সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ মৰিগাঁও শাখাৰ প্ৰতিষ্ঠা দিৱস
নাৰী সৃষ্টিৰ মূল চালিকা শক্তিঃ মনমৰমী মহন্ত
ৰাইজৰ খবৰ ডিজিটেল, মৰিগাঁওঃ সদৌ অসম লেখিকা সমাৰোহ সমিতি মৰিগাঁও শাখাৰ ২৯সংখ্যক প্রতিষ্ঠা দিৱস ২৩ জুন ২০২৪ তাৰিখে দেওবাৰে মৰিগাঁও চহৰৰ পবিতৰা হাট প্রেক্ষাগৃহত এক গাম্ভীর্যপূর্ণ পৰিৱেশত অনুষ্ঠিত হয়। প্রতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ অংশৰূপে অনুষ্ঠিত “সাম্প্ৰতিক কালত নাৰীৰ সামাজিক দায়বদ্ধতা” শীর্ষক আলোচনা-চক্ৰখন উদ্বোধন কৰে শিল্পী অশোক ডেকাই।
লেখিকা সমাৰোহ সমিতি মৰিগাঁও শাখাৰ সভানেত্রী ৰীণা ডেকাৰ সঞ্চালনাত আৰু সম্পাদিকা ৰূপা শৰ্মাই আঁত ধৰা আলোচনা চক্ৰখনত আদৰণি ভাষণ প্ৰদান কৰে শাখাৰ প্ৰতিষ্ঠাপক সভানেত্রী বাণী বৰুৱাই। মূল বিষয়ত বক্তব্য প্রদান কৰে মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্র শইকীয়াই। তেওঁ নাৰী তথা মাতৃয়ে সমাজ সংস্কাৰত গুৰুত্বপূর্ণ ভূমিকা পালন কৰি অহা বুলি উল্লেখ কৰে। সভাত উপস্থিত আমন্ত্ৰিত অতিথি সাংবাদিক মনমৰমী মহন্তই সম্বর্ধনা গ্রহণ কৰি লেখিকা সমাৰোহ সমিতিয়ে জনোৱা মৰম তথা সন্মানক ধন্যবাদ জ্ঞাপন কৰি কয়, নাৰীৰ জীৱনটো সর্বগুণেৰে অলংকৃত কৰি আগুৱাই নিবলৈ আমাৰ সমাজ আৰু অভিভাৱকসকলৰ দায়িত্ব অনস্বীকার্য৷ আদর্শ, দয়া, মমতা, সহনশীলতা, ধৈর্য, ত্যাগ আদি বিভিন্ন গুণৰ অধিকাৰী নাৰী। নাৰীক সৃষ্টিৰ মূল চালিকা শক্তি হিচাপে গণ্য কৰা হয়। নাৰী আৰু পুৰুষ পৃথিৱীৰ দুটা অবিচ্ছেদ্য অংগ। নাৰী অবিহনে পৃথিৱীত এখন সফল সমাজ গঢ় দিব নোৱাৰি।
কণ্যা সন্তানক বিদ্যা-শিক্ষা দিয়াত অভিভাৱকসকলে আগভাগ ল’ব লাগে। কাৰণ আমাৰ সমাজখন জ্ঞানী, বুদ্ধিমান, শিক্ষিত নাৰীৰ বাবে চিৰদিন প্রজ্বলিত হৈ থাকে। ইয়াৰ বাবেই এগৰাকী ছোৱালী বা নাৰীক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি তোলাটো অতিকৈ গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে। ইফালে ৰাজনৈতিক নেতাৰ পিছে পিছে নাচি- বাগি মহিলাসকলে সময় অপব্যয় কৰাত আক্ষেপ প্ৰকাশ কৰি মহন্তই ইয়াৰ বাবে সেই ৰাজনৈতিক নেতাসকলৰ সমকক্ষলৈ কেনেদৰে যাব পাৰি তাৰ ওপৰতহে মনোনিৱেশ কৰিবলৈ মহিলাসকলৰ প্ৰতি আহ্বান জনায়। উল্লেখ্য যে অনুষ্ঠানটোৰ আৰম্ভণিতে শাখাৰ মহিলাসকলে সমৱেত সংগীতেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পাছত বন্তি প্রজ্বলন কৰে উপদেষ্টা চন্দ্রলেখা গোহাঁই লাহন, পোনাদেরী মহন্ত, জ্যেষ্ঠ সদস্যা নিৰুপমা মহন্ত, পুষ্পলতা গোহাঁয়ে। স্মৃতি তৰ্পণ কৰে শাখাৰ প্ৰাক্তন সভানেত্রী স্মৃতিৰেখা গোহাঁই, পৰমেশ্বৰী ডেকা, উপ-সভানেত্রী ৰীণা শৰ্মা, দীপা শৰ্মা বৰকটকী, বিভা মহন্তই। শাখাৰ সহকাৰী সম্পাদিকা অন্নদা দেৱীয়ে শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানটোত প্রাক্তন সম্পাদিকা অর্চনা শর্মা, কাৰ্যকৰী সদস্যা ফুকুল ভট্ট ডেকা, জর্জিনা বেগম, ললিতা দেৱী, মামণি দেৱী, কল্যাণী ডেকা কলিতাকে আদি কৰি সাহিত্যিক, শিক্ষাবিদ, সাংবাদিক, বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানৰ বিষয়ববীয়াসকলৰ লগতে লেখিকা সমাৰোহ সমিতিৰ সকলো সদস্যাই উপস্থিত থাকে।