নীৰৱতাৰ সিপাৰেঃ প্ৰতি দেওবাৰে পৰিৱেশ কৰ্মী মানস প্ৰতিম দত্তৰ নিয়মীয়া লেখা
অসমীয়া গীত-মাতত পখিলাৰ ৰহস্যময় জগতখন
— মানস প্ৰতিম দত্ত, পৰিৱেশ কৰ্মী।
চোৱাচোন পখিলাটি
কেনেনো শুৱনি
কেনেনো ধুনীয়া তাৰ
পাখি দুইখনি।
কেতিয়াবা ওপৰত
আকৌ তলত
এটা এৰি বহিছেহি
আনটো ফুলত ।
পখিলা বুলি ক’লেই আমাৰ মনলৈ কবি দুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱাৰ এই কবিতাটিয়েই আহে নহয়নে? শৈশৱ-কৈশোৰত পখিলাৰ পাছে পাছে দৌৰি ফুৰা সময়বোৰ কিমান যে ভাল লগা!
শৈশৱতে বুলিয়েই নহয় আজিও আমি পখিলাৰ প্ৰতি একে সস্নেহ অনু্ভৱ কৰোঁ। এতিয়াও যদি আমাৰ হাতত পখিলা আহি পৰেহি, তেতিয়া কাষত থকাজনে নিশ্চয় অজানিতে কৈয়ে পেলায় যে- তোমাৰ হাতত পখিলা পৰিছে দেখিছা, কিবা ভাল খবৰ আহিব। কথাটো সঁচা নেকি? এই প্ৰশ্নটোৱে আমাকো ভাবিবলৈ বাধ্য কৰে। আচলতে, আমি মনত ৰখা উচিত যে, হাতত পখিলা পৰা মানেই শুভকামনা অহা নহয়। আমাৰ হাতত পখিলা এটা অৱতৰণ কৰিলেই পখিলাটোৱে আমাক ভাল পায় বুলি ক’ব নোৱাৰি। আমাৰ শৰীৰৰ ঘাম আৰু তেজৰ গোন্ধই পখিলাক আকৰ্ষণ কৰে। ইহঁতে আমাৰ ছালৰ পৰা পুষ্টিকৰ উপাদান শোষণ কৰে। পখিলাটোৱে এই কাম খুব সন্তৰ্পণে কৰে বাবে অতি কমসংখ্যক লোকেহে কথাটো লক্ষ্য কৰে। কিন্তু মানুহৰ শৰীৰৰ পুষ্টিৰ উপৰিও পখিলাবোৰে ফুলৰ পৰা মৌ সংগ্ৰহ কৰে।
আচলতে, সকলোৱে পখিলাৰ প্ৰেমত পৰে। ৰং-বিৰং দেহেৰ বাবেই সহজে সকলো পখিলাৰ প্ৰথি মোহিত হয়। তাৰেই প্ৰতিচ্ছবি শুনা যায় কবিৰ কবিতাৰ মাজত। প্ৰতিমাৰ খনিকৰ চন্দ্ৰ কুমাৰ আগৰৱালায়ো পখিলাৰ সৌন্দৰ্যত মুগ্ধ হৈ লিখিছিল-
ফুটুকীয়া সাজ তোমাৰ
হেঙুলীয়া ৰেখা;
কেতেকী ৰেণুৰে ঘঁহা
নাচনী পখিলা।
বহু সময়ত পখিলাবোৰক জলাশয়, পুখুৰী আদিৰ কাষত হালিজালি নাচি থকা দেখা পোৱা যায়। ইহঁতে পুখুৰীৰ পৰা প্ৰয়োজনীয় পানী খায়। কিছুমান প্ৰজাতিৰ পখিলাই পেলনীয়া পচি যোৱা খাদ্যৰ প্ৰতি আকৰ্ষিত হয়। পচি যোৱা খাদ্য বুলিলে সেয়া মাংসও হ’ব পাৰে বা অন্য কিবা ফলো হ’ব পাৰে।
জলাশয়ৰ কাষত থকা পখিলা দেখিয়েই হয়তো চন্দ্ৰকুমাৰ আগৰৱালাদেৱে একেটা কবিতাটে লিখিছিল —
