গুৱাহাটী চিটি দবা চেম্পিয়নশ্বিপ-২০২৪

গুৱাহাটী চিটি দবা চেম্পিয়নশ্বিপ-২০২৪

ৰাইজৰ খবৰ ডিজিটেল, গুৱাহাটীঃ
গুৱাহাটী চিটি দবা সন্থাৰ দ্বাৰা আয়োজিত গুৱাহাটী চিটি দবা শ্বেম্পিয়নশ্বিপ (১৩ বছৰ আৰু অনুৰ্দ্ধ ৯ বছৰ) ১৯ অক্টোবৰৰ পৰা আৰ জি বৰুৱা পথত অৱস্থিত শিক্ষক ভৱনত আৰম্ভ হৈছে। প্ৰতিযোগিতা খন চুইছ লীগ পদ্ধতিত অনুষ্ঠিত হৈছে।

১৩ বছৰৰ তলৰ লৰা শাখাত ৩ ৰাউণ্ডৰ শেষত ৩ পইণ্টেৰে জিষ্ণু ৰঞ্জন দাস, হৰ্ষ দীপ ডেকা, অনিশ গোস্বামী আৰু ভৌমিক কিশোৰ দাসে অগ্ৰগতি লাভ কৰি আছে। ১৩ বছৰ অনুৰ্দ্ধ ছোৱালী শাখাত ঋতিশা মায়ৰা ৰাজবংশী আৰু আমেয়া গুপ্তাই তিনি ৰাউণ্ডৰ শেষত ৩ পইণ্টেৰে যৌথভাৱে অগ্ৰগতি লাভ কৰি আছে।
অনুৰ্দ্ধ ৯ বছৰ ল’ৰা শাখাত ৰেয়ান নোবিছ, আৰিয়ান চাৰিয়ো, সাৰস্বত ডেকা, বৰ্ণিল বৈশ্য, মাহিৰ জৈন আৰু শ্ৰান্ত শৰ্মাই তিনি ৰাউণ্ডৰ অন্তত ৩ পইণ্টেৰে আগবাঢ়ি আছে। ৯ বছৰ অনুৰ্দ্ধ ছোৱালী শাখাত ৩ ৰাউণ্ডৰ অন্তত ৩ পইণ্টেৰে ধান্যতা গোস্বামীয়ে একক অগ্ৰগতি লাভ কৰি আছৈ। সম সংখ্যক ৰাউণ্ডৰ পৰা ২.৫ পইণ্ট লাভ কৰি চাৰ্ভি শ্ৰী বৰ্মন, আব্ৰি নয়লা বৰা আৰু আকাংক্ষা কলিতাই দ্বিতীয় স্থানত আছে।
কাইলৈ ​​এই প্ৰতিযোগিতাখনৰ অন্ত পৰিব। ২০ অক্টোবৰ, ২০২৪ তাৰিখে বিয়লি ৪.৩০ বজাত পুৰস্কাৰ বিতৰণ অনুষ্ঠান অনুষ্ঠিত হ’ব।
প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে গুৱাহাটী চিটি দবা সন্থাৰ সভাপতি আৰু জিএমডিএৰ উপাধ্যক্ষ মুকুতা ডেকাই। উদ্বোধনী অনুষ্ঠানত গুৱাহাটী দবা সন্থাৰ কাৰ্যকৰী সভাপতি ড০ শিবেন দত্ত, গুৱাহাটী চিটি দবা সন্থাৰ দুই উপ-সভাপতি ড০ দেৱজিৎ শৰ্মা আৰু অনন্ত গোস্বামীও উপস্থিত থাকে।
ফিডে আৰ্বিটাৰ প্ৰণৱ কুমাৰ নাথে মুখ্য আৰ্বিটাৰ হিচাপে পৰিচালনা কৰা প্ৰতিযোগিতাখনত তেওঁক সহায় কৰিছে আন্তঃৰাষ্ট্ৰীয় আৰ্বিটাৰ মনিমালা সিনহা, জ্যেষ্ঠ ৰাষ্ট্ৰীয় আৰ্বিটাৰ খনিন্দ্ৰ বৰ্মন, ৰাষ্ট্ৰীয় আৰ্বিটাৰ শংকৰ বৰুৱা আৰু প্ৰয়াগ হাজৰিকাই।

  • Related Posts

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    ৰেফাৰীৰ নিকৃষ্ট সিদ্ধান্তৰ অভিযোগ তুলি অসন্তুষ্ট গোসাঁইবাৰী এফ চিৰ খেলপথাৰ ত্যাগ জিতুল কুমাৰ গগৈ, যোৰহাটঃ অসম ফুটবল সন্থাৰ তত্বাৱধানত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ অভ্যৰ্থনাত উত্তৰ যোৰহাট উপ-ক্ৰীড়া সন্থাৰ সহযোগত উত্তৰ…

    ষ্টেডিয়ামত মাত্ৰ খেলৰ বাদে অন্য কোনো অনুষ্ঠান পাতিব নোৱাৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিব পাৰিবনে?

    ষ্টেডিয়ামত মাত্ৰ খেলৰ বাদে অন্য কোনো অনুষ্ঠান পাতিব নোৱাৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিব পাৰিবনে? — জিতুল কুমাৰ গগৈ, যোৰহাট। ★★★ ঠিকনা-জিতুল কুমাৰ গগৈ,যোৰহাট৷ফোন- ৯৪৩৫৫৭৬৪৭৮

    অন্যান্য বাতৰি

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস