৰৈত অৱস্থিত চিকিৎসালয়লৈ সংকটজনক অৱস্থাত উদ্ধাৰ কৰা শগুনটো মোৰ স্কুটীখনতে লৈ মই আৰু ধ্ৰুৱ ৰাওনা হ’লোঁ।
আমি গৈ পাই দেখোঁ- চিকিৎসালয় বন্ধ। পলম নকৰি চিকিৎসালয়ৰ কাষতে থকা দোকান এখনৰ পৰা পশু চিকিৎসক ডাঃ ৰূপম গগৈৰ ফোন নাম্বাৰটো লৈ ফোনযোগে সমষ্ট ঘটনা বিৱৰি কোৱাত তেখেতে শগুনটো লৈ পোনে পোনে আমাক বন বিভাগৰ অফিচলৈ যাবলৈ ক’লে আৰু তেখেতে সোণকালে তাত উপস্থিত হ’বহি বুলি আমাক জনালে।
ইতিমধ্যে শগুনটো দেখি পশু চিকিৎসালয়ৰ সন্মুখত বহু কেইজন মানুহ গোট খাইছিল । ধ্রুৱই পানী বিচৰাত কোনোবা এজন ব্যক্তিয়ে কাষৰ দোকানৰ পৰা পানীৰ বটল এটা কিনি দি নিজেই চৰাইটোক খোৱাই পৰিৱেশৰ প্ৰতি সচেতনতাৰ নিদৰ্শন দেখুৱাই বটলটো আমাক দি আঁতৰি গৈছিল । তেখেতৰ এই পৰিৱেশ সচেতন মনৰ বাবে তেখেতলৈ আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ।
চিকিৎসকৰ পৰামর্শমতে আমি বনবিভাগৰ কার্যালয় পালোগৈ। ডাঃ ৰূপম গগৈয়ো তাৎক্ষণিকভাৱে উপস্থিত হ’লহি। আমি বনবিষয়াৰ কাৰ্যালয়ত চিকিৎসা প্ৰদানৰ কামত সহযোগ কৰিলোঁ। শগুনটো পৰীক্ষা কৰি তেখেতৰ সহায়কাৰী এজনক ফোন কৰি ঔষধ লৈ আহিবলৈ ক’লে। ইতিমধ্যে শগুন উদ্ধাৰৰ অভিজ্ঞতাৰে পুষ্ট ড° অমল দত্ত ছাৰলৈ মই ফোন কৰিছিলোঁ। তেখেতো আহি পালেহি। ঘিলামৰাৰ পৰা পশু চিকিৎসক ডাঃ হেমন্ত চুতীয়াও আহি উপস্থিত হ’লহি।
আমি পুনৰ পাগলী পথাৰলৈ ৰাওনা হ’লোঁ। তেতিয়ালৈ সাংবাদিক ৰাজীৱ বৰুৱা আৰু প্রতাপ দত্তও উপস্থিত হ’লগৈ। এই নিদাৰুণ সময়খিনিতে আকৌ অন্ধবিশ্বাসত ডুবি থকা সমাজৰ একাংশ লোকে মনে মনে শগুনৰ পাখি, হাড় আদি বিচাৰি আমাক আমনি কৰিছিল যদিও আমি ধমক দি আতৰাই পঠিয়ালোঁ।
পাগলী পথাৰলৈ আহি থাকোঁতে পৰিৱেশকৰ্মী বিমান সন্দিকৈ দাদাক লগ পালো। তেখেতকো ঘটনাস্থলীলৈ আহিবলৈ ক’লোঁ। আমি মৃত কুকুৰটো ভালদৰে পর্য্যবেক্ষণ কৰি দেখিলোঁ যে কুকুৰটো খোৱাৰ কোনো চিন-মোকাম নাই। অন্য ক’ৰবাত খাদ্য খাই আহি কুকুৰটোৰ মাংস ভক্ষণ কৰিবলৈ আহোতেই হয়তো শগুনকেইটা অসুস্থ হৈ পৰিল।
আমি নিশ্চিত হ’লো যে অন্য ঠাইতো মৰা শ বা অসুস্থ শগুন ওলাব পাৰে ।
মই ধ্রুৱক ক’লোঁ-
: ইয়াত আৰু শগুনো থাকিব পাৰে। আমি বিচাৰ খোচাৰ কৰা উচিত।
লগে লগে কেইজনমান স্থানীয় ব্যক্তিৰ সৈতে মই, ৰণ্টু, ধ্রুৱ আৰু বিমান দাই কাষৰ বাঁহনি আৰু হাবিত শগুনৰ সন্ধান আৰম্ভ কৰিলোঁ। আমি বিচাৰ-খোচাৰ কৰাত আন এটা শগুন সংকটজনক অৱস্থাত পালোঁ। লগে লগে বিমান সন্দিকৈ দা আৰু ধ্ৰুৱ পুনৰ বন বিষয়াৰ কাৰ্যালয়লৈ ৰাওনা হ’ল।