শূন্যৰ কোলাত গা ঘেলাই
পানীত মুখ চোৱা,
পদুম ফুলৰ চকাত পৰি
তাতে মোহ যোৱা।
পখিলাবোৰ সাধাৰণতে তৃণভোজী। কিন্তু আচৰিত কথাটো হ’ল হেলিকনিয়াছ চেৰিথনিয়া নামৰ ধুনীয়া পখিলাৰ প্ৰজাতিটোৱে মাংস খায়। অৱশ্যে ইহঁতে নিজৰ মাজতে এই মাংসবোৰ খায়। এই মাংসবোৰ আচলতে ইহঁতৰে পলুবোৰ। অৰ্থাৎ এই প্ৰজাতিৰ পখিলাবোৰে নিজৰ ভাই-ভনীক মাৰি খাই পেলায় বুলি ক’ব পাৰি।
কেৱল ফুলৰ পৰা পখিলাবোৰৰ কাৰণে প্ৰয়োজনীয় পৰ্যাপ্ত পৰিমাণৰ ছডিয়াম নাপায়। ফলত নিমখীয়া বস্তুৰ প্ৰতি আকৰ্ষিত হয়। আনকি কিছুমান প্ৰজাতিৰ পখিলা মানুহৰ প্ৰস্ৰাৱৰ প্ৰতিও আকৰ্ষিত হয়। কাৰণ প্ৰস্ৰাৱত ছডিয়াম থাকে। আনকি তেওঁলোকে প্ৰয়োজনীয় ছডিয়াম পাবলৈ সৰীসৃপৰ চকুলোও সেৱন কৰে।
পলুবোৰে বহুত খায়। অৰ্থাৎ খায় আৰু মল ত্যাগ কৰে। একে ঠাইতে বহু পলুৱে শৌচ কৰিলে তাৰ শব্দও শুনা যায়। ইহঁতৰ মল-মূত্ৰৰ শব্দ হাবিত বৰষুণৰ হোৱাৰ দৰে হয়।
বিষাক্ত উপাদান সকলো উৎসতে থকাৰ দৰে পখিলাৰ মাজতো কিছুমান বিষাক্ত পখিলা আছে। অৱশ্যে, কোনো বিষাক্ত পখিলাই মানুহ বা বৃহৎ প্ৰাণীক হত্যা কৰিব নোৱাৰে। পখিলাক আমনি নকৰিলে ই কাকো অসুবিধা নকৰে। গতিকে, এইক্ষেত্ৰত ভয় কৰাৰ কোনো কাৰণ নাথাকে।
ভাৰতবৰ্ষত পোৱা বিষাক্ত পখিলাসমূহৰ ভিতৰত Monarch, Red Lacewing, Zebra Longwing, Pipevine Swallowtail, The Postman, Queen Butterfly, Atala Butterfly, Common Indian Crow, Birdwing Butterflies, Papilio Antimachus আদি অন্যতম।
উষ্ণতা প্ৰায় ৩০ ডিগ্ৰী চেলছিয়াছ শৰীৰৰ উষ্ণতাৰ অধিকাৰী পখিলাইহে উৰণ সক্ষমতা লাভ কৰে। ইহঁত শীতলৰক্তী প্ৰাণী হোৱা বাবে শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰিব নোৱাৰে। শৰীৰৰ তাপমাত্ৰা কমি গৈ ১৩ ডিগ্ৰী চেলছিয়াছৰ তলৰ হ’লে ইহঁতে উৰণ সক্ষমতা হেৰুৱাই পেলায়।
পখিলাৰ অপৰূপ সৌন্দৰ্যৰ বৰ্ণনাৰে ড° বাণীকান্ত কাকতিয়ে লিখিছিল, “আমি পখিলা। আমাৰ পাখিত নানা বৰণৰ ৰং আছে বুলি আমাৰ এই নাম। গছ-লতাৰ ফুল আৰু পাতক আশ্ৰয় কৰিয়েই আমাৰ জনম। ফুলৰ ৰেণুৱেই আমাৰ প্ৰধান খোৱা বস্তু আৰু ফুলৰ আশ্ৰয়তেই আমি থাকো।
