নীৰৱতাৰ সিপাৰে ১৪ঃ পঢ়ক প্ৰতি দেওবাৰে পৰিৱেশ কৰ্মী মানস প্ৰতিম দত্তৰ নিয়মীয়া লেখা

নীৰৱতাৰ সিপাৰে ১৪ঃ পঢ়ক প্ৰতি দেওবাৰে পৰিৱেশ কৰ্মী মানস প্ৰতিম দত্তৰ নিয়মীয়া লেখা


অসমীয়াৰ স্বাভিমানঃ গঁড়


— মানস প্ৰতিম দত্ত, পৰিৱেশ কৰ্মী৷

     গঁড় বুলিলে মোৰ মনলৈ প্ৰথমেই আহে পৰিৱেশকৰ্মী, লেখক বুবুল শৰ্মাৰ গঁড় বিষয়ক গৱেষণামূলক গ্ৰন্থ বিশ্বৰ বিপদাপন্ন প্ৰাণী গঁড় [২০১৭] নামৰ গ্ৰন্থখনৰ কথা৷ এইখনেই সম্ভৱতঃ অসমীয়া ভাষাত লিখা গঁড় বিষয়ক পূৰ্ণাংগ গ্ৰন্থ৷ গ্ৰন্থখনত লেখক বুবুল শৰ্মাই গঁড় আৰু লোকবিশ্বাসৰ আঁত ধৰি অসমীয়া সমাজৰ জনবিশ্বাস সম্পৰ্কে লিখিছে– ‘‘কাজিৰঙাত গঁড়ৰ বসতি কেনেকৈ হ’ল সেই বিষয়েও এটা আখ্যান আছে৷ শোণিতপুৰৰ বাণ ৰজাই বন্দী কৰা কৃষ্ণৰ নাতিয়েক অনিৰুদ্ধক কৃষ্ণই মুকলি কৰি আনিবলৈ গঁড়ৰ পিঠিত উঠি অসম পাইছিল৷ কৃষ্ণই এছিয়া ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে কাজিৰঙাতে প্ৰথমে অৱতৰণ কৰিছিল৷ তাতে গঁড়টোক কাজিৰঙাৰ কোমল লহপহীয়া ঘাঁহনিত চৰিবলৈ এৰি দি নিজে ব্ৰহ্মপুত্ৰ পাৰ হৈ বাণ ৰজাৰ সৈতে যুঁজিবলৈ গৈছিল৷ যুদ্ধ শেষ হোৱাত বিজয়ী কৃষ্ণ উভতিবৰ সময় হ’ল৷ তেওঁ যেতিয়া বাঁহীটো বজাই গঁড়টোক মাতিলে, কাজিৰঙাৰ কোমল ঘাঁহনিত ক’ব নোৱাৰাকৈ চৰি থকা গঁড়টোৱে ব্ৰহ্মপুত্ৰৰ বোঁৱতি পানীৰ শব্দৰ বাবে কৃষ্ণৰ বাঁহীৰ মাত শুনিবলৈ নাপালে৷ কৃষ্ণই খঙতে গঁড়টোক কাজিৰঙাত এৰি দ্বাৰকালৈ উভতি গ’লগৈ৷ তেতিয়াৰ পৰাই কাজিৰঙাতে গঁড়ৰ বসতি আৰম্ভ হ’ল বুলি বিশ্বাস৷’’
     জনবিশ্বাসৰ পৰিধিৰ পৰা আঁতৰি আহিলে আমি গম পাওঁ যে, গঁড় শব্দটোৰ ইংৰাজী প্ৰতিশব্দ হ’ল Rhinoceros, যিটো গ্ৰীচ ভাষাৰ শব্দ৷ ইয়াৰ অৰ্থ হ’ল নাক (Rhino) আৰু শিং (Ceros)৷ অসম এটা খড়্গযুক্ত গঁড়ৰ আদৰ্শ বাসভূমি৷ ইয়াক গঁড়ক ভাৰতীয় গঁড় [ইণ্ডিয়ান ৰাইন’] নামেৰেও জনা যায়৷ ই গঁড় প্ৰজাতিৰ ভিতৰত আটাইতকৈ ডাঙৰ৷ ভাৰতীয় গঁড়ৰ ক’লা শিং আৰু ভাঁজ থকা ধূসৰ-বাদামী ৰঙৰ ছাল থাকে৷ বিশ্বৰ ভিতৰতে সৰ্বাধিক এটা  খড়্গযুক্ত গঁড়ৰ বাসস্থান ভাৰতবৰ্ষ৷ ইহঁতে ঘাঁহৰ লগতে জোপোহা আৰু গছৰ ডাল-পাত, ফল-মূল আৰু জলজ উদ্ভিদৰ খাদ্য হিচাপে গ্ৰহণ কৰে৷ বৰ্তমান ভাৰতত প্ৰায় ২৬০০ এটা খড়্গযুক্ত গঁড় আছে৷ ইয়াৰে ৯০ শতাংশতকৈ অধিক গঁড় অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়৷ বন্যপ্ৰাণী [সংৰক্ষণ] আইন, ১৯৭২ অনুসৰি গঁড অনুচ্ছেদ ৰ (Schedule I)ৰ অন্তৰ্গত৷
      পৃথিৱীত গঁড়ৰ পাঁচটা প্ৰজাতি পোৱা যায়৷ সেইকেইটা হৈছে–ৰেড ডাটা বুকৰ অসুৰক্ষিত শ্ৰেণী (Vulnerable)ৰ অন্তৰ্গত ভাৰতীয় এক খড়্‌গযুক্ত গঁড় (Indian one-horned Rhinoceros), অতিশয় সংকটাপন্ন (Critically endangered) শ্ৰেণীৰ সুমাত্ৰাৰ দুই খড়্‌গ বিশিষ্ট গঁড় (Sumatran two-horned Rhinoceros) আৰু জাভাৰ এক খড়্‌গযুক্ত গঁড় (The Javan small one-horned Rhinoceros), আফ্ৰিকা মহাদেশৰ দুই খড়্‌গযুক্ত ক’লা গঁড় (African black two-horned Rhinoceros) আৰু সংকটাপন্ন (Near Threatend) শ্ৰেণীৰ আফ্ৰিকা মহাদেশৰ বগা গঁড় (African white Rhinoceros)৷ গঁড়ৰ প্ৰজাতিকেইটাৰ ভিতৰত সুমাত্ৰাৰ গঁড় আটাইতকৈ সৰু৷ ক’লা আৰু বগা গঁড়ৰ নামটো খুবেই বিভ্ৰান্তিকৰ, কিয়নো দুয়োটা আচলতে ধূসৰ ৰঙৰহে৷ বগা গঁড়ৰ নামটো আফ্ৰিকান ভাষাৰ বহল (wyd) শব্দৰ পৰা আহিছে বুলি কোৱা হয় যিয়ে ইয়াৰ বহল বৰ্গক্ষেত্ৰৰ ওঁঠটোক বুজায়৷ আনহাতে ক’লা গঁড়ৰ ওপৰৰ ওঁঠটো নোমযুক্ত হয়৷ পুৰণি ইংৰাজ পৰিব্ৰাজকসকলে ইয়াকক ‘বগা’ বুলি ভুল কৰিছিল আৰু তেওঁলোকে ইয়াৰ পাৰ্থক্য বুজাবলৈ এটাক ‘বগা’ গঁড়, আৰু আনটো ‘ক’লা’ গঁড় বুলি নাম দিছিল৷ মতা গঁড়ক ‘বুলচ্‌ (Bulls)’ আৰু মাইকী গঁড়ক ‘কাৱ (Cow)’ বুলি কোৱা হয়৷ গঁড়ৰ দলক ‘ক্ৰেচ (Crash)’ বুলি কোৱা হয়৷