দুয়োটাৰে চিকিৎসা আৰম্ভ হ’ল। ইতিমধ্যে আমি বনকৰ্মীৰ সহযোগত মৰা কুকুৰটো পুতি মৰা শগুনকেইটা পোষ্টমৰ্টেম কৰিবলৈ এখন গাড়ীত বন বিভাগৰ অফিচলৈ লৈ আনিলোঁ । সন্ধিয়ালৈ বিজ্ঞান কৰ্মী হেমন্ত কুমাৰ বৰুৱা আৰু মহকুমাধিপতি অৰিন্দম বৰুৱাও আহিলে। চিকিৎসাৰ বুজ ল’লে। তেতিয়ালৈ আন্ধাৰো হৈ আহিল। কেইবাঘন্টা ধৰি নেৰানেপেৰা চিকিৎসাৰ শেষত চিকিৎসকে শগুন দুটা বিপদ মুক্ত বুলি ঘোষণা কৰে। মনটো অলপ হ’লেও শাত পৰিল। সেইদিনা শগুন দুটা বন বিভাগৰ অফিচৰ পুৰণি ৰুম এটাত থোৱাৰ সিদ্ধান্ত লোৱা হ’ল। ডাঃ ৰূপম গগৈয়ে পিছদিনা মৃত শগুনকেইটা পোষ্টৰ্মটেম কৰিব বুলি জনালে।
আমি আলোচনা কৰিলোঁ যে পাছদিনা ৰাতিপুৱা ধ্রুৱ আৰু বিমান দাই ঘটনাস্থলীলৈ গৈ মৰাশটো বিচৰাৰ সিদ্ধান্ত হ’ল। যদিহে বিষ দিয়া মৰাশটো এতিয়াও কৰবাত ওচৰে পাজৰে আছে তেতিয়া অন্য শগুনো পুনৰ বিষক্রিয়াৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে।
২৫ ফেব্ৰুৱাৰি, ২০২৩ তাৰিখে ৰাতিপুৱা ৬.৩০ বজাত মোৰ ফোনটো বাজি উঠিল। মই তেতিয়া জুহালৰ কাষতে বহি আছিলোঁ। ফোনটোৰ স্ক্রীণত জিলিকি উঠিল – যাযাবৰী বিহংগ। আচলতে ধ্রুৰ নামটো এই নামেৰে মোৰ ম’বাইলত চেভ আছে। ফোন কলটো ৰিচিভ কৰাৰ লগে লগে ধ্রুৱই ক’লে-
: ঘটনাটো হোৱাৰ পৰা আধা কিলোমিটাৰ মান দূৰৈত মৰা গৰু পোৱালি এটা কুকুৰে খাই থকা দেখি আমি চাই দেখিলোঁ যে এই গৰু পোৱালিটো খায়েই শগুন কেইটাৰ মৃত্যু হোৱাৰ লগতে অসুস্থ হৈছিল ।
ডাঃ ৰূপম গগৈয়ে বিমান দালৈ ফোন কৰি ক’লে যে তেওঁলোক ন মান বজাত বনবিভাগৰ কার্যালয়ত উপস্থিত হৈ মৰা শগুন কেইটা পোষ্টৰ্মটেম কৰিব আৰু বাকী শগুন দুটা চিকিৎসা কৰিব লাগিব ।
মই গা-পা ধুই বনবিভাগৰ কার্যালয়লৈ বুলি ওলাব লওঁতে পুনৰ ফোনটো বাজি উঠিল। সিফালৰ পৰা বিমান দাই ক’লে-
: ভাল খবৰ এটা আছে মানস। ধ্রুৱ আৰু মই বাহিৰে বাহিৰে কঢ়াঘাটত থকা শগুনকেইটা চাই আহোগৈ । আমি দেৰি নকৰি কঢ়া ঘাটলৈ ৰাওঁনা হ’লো । আমি গৈ পাই দেখো যে এজোপা গছত পাঁচটা আৰু আন এজোপা গছত দুটা শগুন বহি ৰ’দ লৈ আছে আৰু গোটেই কেইটা বাঁহতে পোৱালি আছে । মৰা শ শগুনকেইটা ইয়াৰ নহয়।
পুৱা ৯ বজাৰ লগে লগে আমি বনবিষয়াৰ কাৰ্যালত উপস্থিত হ’লোগৈ। ইতিমধ্যে শগুনকেইটা খাদ্য হিচাপে কি খোৱাৰ বাবে এনে হৈছে সেয়া আমি নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰিছিলোঁ। ৯:২০ বজাত দেৱজিত ফুকনো আহি পালেহি। সাংবাদিক ৰাজীৱ বৰুৱাই আমাক সংগ দিলে। চিকিৎসক, বন বিভাগৰ লোক, সংবাদ কৰ্মী আৰু আমাৰ টিমটোৰ উপস্থিতিত চিকিৎসা প্ৰদানৰ অন্তত সুস্থ হৈ উঠা শগুনটো মুকলি আকাশলৈ মোকলাই দিয়া হ’ল।