আগৰ দিনত আমাক বুলিছিল প্ৰজাপতি। হিন্দুৰ প্ৰধান দেৱতা ব্ৰহ্মাৰ নামো প্ৰজাপতি। কিয়, ক’ব পাৰানে? অনন্ত- শয়নত নাৰায়ণ দেৱতা শুই থাকোতে তেওঁৰ নাইৰপৰা পদুম ফুল এটি ফুটি ওলাইছিল। সেই পদুম ফুলতেই ব্ৰহ্মাৰ জন্ম হৈছিল। ফুলৰপৰা ওপজা বুলিয়েই নেকি আমাৰ আৰু ব্ৰহ্মাৰ নাম একে।”
পখিলাক লৈ মানুহৰ উৎসুকতাৰ অন্ত নাই। শিশু মনত সৌন্দৰ্যৰ সোপান প্ৰোথিত কৰাত পখিলাৰ অৱদানো কম নহয়। গীতিকবি পাৰ্বতীপ্ৰসাদ বৰুৱাই সেয়ে লিখিছিল —
অ’ চিত পখিলি
কচোন ক’ত পাই
সৰু পাখি দুখিলি?
কোন দূৰ-দূৰণিত
পাৰিজাত ফুলনিত
আঁৰে আৰে উৰি তই
কি ছবি দেখিলি?
পোহৰৰ গুণ গাই
ফুটুকাৰ মৌ খাই
তোৰ দৰে ঘূৰি ঘূৰি
উৰিবৰ মন যায়।
ৰ’দালিয়ে বীণ বায়
জিলিয়ে জুৰণি গায়
চেবে চেৱে নাচি তই
কি সুৰ শিকিলি?
পখিলাৰ কথাৰে শিশুসকলক আকৰ্ষিত কৰিবলৈ ইয়াক বিভিন্ন ক্ষেত্ৰত প্ৰয়োগ কৰাও দেখা যায়। অসমীয়া সাঁথৰতো পখিলাৰ উল্লেখ আমাৰ তেনেই চিনাকী। যথা- চিত পখিলা, চিত পখিলা ,তিনি মূৰ দহ ঠেঙ ক’ত দেখিলা ?
এটা প্ৰাপ্তবয়স্ক পখিলাৰ গড় আয়ুস প্ৰায় ৩-৪ সপ্তাহ। কিন্তু জন্মৰ সময়ৰ পৰা গণনা কৰিলে প্ৰজাতি অনুসৰি প্ৰায় ২ৰ পৰা ৮ মাহ পৰ্যন্ত হয়। উত্তৰ আমেৰিকাৰ মনাৰ্ক নামৰ পখিলাবিধ প্ৰায় ৮ মাহ জীয়াই থাকে। পখিলাই জীৱনৰ বেছিভাগ সময় পলু হিচাপে কটায়। আন কিছুমান পখিলা আছে, যিবোৰ মাত্ৰ ২৪ ঘণ্টা জীয়াই থাকে।
পখিলাৰ আটাইতকৈ আকৰ্ষণীয় অংশটো হ’ল ইহঁতৰ পাখি। ইহঁতৰ দুখনহে পাখি থকাৰ দৰে লাগে যদিও সৰ্বমুঠ চাৰিখন পাখি থাকে। ভালদৰে চালে পখিলাৰ আগফালে দুখন পাখি আৰু পিছফালে আন দুখন পাখি দেখা পোৱা যায়।
পখিলাবোৰে স্থানীয় পৰিৱেশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। পখিলাই উদ্ভিদৰ পৰাগযোগত গুৰুত্বপূৰ্ণ ভূমিকা পালন লৰে। পখিলাই সাধাৰণতে ৫০টাতকৈয়ো অধিক অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ উদ্ভিদ শস্যৰ পৰাগযোগ কৰাত সহায় কৰে।
সূত্ৰঃ
১। top1oanimal.com
২। Conservation of Butterflies in Assam, India: Setting example for worldwide efforts. HORIZON INTERNATIONAL SOLUTIONS SITE