নীৰৱতাৰ সিপাৰেঃ প্ৰতি দেওবাৰে পৰিৱেশকৰ্মী মানস প্ৰতিম দত্তৰ নিয়মীয়া লেখা
বিপজ্জনক অৰণ্য
— মানস প্ৰতিম দত্ত, পৰিৱেশকৰ্মী।
বিশ্বৰ প্ৰতিজন ব্যক্তিয়ে প্ৰকৃতিক ভালপায়। অৰণ্য অন্বেষণৰ সপোন দেখে। অৰণ্যত অৱসৰৰ দিন কটোৱাৰ হাবিয়াস মনত পুহি ৰাখে। কোনোৱে যদি অধ্যয়নৰ বাবে অৰণ্যলৈ বাট বুলিছে আন কোনোৱে আকৌ চখ পূৰাবলৈ গভীৰ অৰণ্যত খোজ পেলাইছে। অৰণ্যসমূহৰ বৈচিত্ৰ্য আৰু পৰিসৰৰ সমান্তৰালভাৱে ন ন উৎসই মানুহক হাত বাউল দি মাতি থাকে। অৰণ্য হ’ল মনোমোহা উদ্ভিদৰ পৰা আৰম্ভ কৰি ভয়ংকৰ জীৱ জন্তুৰ আৱাসস্থল। বহু দুৰ্গম অৰণ্যত এতিয়াও মানুহৰ জনবসতি তেনেই নগণ্য। বহু অৰণ্যৰ পৰা আকৌ উভতি নহাৰ শংকাত খোজ পেলাবলৈ সাহস নকৰে অৰণ্য অন্বেষকসকলে। আজি তেনেকেইখনমান ভয়াৱহ অৰণ্যৰ বিষয়ে জানোচোন আহক।
ৰোমানিয়াৰ হৌয়া বাচুঃ
“ট্ৰেন্সিলভানিয়াৰ বাৰ্মুডা ত্ৰিভুজ” হিচাপে পৰিচিত হৌয়া বাচু অৰণ্যখন ৰোমানিয়াৰ উত্তৰ সীমান্তৰ ক্লুজ নাপোকাৰ উপকণ্ঠত অৱস্থিত। এই অৰণ্যখনে ট্ৰেন্সিলভানিয়া 250 হেক্টৰ এলেকা আৱৰি আছে। অৰণ্যখনত সংঘটিত বিভিন্ন অদ্ভূত জৈৱিক পৰিঘটনাৰ বাবে অৰণ্যখন পৃথিৱীৰ ভয়ানক অৰণ্য বুলি প্ৰচলিত হৈ আহিছে।
সেয়া ১৯৬০ চনৰ সমসাময়িককথা। জীৱবিজ্ঞানী আলেকজান্দ্ৰু চিফ্টে অৰণ্যখনৰ ওপৰৰ আকাশত এটা উৰণীয়া অদ্ভুত বস্তু প্ৰত্যক্ষ কৰিছিল আৰু তাৰ ফটো তুলিছিল। তেতিয়াৰে পৰা অৰণ্যখনক লৈ বহুতো মুখৰোচক কাহিনী প্ৰচলন হ’বলৈ আৰম্ভ কৰে, যিবোৰ আজিও মানুহৰ বাবে ৰহস্য হৈয়ে আছে। এই ঘটনাৰ পাছত অন্য এবাৰ এজন গৰখীয়া আৰু তেওঁৰ 200 টা ভেড়া নিৰুদ্দেশ হোৱাৰ বাতৰি পোৱা গৈছিল।
অৰণ্যত প্ৰৱেশ কৰাৰ পাছতে মানুহৰ শৰীৰত তীব্ৰ দাগ, মূৰৰ বিষ, তীৰকঁপে জ্বৰ হ’বলৈ আৰম্ভ কৰে বুলি স্থানীয় লোকসকলে বিশ্বাস কৰে। ইয়াৰ গছবোৰৰ গঠনো দেখিবলৈ খুবেই ভয়ানক।
ডাৰিয়েন গেপঃ
কলম্বিয়া আৰু পানামাৰ মাজত ১০৬ কিলোমিটাৰ বিস্তৃত ডাৰিয়েন গেপক পৃথিৱীৰ আটাইতকৈ বিপদজনক জংঘলবোৰৰ এখন হিচাপে গণ্য কৰা হয়। প্ৰব্ৰজনৰ বেলিকা প্ৰতি বছৰে বহ হাজাৰ লোকে ডাৰিয়েন গেপ অতিক্ৰম কৰে যদিও এই অঞ্চলত ভ্ৰমণ উপযোগী পথ নথকাৰ লগতে বহুতো বিষাক্ত উদ্ভিদ-প্ৰাণীৰ বাসস্থান হোৱা হেতুকে প্ৰব্ৰজনকাৰীসকলৰ বহুতে প্ৰাণ হেৰুৱাবলগীয়াও হয়। ডাৰিয়েন গেপক “মৃত্যুৰ পাহাৰ” বুলি জনা যায়।
