যোৰহাট ‘বি’ ডিভিজন ফুটবলত অনিৰুদ্ধদেৱ স্প’ৰ্টছ ক্লাব ফাইনেলত প্ৰৱেশ

জিতুল কুমাৰ গগৈ, যোৰহাটঃ যোৰহাট ষ্টেডিয়ামত জিলা ক্ৰীড়া সন্থাৰ সৌজন্যত চলি থকা ‘বি’ ডিভিজন ফুটবল লীগ প্ৰতিযোগিতাৰ আজি প্ৰথমখন ছেমি ফাইনেলত অনিৰুদ্ধদেৱ স্প’ৰ্টছ ক্লাবে উত্তৰ যোৰহাট উপ-ক্ৰীড়া সন্থাক ৪-০ গ’লৰ ব্যৱধানত পৰাজিত কৰি ফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰিছে। আৰম্ভনি পৰাই অনিৰুদ্ধদেৱ স্প’ৰ্টছ ক্লাবৰ খেলুৱৈ সকলে উত্তৰ যোৰহাট উপ-ক্ৰীড়া সন্থাক সম্পূৰ্ণৰূপে চাপত ৰাখি খেলৰ ২৯ মিনিটত অনিৰুদ্ধদেৱ দলৰ দিংকু দত্তই এটা গ’ল দি দলটোক প্ৰথমেই ১-০ গ’লৰ অগ্ৰগতি দিবলৈ সক্ষম হয়। পুনৰ ৩২ মিনিটত দিংকু দত্তই ব্যক্তিগত দ্বিতীয়টো গ’ল দি দলটোক প্ৰথমাৰ্ধতে ২-০ গ’লৰ অগ্ৰগতি দিয়ে। দ্বিতীয়াৰ্ধত অনিৰুদ্ধদেৱ দলৰ পিংকু মোহনে খেলৰ ৪৬ মিনিটত এটা গ’ল দিয়াত দলটোৱে ৩-০ গ’লৰ অগ্ৰগতি লাভ কৰাৰ উপৰিও খেলৰ ৬৮ মিনিটত দলটোৰ অংকুৰ দাসে এটা গ’লৰ দিয়াত ৪-০ গ’লৰ বৃহৎ ব্যৱধানত জয়ী হৈ দলটোৱে প্ৰতিযোগিতাখনৰ ফাইনেলত প্ৰৱেশ কৰে। আজিৰ খেলখন পৰিচালনা কৰে ত্ৰিনুজ বৰাই। আনহাতে শনিবাৰে অনুষ্ঠিত হ’বলগা প্ৰতিযোগিতাখনৰ দ্বিতীয়খন ছেমি ফাইনেল খেলত অসম ৰেঞ্জাৰ এফ চি আৰু যোৰহাট ক্লাবৰ মাজত হ’ব।

  • Related Posts

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    ৰেফাৰীৰ নিকৃষ্ট সিদ্ধান্তৰ অভিযোগ তুলি অসন্তুষ্ট গোসাঁইবাৰী এফ চিৰ খেলপথাৰ ত্যাগ জিতুল কুমাৰ গগৈ, যোৰহাটঃ অসম ফুটবল সন্থাৰ তত্বাৱধানত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ অভ্যৰ্থনাত উত্তৰ যোৰহাট উপ-ক্ৰীড়া সন্থাৰ সহযোগত উত্তৰ…

    ষ্টেডিয়ামত মাত্ৰ খেলৰ বাদে অন্য কোনো অনুষ্ঠান পাতিব নোৱাৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিব পাৰিবনে?

    ষ্টেডিয়ামত মাত্ৰ খেলৰ বাদে অন্য কোনো অনুষ্ঠান পাতিব নোৱাৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিব পাৰিবনে? — জিতুল কুমাৰ গগৈ, যোৰহাট। ★★★ ঠিকনা-জিতুল কুমাৰ গগৈ,যোৰহাট৷ফোন- ৯৪৩৫৫৭৬৪৭৮

    অন্যান্য বাতৰি

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস