ৰক্তদান জীৱনদান

ৰক্তদান জীৱনদান

ৰক্তদান কৰিবলৈ বহুতে ভয় কৰে। আন কোনোবাই আকৌ দ্বিধাবোধ কৰে। কিন্তু, এটোপাল তেজৰ মূল্য অসীম। আপুনি-মই ৰক্তদান কৰি এটা জীৱন বচাই তুলিব পাৰোঁ। সেয়ে সুযোগ-সুবিধা পালেই নিয়ম অনুযায়ী ৰক্তদান কৰিব লাগে। সম্প্ৰতি মানুহৰ মাজত ৰক্তদান কৰাৰ মানসিকতা বৃদ্ধি পাইছে। চৰকাৰী-বেচৰকাৰী বিভিন্নজনৰ সজাগতাৰ বাবেই ৰক্তদানেৰে জীৱন দান কৰাত বিভিন্নজন আগ্ৰহী হৈছে। আজি ১৪ জুন, বিশ্ব ৰক্তদান দিৱস উপলক্ষে বোকাখাত নিৱাসী, লেখক সুব্ৰত পুৰকায়স্থই ৰক্তদান দিৱসৰ তাৎপৰ্য ব্যাখ্যা আগবঢ়াইছে এই লেখাৰ জৰিয়তে।

আজি ১৪ জুন। বিশ্ব ৰক্তদান দিৱস। ২০০৪ চনৰ ১৪ জুন তাৰিখে পোনপ্ৰথমবাৰৰ বাবে বিশ্ব ৰক্তদান দিৱস পালন কৰা হয়। তেতিয়াৰে পৰা সমগ্ৰ বিশ্বতে এই দিৱস পালন কৰা হৈছে। ৰক্তদানৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰা আৰু ৰক্তদাতাক ধন্যবাদ জনোৱাই হ’ল এই দিৱসৰ মূল উদ্দেশ্য।

বিশ্ব ৰক্তদান দিৱস হৈছে বিশ্ব স্বাস্থ্য সংস্থাই পালন কৰা আঠটা বিশ্বব্যাপী জনস্বাস্থ্য অভিযানৰ অন্যতম। বিশ্ব স্বাস্থ্য সংস্থাই কাৰ্ল লেণ্ডষ্টাইনাৰৰ জন্মদিনটো বিশ্ব ৰক্তদাতা দিৱস হিচাপে উদ্‌যাপন কৰাৰ সিদ্ধান্ত লয়। লেণ্ডষ্টেইনাৰ আছিল অষ্ট্ৰিয়ান আমেৰিকান ইমিউন’লজিষ্ট, পেথ’লজিষ্ট। ১৯৩০ চনত তেওঁ ব্লাড গ্ৰুপ আৰু আধুনিক ৰক্ত সঞ্চালন ব্যৱস্থাৰ বিকাশ সম্বন্ধে কৰা কামৰ বাবে নোবেল বঁটা লাভ কৰিছিল।

এই বছৰ বিশ্ব ৰক্তদান দিৱসৰ মূলমন্ত্ৰ হৈছে “20 years of celebrating giving thank you blood donors” এই বিষয়বস্তুৱে ৰক্তদাতাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশৰ বিষয়টো প্ৰতিফলিত কৰিছে। বিগত দুটা দশক ধৰি বিশ্ব ৰক্তদাতা দিৱসে স্বেচ্ছামূলক ৰক্তদাতাসকলৰ প্ৰতি অপৰিসীম কৃতজ্ঞতা প্ৰকাশৰ এক মঞ্চ হিচাপে কাম কৰি আহিছে।

মেডিকেল আৰু ছেলছ্ ৰিপ্ৰেজেনটেটিভচ্‌ৰ অন্যতম শক্তিশালী সংগঠন চেণ্টাৰ অৱ মেডিকেল এণ্ড ছেলছ্ ৰিপ্ৰেজেনটেটিভচ্ ইউনিয়নে (উত্তৰ পূৰ্বাঞ্চল) (জনপ্ৰিয় নাম চি আৰ ইউ) নিয়মীয়াকৈ ৰক্তদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি আহিছে।

ৰক্তদান কৰি আৰ্তজনক সেৱা আগবঢ়োৱা প্ৰতিগৰাকী ৰক্তদাতালৈ বিশ্ব ৰক্তদান দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

মনত ৰাখিব ৰক্তদান জীৱনদান।

Related Posts

ৰাষ্ট্ৰীয় পোষণ মাহৰ অংশ হিচাপে অনুষ্ঠিত সাপ্তাহিক পোষণ বজাৰত অংশগ্ৰহণ মন্ত্ৰী অতুল বৰাৰ

ৰাইজৰ খবৰ ডিজিটেল, বোকাখাতঃ চলিত পোষণ মাহৰ লগত সংগতি ৰাখি পুষ্টিৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে গোলাঘাট পশ্চিম সংহত শিশু উন্নয়ন প্ৰকল্প, বোকাখাতৰ উদ্যোগত বোকাখাতৰ সাপজুৰি বজাৰত ৰাষ্ট্ৰীয় পোষণ মাহৰ…

ডায়েবেটিছত আক্ৰান্তৰ ভৰিৰ যতন নল’লে হ’ব পাৰে বিপদ

পঢ়ক প্ৰতি শনিবাৰে অভিজ্ঞ চিকিৎসকৰ স্বাস্থ্য বিশেষ লেখা ডায়েবেটিছত আক্ৰান্তৰ ভৰিৰ যতন নল’লে হ’ব পাৰে বিপদ — ডা° ৰূপম দাস, ডায়েবেট’ল’জিষ্ট বিশ্বত প্রতি ৩০ ছেকেণ্ডত বিভিন্ন কাৰণত এজন লোকে এখন…

অন্যান্য বাতৰি

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস