দুকুৰি কবিৰ কবিতাত মুখৰ পদূলিত বসন্তৰ কবিতাৰ আবেলি। বোকাখাতৰ মহুৰামুখত অনুষ্ঠিত এই কবিতাৰ অনুষ্ঠানে অঞ্চলটোলৈ এক সুকীয়া বাৰ্তা কঢ়িয়াই আনিছে।
নিউজ ডেস্ক ৰিপ’ৰ্টঃ গোলাঘাট জিলা কবি সন্মিলন আৰু পূৱ বোকাখাত নৈ পৰীয়া কবি সন্মিলনৰ উদ্যোগত জনসুহৃদ মোহন শইকীয়া, অকণ শইকীয়া আৰু অজিৎ শইকীয়াৰ স্মৃতিত জিলা মাহেকীয়া চ’ৰা “পদূলিত বসন্তৰ কবিতাৰ আবেলি” শীৰ্ষক এখনি কবি সন্মিলন বুধবাৰে সম্পন্ন হয়। বিশিষ্ট সাহিত্যিক মহেশ্বৰ শইকীয়াৰ আতিথ্যত আৰু তেখেতৰ বোকাখাতৰ মহুৰামুখস্থিত বাসগৃহৰ প্ৰাঙ্গণত সদৌ অসম কবি সন্মিলনৰ উপ-সভাপতি দিলীপ কুমাৰ শৰ্মা আৰু উপদেষ্টা উৎপল দলেৰ সঞ্চালনাত অনুষ্ঠিত কবি সন্মিলনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন জিলা সভাপতি নৰেণ শইকীয়া, উপ-সভাপতি ড° যতীন নাথ, মহুৰামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পৰাগ হাজৰিকা, কমাৰগাঁও উচ্চতা মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ইন্দজিৎ ফুকন, লেখিকা সমাৰোহৰ সভানেত্ৰী সুবৰ্ণ শইকীয়া বৰদলৈ, সাহিত্যিক বীণা ৰাজকুমাৰী, তিতাৰাম দাস আদি।
অনুষ্ঠানটিত নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে জিলা সহকাৰী সম্পাদক মণ্টু মৰাং, সাংগঠনিক সম্পাদক নৱ কুমাৰ বৰ্মন, বোকাখাত শাখাৰ সম্পাদক অজন্তা তালুকদাৰ, মৰঙি শাখাৰ সম্পাদক ৰিজু শইকীয়া বৰদলৈ, বাদুলীপাৰ শাখাৰ সভাপতি মন্দিৰা তামুলী আদি।
সমবেত সংগীতৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটি আঁত ধৰে জিলা কবি সন্মিলনৰ সম্পাদক দীপ হেষ্টিংছ বৰি আৰু পূব বোকাখাত নৈ পৰীয়া শাখাৰ সম্পাদক গুণধৰ বৰাই।
অনুষ্ঠানৰ আৰম্ভণিতে গোলাঘাট জিলাৰ তৰফৰ পৰা বহাগী বৰণ জনাোৱা হয় বিশিষ্ট সাহিত্যিক তথা অৱসৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত উৎপল দলে, বিশিষ্ট সাহিত্যিক তথা সমাজকৰ্মী মিনতি দলে আৰু বিশিষ্ট সাহিত্যিক মহেশ্বৰ শইকীয়াক। জিলা মাহেকীয়া চ’ৰা আহবায়কদ্বয় নীলিমা বৰা আৰু পূৰৱী সেনাপতিৰ পৰিচালনাৰে মাহেকীয়া চ’ৰাত কবিতা পাঠ কৰে চুমি বৰদলৈ ভৰালী, বিমল দলে, কৰবী গগৈ, অৰুন্ধতী কোঁৱৰ, ৰেবা গগৈ, দীপাঞ্জলি লাহন, কল্পনা হাতীবৰুৱা, বিশ্বজিৎ দাৱ, দেৱজিৎ বিলু, অমল দাৱ, মনো বৰা, গীতাঞ্জলি কলিতা, তুলুমণি শৰ্মা তামুলী, ৰীণা কটকী, চিদানন্দ টাইদ, মণিমালা দত্ত হাজৰিকা, অঞ্জলি শৰ্মা বৰা, ৰেখা ফুকন, ভাৰতী হাজৰিকা, অৰুণ শইকীয়া, অঞ্জনা গগৈ, অঞ্জুমণি বৰা আদিকে ধৰি প্ৰায় দুকুৰি কবিয়ে।
অনুষ্ঠানত কবিতা আবৃত্তি কৰে অৰ্পিতা লইঙে। গীত পৰিবেশন কৰে ৰাজীৱ হাজৰিকা, কণমানি শিল্পী বিচিত্ৰ ভূষণ শইকীয়া, অবিনাশ শইকীয়া, অলকেশ বৰুৱা, ইন্দ্ৰানী শইকীয়া, ইশানী শইকীয়া, বৰ্ণিল কাশ্যপ শইকীয়া,অনুস্মা বৰুৱা, আদিত্য শইকীয়াই।
বিশিষ্ট শিক্ষাবিদ তথা সাহিত্যিক চন্দ্ৰ কান্ত দাসে পৰ্যবেক্ষক হিচাপে মন্তব্য আগবঢ়োৱা অনুষ্ঠানটি সুন্দৰকৈ সম্পন্ন হৈ যোৱাত শাখাৰ সভাপতি নবীন গোঁহাইয়ে সকলোলৈ ধন্যবাদ জ্ঞাপন কৰে।