নিশাৰ ৰাণী পাৰিজাত
“নন্দন বনত ফুলি আছে
ফুল পাৰিজাত
কৃষ্ণ গোঁসাই ৰখি আছে
নেমেলিবা হাত।”
এতিয়া প্ৰায় সকলোৰে ঘৰৰ চোতালত পাৰিজাত ফুলাৰ সময়। কিছুলোকে শেৱালী ফুলকো পাৰিজাত বোলে। কোনোলোকে আকৌ নিশিগন্ধা বুলি কয়। উদাহৰণ স্বৰূপে, হেমকোষ অভিধানৰ পাততো শেৱালীৰ সমাৰ্থক শব্দ পাৰিজাত বুলি আছে।
ধৰ্মীয় গ্ৰন্থ অনুসৰি এই ফুল অতিকৈ পৱিত্ৰ ফুল বুলি পৰিচিত। থোৰতে শাস্ত্ৰ সন্মত ভাৱে এবাৰ শ্ৰীকৃষ্ণৰ পত্নী সত্যভামাই স্বৰ্গত ফুলি থকা এই ফুলজোপা দেখা পাই অভিভূত হ’ল। কৃষ্ণক স্বৰ্গৰ পৰা এই পাৰিজাত জোপা মত্যলৈ আনিবলৈ অনেক কাবৌ-কাকূতি কৰিলে! তেনেতে কৃষ্ণই সৰগৰ নৃপতি ইন্দ্ৰৰ লগত যুদ্ধ কৰি সত্যভামাৰ মন মুহিবলৈ এই পাৰিজাত মৰ্ত্যলৈ আনিলে। এক জনশ্ৰুতি অনুসৰি পাৰিজাত ঘৰৰ চোতালত ৰোপণ কৰিলে ঘৰৰ মঙ্গল হয় বুলি ভৱা হয়। এই ফুল বিধ দেখাত শুভ্ৰ। সম্পূৰ্ণ ফুলি থকা ফুল পাহৰ মাজৰ ভিতৰৰ অংশটোত সৰু সৰু পাহি আছে। যেন কৃষ্ণৰ সুদৰ্শন চক্ৰটোহে। ৰাতি ফুলা যিমান ফুল আছে সেইবোৰৰ মাজত এই ফুল পাহৰ গঠন প্ৰক্ৰিয়া অতি মোহনীয়। চালে চকু ৰোৱা। সেয়েহে এই ফুলক ‘নিশাৰ ৰাণী’ বুলি কোৱা হয়।
ইংৰাজীত এই ফুল পাহক Night queen বোলা হয়।
কেক্টাছ (Cactaceae family) পৰিয়ালৰ পৰা অহা নিশাৰ ৰাণীৰ বৈজ্ঞানিক নাম এপিফিলাম অক্সিপেটলাম (Epiphyllum oxypetalum)
সংগ্ৰহ আৰু সম্পাদনাঃ সঞ্জীৱ ৰাজগুৰু