ছাব-জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা
মধ্য প্ৰদেশৰ প্ৰতিযোগিতাৰ পৰা বিদায়
তেলেংগানা, তামিলনাডু, জম্মু-কাশ্মীৰ আৰু ৰাজস্থানৰ পইণ্ট লাভ
জিতুল কুমাৰ গগৈ, যোৰহাটঃ সৰ্বভাৰতীয় ফুটবল সন্থাৰ দ্বাৰা আয়োজিত আৰু যোৰহাট জিলা ক্রীড়া সন্থাৰ আতিথ্যত যোৰহাট ষ্টেডিয়াম আৰু মৰিয়নী বাপুজী ষ্টেডিয়ামত চলি থকা ১৫ বছৰ অনূৰ্ধ্ব ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপ ছাব-জুনিয়ৰ বয়জ (টায়াৰ-২) প্রতিযোগিতাখনৰ আজি যোৰহাট ষ্টেডিয়ামত প্ৰতিযোগিতাখনৰ গ্ৰুপ ‘এ’ৰ দুখন আৰু বাপুজী ষ্টেডিয়ামত গ্ৰুপ ‘চি’ৰ দুখন খেল অনুষ্ঠিত হয়। তাৰে যোৰহাট ষ্টেডিয়ামত গ্ৰুপ ‘এ’ৰ দুখন খেলৰ প্ৰথমখনত তেলেংগানা ৰাজ্যিক ফুটবল দল আৰু মধ্যপ্ৰদেশ ৰাজ্যিক ফুটবল দল মাজত আনখন লক্ষদ্বীপ ৰাজ্যিক ফুটবল দল আৰু তামিলনাডু ৰাজ্যিক ফুটবল দলৰ মাজত অনুষ্ঠিত হয়। ইয়াৰ বিপৰীতে মৰিয়নি বাপুজী ষ্টেডিয়ামত গ্ৰুপ ‘চি’ৰ দুখন খেলৰ প্ৰথমখনত উত্তৰাখাণ্ড ৰাজ্যিক ফুটবল দল আৰু জম্মু-কাশ্মীৰ ৰাজ্যিক ফুটবল দলৰ মাজত আনখন ৰাজস্থান ৰাজ্যিক ফুটবল দল আৰু পণ্ডিচেৰী ৰাজ্যিক ফুটবল দলৰ মাজত অনুষ্ঠিত হয়। তাৰে আজি অনুষ্ঠিত তেলেংগানা আৰু মধ্য প্ৰদেশৰ মাজৰ খেলখনত তেলেংগানা দলটোৰ অধিনায়কৰ হেটট্ৰিকৰ সহায়ত মধ্য প্ৰদেশক ৩-১ গ’লৰ ব্যৱধানত পৰাজিত কৰি দলটোৱে দ্বিতীয়টো জয়ৰ সোৱাদ লাভ ল’বলৈ সক্ষম হোৱাৰ বিপৰীতে লীগৰ চাৰিখন খেলৰ আটাইকেইখনতে পৰাজিত হৈ মধ্য প্ৰদেশে প্ৰতিযোগিতাৰ পৰা বিদায় লৈছে। আজিৰ খেলখনত তেলেংগানাৰ হৈ গ’ল তিনিটা দিয়ে দলটোৰ অধিনায়ক ফৈজল খান, মুস্তাফা খানে খেলৰ ৪৮, ৮৬ আৰু ৯০ মিনিটত। ইয়াৰ বিপৰীতে মধ্য প্ৰদেশৰ হৈ একমাত্ৰ গ’লটো দিয়ে মঃ চাফিক হুছেইনে খেলৰ ১৮ মিনিটতে। এই স্থানত অনুষ্ঠিত দ্বিতীয়খন খেলত তামিলনাডুৱে লক্ষদ্বীপক ৭-০ গ’লৰ ব্যৱধানত পৰাজিত কৰি লীগৰ সম্পূৰ্ণ পইণ্ট অৰ্জন কৰিছে। তামিলনাডু দলৰ হৈ গ’ল কেইটা দিয়ে ক্ৰমে ভি অজয় কৃষ্ণই তিনিটা গ’ল খেলৰ ৫৯, ৬৫ আৰু ৭০ মিনিটত, ইউ এ আদৰ্শ নায়াৰে দুটা গ’ল খেলৰ ৪০, ৫৫ মিনিটত, দলটোৰ অধিনায়ক অয়ন আলম্বাদি ভেংকটাস্বামীয়ে ৪৬ মিনিটত আৰু বিশানে ৬৮ মিনিটত একোটাকৈ গ’ল দিয়ে। ইফালে আজি মৰিয়ণি বাপুজী ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ‘চি’ৰ প্ৰথমখন খেলত জম্মু-কাশ্মীৰ দলৰ অধিনায়ক মুবাশিৰ মুকবুলডাৰৰ তিনিটা গ’লৰ সহায়ত উত্তৰাখাণ্ডক ৩-২ গ’লৰ ব্যৱধানত পৰাজিত কৰি জম্মুৱে লীগৰ সম্পূৰ্ণ পইণ্ট অৰ্জন কৰে। জম্মু দলৰ হৈ মুবাশিৰে তিনিটা গ’ল দিয়ে খেলৰ ৪৯, ৬৭ আৰু ৮২ মিনিটত। উত্তৰাখাণ্ডৰ হৈ গ’ল দুটা দিয়ে দলটোৰ অধিনায়ক অদি পাঠকে খেলৰ ৮০ মিনিটত আৰু দিব্যাংশ সিংঘেলে ৪৬ মিনিটত। আনহাতে দ্বিতীয়খন খেনত ৰাজস্থানে পণ্ডিচেৰীক ৭-০ গ’লৰ ব্যৱধানত পৰাজিত কৰি দলটোৱে দ্বিতীয়টো জয়ৰ সোৱাদ লাভ কৰিছে। খেলখনত ৰাজস্থানৰ হৈ গ’ল কেইটা দিয়ে দলটোৰ অধিনায়ক ধৈৰ্য সনাধ্যাই তিনিটা গ’ল খেলৰ ১৭, ৫০ আৰু ৯২ মিনিটত, কৌস্তভ বোহাৰাই দুটা গ’ল দিয়ে ৭৭ আৰু ৮৪ মিনিটত, মাধৱ চতুৰ্বেদীয়ে ৩ মিনিটত আৰু এটিভাৰ ধোকাই ৯০ মিনিটত একোটাকৈ গ’ল দিয়ে।