গঁড় মূলত শিংযুক্ত নহয়, ই খড়্‌গযুক্ত প্ৰাণীহে৷ এই সম্পৰ্কে লেখক বুবুল শৰ্মাই একে গ্ৰন্থতে লিখিছে- “গঁড়ৰ নাকৰ ওপৰত থকা শৰীৰৰ এই জোঙা অংগটো কিন্তু শিং নহয়৷ সেয়ে ইয়াক খড়্‌গ বোলাটোহে সমীচীন৷ আচলতে শিং বুলি ক’বলৈ যিবোৰ বৈশিষ্ট্য লাগে খড়্‌গটোত সেইবোৰ নাই৷ গঁড়ৰ খড়্‌গটো নাকৰ ওপৰত (nasal bone) চুলিৰ দৰে আঁহেৰে এপিডাৰ্মেল পেপিলিৰে গঠিত হোৱা এটা জোঙা গঠন৷ আনহাতে বহুতে ইয়াক একোছা বন্ধা চুলিৰ এটা টান গঠন বুলিও ক’ব খোজে৷ গঁড় খড়্‌গত বহু পৰিমাণে ছালফাৰযুক্ত এমিন’ এচিড বা চিষ্টিন (Cysteine), টাইৰ’ছিন (Tyrosin), লাইছিন (Lysine), আৰ্জিনাইন (Arginine), হিষ্টাডিন (Histadine)ৰ কেলছিয়াম কাৰ্বনেট, কেলছিয়াম ফছফেট থাকে বাবে বেছি ক্ষাৰযুক্ত, খড়্‌গৰে তৈয়াৰী পাত্ৰত বিহ দিলে ৰাসায়নিক ক্ৰিয়া কৰি বুদবুদৰ সৃষ্টি হয় বুলি নগন্যসংখ্যক বিজ্ঞানীয়ে ক’ব বিচাৰে৷ সেয়ে খড়্‌গটোৰ আকাৰৰ তুলনাত ওজন কম৷ আচলতে গৰু- ছাগলীৰ শিং বোৰৰ ভিতৰত এডাল হাড় থাকে আৰু হাড়ডাল লাওখোলাৰ (Frontal bone) পৰা বাঢ়ি অহা৷ পিচে গঁড়ৰ খড়্‌গটোৰ ভিতৰত হাড় নাথাকে৷ সেয়ে আঘাত পায় খড়্‌গ সৰিলে বা বোকা মাটিত খড়্‌গটো ঘঁহাই থকাৰ বাবে ক্ষয় গ’লেও একে ঠাইতে দহ-বাৰ বছৰৰ ভিতৰতে পুনৰ আগৰ সমান কৈ গজে, পিচে শিং সৰিলে পুনৰ নগজে৷ কাৰণ খড়্‌গটো কেৰাটিন আঁহ (keratin fibre) একেলগে টানকৈ লগ লাগি হোৱা এক অংগহে৷”
অন্ধবিশ্বাস, বাসস্থানৰ অভাৱ আৰু চোৰাং চিকাৰীৰ কবলত পৰি গঁড়ৰ ভৱিষ্যতলৈ ভাবুকি নামি আহিছে৷ ১৯৯০ চনৰে পৰা আফ্ৰিকাত গঁড়ৰ সংকট আৰম্ভ হৈছিল৷ ২০১০ চনলৈকে ই দেশজোৰা বিপদত পৰিণত হৈছিল যাৰ বাবে মানুহে গঁড় সংকটৰ বিষয়ে নিজৰ উদ্বেগ প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছিল৷ সেই সময়ছোৱাত WWF-দক্ষিণ আফ্ৰিকাই এই সংকটৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ লগতে এই জীৱ-জন্তুবোৰক ৰক্ষাৰ গুৰুত্বৰ বিষয়ে সজাগতা বৃদ্ধিৰ উদ্দেশ্যে বিশ্ব গঁড় দিৱস পালনৰ কথা ঘোষণা কৰে৷ ২০১১ চনত লিজা জেন কেম্পবেল নামৰ এগৰাকী মহিলাই সহযোগী গঁড়প্ৰেমী ৰিছজালৈ মেইল লিখি পৃথিৱীত কমেও পাঁচটা প্ৰজাতিৰ গঁড়ৰ অভয়াৰণ্য দেখাৰ ইচ্ছা থকাৰ কথা উল্লেখ কৰিছিল৷ তাৰ পাছৰ পৰা বিশ্ব গঁড় দিৱস ২২ ছেপ্টেম্বৰ তাৰিখে সমগ্ৰ বিশ্বতে উদযাপন অব্যাহত আছে৷

