সৈনিক শিল্পী বিষ্ণু ৰাভাৰ চমু আভাস
— তৰালি শইকীয়া
প্ৰতি সময়তে মেহনতী জনতাৰ মুক্তি বিচাৰি ফুৰা সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু বাৰ্ষিকী উপলক্ষে প্ৰতিবছৰে ২০ জুন দিনটো ৰাজ্যজুৰি বিষ্ণু ৰাভা দিৱস হিচাপে উদযাপন কৰা হয়৷
১৯০৯ চনৰ ৩১ জানুৱাৰীত তেতিয়াৰ বেঙ্গল প্ৰেসিডেন্সি, এতিয়াৰ বাংলাদেশৰ ঢাকাত জন্ম গ্ৰহণ কৰিছিল বিপ্লৱী শিল্পীগৰাকীয়ে। পিতৃ গোপাল চন্দ্ৰ ৰাভাই পুত্ৰক ছাহাব কৰাৰ মানসেৰে এখন ভাল প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰি দিয়ে৷ সৰুৰে পৰাই তীক্ষ্ণ বুদ্ধিসম্পন্ন বিষ্ণু ৰাভাই কিন্তু পিতৃৰ সপোনক বাস্তৱ দিয়াৰ বিপৰীতে সংগ্ৰামী সত্তাহে গ্ৰহণ কৰিলে৷ ১৯২৬ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু ১৯২৮ চনত সুখ্যাতিৰে আই এছ ছি পাছ কৰা বিষ্ণু ৰাভাই এগৰাকী আৰক্ষী বিষয়া হিচাপে বিলাসপূৰ্ণ জীৱন অতিবাহিত কৰিব পাৰিলেহেঁতেন যদিও সেয়া কৰাৰ বিপৰীতে জনতাৰ মুক্তিৰ স্বাৰ্থত মুকলিকৈ ওলাই আহে৷ মহাত্মা গান্ধীৰ আহ্বানত ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰে আৰু বৃটিছ শাসনৰ বিৰুদ্ধে কবিতা লিখি ৰাষ্ট্ৰদ্ৰোহৰ ৰোষত পৰে।
বিষ্ণু প্ৰসাদ ৰাভা আছিল একেধাৰে শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু। সংগীত, নৃত্য, চিত্ৰকলা আৰু অভিনয়ৰ উপৰিও সংগীত পৰিচালক তথা চলচ্চিত্ৰ পৰিচালক হিচাপেও ৰাভাৰ অৱদান চিৰস্মৰণীয়। তেওঁ ৰচনা কৰা কালজয়ী গীতসমূহে অসমৰ প্ৰজন্মৰ পৰা প্ৰজন্মলৈকে সকলোকে মুগ্ধ কৰি ৰাখে। অসমৰ কৃষ্টি-সংস্কৃতি জগতলৈ বিশেষ অৱদান আগবঢ়োৱা এইগৰাকী ব্যক্তিক কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা ‘নটৰাজ’ নৃত্যত বিমুগ্ধ হৈ আৰু তেখেতৰ সাংস্কৃতিক বৰঙণিলৈ সন্মান জনাই সেই সময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণণে তেওঁক ‘কলাগুৰু’ সন্মান প্ৰদান কৰিছিল।
শ্ৰমজীৱী লোকসকলক একতাৰ ডোলেৰে বান্ধ খাই থাকি নিজৰ মুক্তিৰ পথত আগবাঢ়ি যাবলৈ আহ্বান জনোৱা বিষ্ণু ৰাভাই ১৯৫৫ চনত ৰাভাই ভাৰতীয় কমিউনিষ্ট দল (চি.পি.আই.)-ত যোগ দিয়ে৷ বিষ্ণু ৰাভাই ১৯৫৭ চনত বৰপেটা সমষ্টিৰ পৰা বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে কিন্তু এই নিৰ্বাচনত তেওঁ জয়ী হ’ব নোৱাৰিলে৷ ইয়াৰ পিছত ১৯৬৭ চনত তেজপুৰৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰে৷
অসমৰ ইমূৰৰ পৰা সিমূৰলৈ গৈ বিভিন্ন ধৰ্মাৱলম্বী কৃষক-শ্ৰমিকৰ ভূমিৰ অধিকাৰ, জাতি-ধৰ্মৰ লোকৰ মাজত এতকাৰ এনাজৰীডাল সুদৃঢ় কৰাৰ প্ৰয়াস কৰিছিল৷ কিন্তু, ৰাভাৰ সমাজ চেতনাক আজিৰ ৰাজনৈতিক কাণ্ডাৰীসকলে গ্ৰহণ কৰাৰ বিপৰীতে ভোট আদায়ৰ স্বাৰ্থত জাতি-ধৰ্মৰ নামত ভাগ ভাগ কৰি ৰাখিছে৷ বিষ্ণু ৰাভাৰ আদৰ্শক উপেক্ষা কৰি ৰজাঘৰীয়াই ৰাভা পূজাৰে সংকীৰ্ণতা প্ৰকাশ কৰাও দেখা গৈছে৷ ১৯৬৯ চনৰ ২০ জুনত কায়িকভাৱে বিষ্ণু ৰাভাৰ মৃত্যু হ’লেও আমি ভাবোঁ, তেখেতৰ আদৰ্শ সমাজত সঁচা অৰ্থত প্ৰতিষ্ঠা হওক আৰু মেহনতী জনতাই অন্ততঃ সংবিধানপ্ৰদত্ত অধিকাৰ লাভৰ পৰা বঞ্চিত নহওক৷