ডাৰিয়েন গেপত বিভিন্ন প্ৰজাতিৰ বিষাক্ত ভেকুলীয়ে বাস কৰে। অঞ্চলটোত বিষাক্ত জুই পৰুৱা বা ফায়াৰ এণ্ট, মাৰাত্মক ফাৰ-ডি-লেন্স সাপ, বিষাক্ত বৃশ্বিক, মানুহৰ ছালৰ তলত কণী পাৰিব পৰা বট মাখিকে আদি কৰা বহুতো হিংস্ৰ প্ৰাণীয়েও বাস কৰে।
ব্লেক পাম ডাৰিয়েনৰ বৰ্ষাৰণ্যত পোৱা যায়। সাৱধান নহলে ই মানুহৰ বিপদ ঘটাব পাৰে। আধুনিক পৃথিৱীৰ দ্বাৰা মুখ্যতঃ অস্পৃশ্য, ডাৰিয়েন হৈছে পৃথিৱীৰ আটাইতকৈ কম ভ্ৰমণ কৰা স্থানবোৰৰ ভিতৰত এক অন্যতম স্থান। সপ্তদশ শতিকাৰ স্কটিছ লেয়াৰছড অৰ্থাৎ ভূস্বামীৰ এটা ডাঙৰ গোটে ভাবিছিল যে ঊপনিবেশৰ বাবে ডাৰিয়েনৰ উত্তৰ তীৰ এক ভাল ঠাই হ’ব। ১৬৯৮ চনৰ পৰা ১৭০০ চনলৈ এহাজাৰৰো অধিক লোকে ডাৰিয়েনত ঊপনিবেশ স্থাপন কৰিছিল যদিও ৮০% লোকেই তাত বসতি স্থাপন কৰাৰ পূৰ্বে মৃত্যুক আঁকোৱালি লয়।
আমাজন বৰ্ষাৰণ্যঃ
আমাজন বৰ্ষাৰণ্য হৈছে পৃথিৱীৰ আটাইতকৈ বিপদজনক অৰণ্যসমূহৰ ভিতৰত অন্যতম অৰণ্য। বৰ্ষাৰণ্যখনে ব্ৰাজিল (60%), পেৰু (13%), কলম্বিয়া (10%)ৰ লগতে বলিভিয়া, ইকুৱেডৰ, ভেনিজুৱেলা, চুৰিনাম, গায়ানা আৰু ফৰাচী গিয়ানাৰ মাজেৰে 5,500,000 বৰ্গ কিলোমিটাৰ আৱৰি আছে। পৃথিৱীৰ সৰ্ববৃহৎ ক্ৰান্তীয় বৰ্ষাৰণ্যখনৰ সৌন্দৰ্য খুবেই মনোমোহা হোৱাৰ লগতে বিপদজনকো। মেলেৰিয়া ৰোগৰ পৰা আৰম্ভ কৰি য়েল্ল’ ফিভাৰকে আদি কৰি বহুতো দুৰাৰোগ্য ৰোগসৃষ্টিকাৰী অচিনাকি পোক-পতংগৰ আদৰ্শ বাসস্থান এই বৰ্ষাৰণ্যখন। ই বিভিন্ন প্ৰকাৰৰ সাপ, বিষাক্ত মকৰা, আক্ৰমণাত্মক পৰুৱা আৰু অন্যান্য পৰজীৱীৰ আৰু বন্য জন্তুৰে ভৰি আছে।
অৰণ্যখন বহুতো বিষাক্ত উদ্ভিদ আৰু জলাহভূমিৰে আৱৰি আছে। অমাজন বৰ্ষাৰণ্যক পৃথিৱীৰ হৃদপিণ্ড বুলি কোৱা হয়। ই সমগ্ৰ বিশ্বৰ জীবকুললৈ ২০% অক্সিজেন উপহাৰ দিয়াৰ উপৰি অকলে ৫৯% কার্বন-ডাই-অক্সাইড গেছ অৱশোষণ কৰি লয়। এনে এক স্থানত ২০১৯ চনত অনির্বাপিত বনজুই বিয়পি পৰাৰ ঘটনাই বিশ্ববাসীক স্তম্ভিত কৰি তুলিছিল। আমাজনত প্রায় ত্রিশ হেজাৰ গছ-গছনি, পাঁচ শতাধিক সৰীসৃপ আৰু স্তন্যপায়ী প্রাণীত উপৰি বিভিন্ন পোক-পতংগ, মৎস্য প্রজাতিয়ে বসবাস কবে।
অকিগাহাৰা চুইচাইড ফ’ৰেষ্টঃ