তথ্য উৎসঃ
১৷ http://www.wwf.org.uk
২৷ rhinos.org

  • Related Posts

    ভাৰতৰ ভিতৰত দ্বিতীয় সৰ্বাধিক প্ৰজাতিৰ পখিলাৰ বিচৰণথলী কাজিৰঙা

    ভাৰতৰ ভিতৰত দ্বিতীয় সৰ্বাধিক প্ৰজাতিৰ পখিলাৰ বিচৰণথলী কাজিৰঙাঃ ড° মনচুন জ্যোতি গগৈৰ গৱেষণা‘এক্স’যোগে মুখ্যমন্ত্ৰীৰ অভিনন্দন ৰাইজৰ খবৰ ডিজিটেল, কাজিৰঙাঃ “বিগ ফাইভ”ৰ এক অনন্য বাসস্থান হিচাপে খ্যাতি লভা বিশ্ব ঐতিহ্য ক্ষেত্ৰ…

    নীৰৱতাৰ সিপাৰেঃ প্ৰতি দেওবাৰে পৰিৱেশ কৰ্মী মানস প্ৰতিম দত্তৰ নিয়মীয়া লেখা

    নীৰৱতাৰ সিপাৰে ১৭ঃ প্ৰতি দেওবাৰে পৰিৱেশ কৰ্মী মানস প্ৰতিম দত্তৰ নিয়মীয়া লেখা বিশ্বৰ সবাতোকৈ ভয়ংকৰ চৰাইকাছোৱাৰি — মানস প্ৰতিম দত্ত, পৰিৱেশ কৰ্মী। এজনী মাইকী কাছোৱাৰিয়ে তিনিৰ পৰা ন টা কণী…

    অন্যান্য বাতৰি

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস