সৰ্ব্বাইবন্ধা পূজা মন্দিৰৰ প্ৰাচীৰ পত্ৰিকা উন্মোচন
মৃদুস্মিতা শৰ্মা ,ৰাইজৰ খবৰ ডিজিটেলঃ অসমীয়া ভাষাসাহিত্যলৈ কিছু হলেও বৰঙণি আগবঢ়োৱা, লগতে নতুন নতুন লেখক-লেখিকাৰ সৃষ্টিৰ উদেশ্য আগত ৰাখি সৰ্ব্বাইবন্ধা পূজা মন্দিৰে যোৱা ২০২৩ চনৰ ফ্ৰেব্ৰুৱাৰী মাহৰ পৰা এখনি প্ৰাচীৰ পত্ৰিকা ছপা আৰু ডিজিটেল মাধ্যমত ধাৰাবাহিকভাৱে উলিয়াই আহিছে। দ্বিতীয় বছৰৰ পঞ্চম সংখ্যাটি যোৱা ৩ জুলাইত সৰ্ব্বাইবন্ধা পূজা মন্দিৰত আনুষ্ঠানিক ভাবে উন্মোচন কৰে অসমৰ যুৱ ঐতিহ্য সংৰক্ষক , বুৰঞ্জী গবেষক,সুলেখক আৰু অসমৰ এজন আদৰ্শ যুৱ সমাজকৰ্মী অভিনিবেশ শৰ্মাই। শেহতীয়াকৈ ভিন্টেজ হাব নামেৰে এটি প্ৰকল্প আৰম্ভ কৰা অভিনিবেশে যোৰহাটত কেইবাগৰাকীও যুৱ কৰ্মীক লগত লৈ কিছু উন্নয়নমূলক কাম-কাজ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। উন্মোচনী ভাষণত অভিনিবেশে সৰ্ব্বাইবন্ধা পূজা মন্দিৰে নিয়মিত ভাবে এখনি প্ৰাচীৰ পত্ৰিকা উলিয়াই অসমীয়া সাহিত্য জগতলৈ বৰঙণি আগবঢ়োৱাৰ কথা উল্লেখ কৰাৰ লগতে এই কামৰ বাবে সৰ্ব্বাইবন্ধা পূজা মন্দিৰ সঁচাকৈ সকলোৰে বাবে প্ৰশংসা পাত্ৰ বুলি মন্তব্য কৰে। সৰ্ব্বাইবন্ধা পূজা মন্দিৰৰ সভাপতি ড°শ্যামল প্ৰসাদ বৰুৱাই সভাপতিত্বত কৰা প্ৰাচীৰ পত্ৰিকাৰ সম্পাদক তথা অসমৰ বিশিষ্ট ক্ৰীড়া সংগঠক পবিত্ৰ বৰঠাকুৰে আতঁ ধৰা উন্মোচনী অনুষ্ঠানটিত ক্ৰমে সমাজ কৰ্মী নীৰেন শৰ্মা, প্ৰাচীৰ পত্ৰিকাৰ সম্পাদিকা তথা সু লেখিকা ৰাজলক্ষ্মী শৰ্মা গোস্বামী, প্ৰবক্তা ড° গৌতম বৰঠাকুৰ, সমাজ কৰ্মী প্ৰশান্ত প্ৰসাদ বৰুৱা, সীমাৰাণী শৰ্মা ভত্ৰ, সভাপতি ড° শ্যামল প্ৰসাদ বৰুৱাই বক্তব্য ৰাখে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি কলাগুৰু বিষ্ণু ৰাভা স্মৃতি দিৱস উপলক্ষে কবিতা পাঠ কৰে অঞ্জনা পাঠক আৰু অঞ্জনা গোস্বামী চক্ৰৱৰ্তীয়ে।