জাপানৰ অকিগাহাৰা অৰণ্যক চুইচাইড ফ’ৰেষ্ট হিচাপেও জনা যায়। “চুইচাইড ফৰেষ্ট” আৰু “ঘোষ্ট ফৰেষ্ট”ৰ দৰে উপনাম থকা অৰণ্যখনে এটা সময়লৈকে ভয়ংকৰ পৰিৱেশ গঢ়ি তুলিছিল তাৰ প্ৰমাভ জাপানী পৌৰাণিক কাহিনী, গ্ৰন্থ আৰু সমসাময়িক সংস্কৃতিত সঘনাই দেখা যায়। জাপানত আত্মহত্যাৰ সংখ্যা খুবেই বেছি। বহু লোকে এই অৰণ্যতে আত্মহত্যা কৰে। কিছুলোকে দাবী কৰে যে বছৰত ৩০ ৰ পৰা ১০০ জন মানুহে তাত প্ৰাণ লয়। অৰণ্যখনত মৃতদেহ বছৰ বছৰ ধৰি আৱিষ্কাৰ কৰিব নোৱৰাৰ ফলত বহুতো মৃতদেহ চিনাক্ত নোহোৱাকৈ চিৰদিনৰ বাবে হেৰাই যাব পাৰে।
জাপানত আন দেশৰ দৰে আত্মহত্যাই কলঙ্ক বহন নকৰে। চেপ্পুকু নামৰ এজন আত্মহত্যাৰ প্ৰথা জাপানৰ সামন্ততান্ত্ৰিক যুগত আৰম্ভ হৈছিল। ই বৰ্তমান নিয়ম নহয় যদিও বহুলোকে এই নিয়ম অনুসৰণ কৰা বুলি শুনা যায়।
অঞ্চলটোেত সম্প্ৰতি কেম্পিং কৰাৰ অনুমতি প্ৰদান কৰা হৈছে যদিও আৰক্ষীয়ে কেম্পিং কৰিবলৈ অহা দৰ্শনাৰ্থীসকলক আত্মহত্যাৰ সম্ভাৱনা থকা বুলি বিবেচনা কৰে আৰু ইয়াক প্ৰতিৰোধ কৰিবলৈ টহলত থকা লোকসকলে দৰ্শনাৰ্থীসকলৰ সৈতে কথা পাতি তেওঁলোকক অৰণ্য এৰি যাবলৈ উৎসাহিত কৰে যাতে আত্মহত্যাৰ ঘটনা নঘটে।
কংগো বৰ্ষাৰণ্যঃ
পাৰিপাৰ্শ্বিকভাৱে সমৃদ্ধিশালী অৰণ্যসমূহৰ ভিতৰত এখন অৰণ্য হৈছে কংগো বৰ্ষাৰণ্য। বৰ্ষাৰণ্যখন ৰিপাব্লিক অব্ কংগো আৰু ডেম’ক্ৰেটিক ৰিপাব্লিক অব্ কংগো, কেমেৰুন, গেবন আৰু চেণ্ট্ৰেল আফ্ৰিকান ৰিপাব্লিকৰ মাজেৰে এক বিশাল ক্ৰান্তীয় অঞ্চলত বিয়পি আছে।
ইয়াৰ অৰণ্যত ইব’লা, ৱেষ্ট নাইল ফিভাৰ, ডেংগু আৰু য়েল্ল’ ফিভাৰ বীজাণুৰ বাবে অনুকুল মাৰাত্মক প্ৰজনন ক্ষেত্ৰ উপযোগী অগণন বিৰল গছৰ প্ৰজাতি আছে।
অৰণ্য এখন বিপদজনক হৈ থকাটো পৃথিৱীৰ বাবেই উপকাৰী। মানুহৰ অত্যাচাৰৰ কবলত পৰি বহু অৰণ্য ধ্বংসপ্ৰাপ্ত হোৱাৰ সময়তো এনে অৰণ্যসমূহে আমাক জীয়ন দি ৰাখিছে। অৱশ্যে বৰ্তমান সময়ত সকলো অৰণ্যৰ অন্বেষণৰ প্ৰতি মানুহ আগবাঢ়ি আহিবলৈ সক্ষম হৈছে। অন্বেষণৰ দ্ৰুত বৃদ্ধিৰ সমান্তৰালভাৱে সংৰক্ষণ চিন্তা হ্ৰাস পাইছে।বিশাল জংঘলৰ পৰা ঘন অৰণ্য আৰু শিলাস্তৰলৈকে এই অৰণ্যবোৰত অন্বেষণ কৰাটো সময় সাপেক্ষে বাঞ্ছনীয় হ'ব পাৰে, কিন্তু পাৰিপাৰ্শ্বিক জ্ঞানসম্পন্ন স্থানীয় গাইডৰ অবিহনে এনে স্থানত অন্বেষণ নকৰাটোৱেই ভাল।