চিকিৎসাধীন অৱস্থাত থকা আনটো শগুনক আবেলি এটা চেলাইন আৰু কেইবাটাও বেজি দিয়াৰ পিছত আগতকৈ কিছু পৰিমানে সুস্থ হয় । পুনৰ বনবিভাগৰ কার্যালয়তে আগদিনা ৰখা কোঠাটোতে শগুনটোক ৰখা হয়।
২৬ ফেব্ৰুৱাৰি ২০২৩ তাৰিখে পুৱা ফোন কৰি খবৰ লওতে চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰি শগুনটো মুকলি কৰি দিবলৈ পৰামৰ্শ দিলে । পৰামর্শ অনুসৰি আমি আলোচনা কৰি দিনৰ ১২:০০ বজাত মুকলি কৰি দিয়াৰ সিদ্ধান্ত ল’লোঁ । মুকলি কৰি দিবলৈ চিকিৎসক ডাঃ ৰূপম গগৈ, দেৱজিৎ ফুকন, বিমান সন্দিকৈ, ধ্রুৱজ্যোতি চেতিয়া, সাংবাদিক প্ৰতাপ দত্ত, ৰাজীৱ বৰুৱা, বন বিভাগৰ লোকসকল আৰু মই বনবিভাগৰ অফিচত লগ হ’লোঁ।
চিকিৎসকে পুনৰ স্বাস্থ্য পৰীক্ষা কৰি শগুনটো সুস্থ হৈ উঠাৰ কথা জনালে। আমিও মুকলি কৰি দিবলৈ সাজু হ’লোঁ। আলোচনা মৰ্মে ঢকুৱাখনাৰ কোৱাবাৰী দলনিত মুকলি কৰি দিয়াৰ সিদ্ধান্ত লোৱা হ’ল । আমি এখন গাড়ী ভাড়া কৰি কোৱাবাৰী দলনিলৈ ৰাওনা হওঁ । গাড়ীত বনকর্মী বৃষভ দাস, মই আৰু ধ্রুৱ উঠিলোঁ। আন এখন গাড়ীত বাকীকেইজন কর্মী কোৱাবাৰী দলনিলৈ ৰাওনা হ’ল। সকলোৰে উপস্থিতিত আমি কোৱাবাৰী দলনিত শগুনটোক মুকলি কৰি দিওঁ। মুকলি কৰি দিয়াৰ প্রায় দহ মিনিট মানৰ পিছত শগুনটো উৰি গৈ দলনিত চৰাই চাবলৈ সাজি থোৱা ৱাটচ টাৱাৰটোৰ টিঙৰ ওপৰত পৰিলগৈ। তাতে সি জিৰণি ল’লে। আমি সি উৰি যোৱালৈ অপেক্ষা কৰিলো যদিও গধূলিলৈকে তাতে জিৰণি লৈ পাখি জোঁকাৰি ঠাই সলনি কৰি এফালৰ পৰা আন ফাললৈ অহা-যোৱা কৰি থাকিল।
সাধাৰণতে বন্ধ কোঠাত থকাৰ বাবে এনে কৰা বুলি আমি অনুভৱ কৰিলোঁ আৰু আলোচনা অনুসৰি তাতে জিৰণি ল’বলৈ দি আমি ঘৰলৈ বুলি ৰাওনা হ’লোঁ।
২৭ ফেব্ৰুৱাৰি ২০২৩ তাৰিখে ৰাতিপুৱাৰে পৰা ধ্রুৱৰ ফোন।
: মানস দা, চৰাইটো এতিয়াও তাতেই আছে। আবেলিলৈকে চাওঁ। নহ’লে ৰেচকিউ কৰিব লাগিব।
: ঠিক আছে। চাওচোন। সি পাখি জোকাৰি আছে যেতিয়া আবেলিলৈ উৰি যাব লাগে – বুলি কৈ ফোনৰ সংযোগ বিচ্ছিন্ন কৰি দিলোঁ।
আবেলি মই ঢকুৱাখনালৈ ওলালোঁ। প্রয়োজন সাপেক্ষে শগুনটোক ৰেচকিউ কৰিবলৈয়ো মানসিকভাৱে সাজু হৈ গ’লোঁ। কোৱাবাৰী দলনি পাই দেখোঁ- শগুনটো নিজৰ ঠাইলৈ উৰি গৈছে। মই লগে লগে ধ্রুৱলৈ ফোন লগালোঁ-
:ধ্ৰুৱ শগুনটো নিজৰ ঠাইলৈ উৰি গ’ল গৈ।
: ৰ’ব ৰ’ব মই দলনিলৈ গৈ আছো।
অলপ পাছতে ধ্রুৱও দলনি পালেহি। বিমান সন্দিকৈ দাদাও আহিল। শগুনটো উৰি যোৱাৰ বতৰা পাই আমাৰ মুখত হাঁহি বিৰিঙি উঠিল। চকুৰ সন্মুখতে ছয়টাকৈ শগুনৰ মৃত্যুৰ মাজতে উদ্ধাৰ কৰি দুটা শগুন সুস্থ কৰি প্ৰকৃতিৰ মাজলৈ মুকলি কৰি দিয়াৰ সুখানুভূতিয়ে আমাৰ মনত অলপ আনন্দৰ বা বিলায় গ’ল।