যোৰহাট প্ৰিমিয়াৰ লীগ ক্ৰিকেট

যোৰহাট প্ৰিমিয়াৰ লীগ ক্ৰিকেট
মৰিয়নি টাইটান আৰু জয়হিন্দ ৱাৰিয়ৰ্ছৰ জয়লাভ

জিতুল কুমাৰ গগৈ, যোৰহাটঃ বলাৰৰ দপদপনি অব্যাহত থকা জে পি এলত কোনো এজন বেটছমেনে সফলতা লাভ কৰিবলৈ সক্ষম নোহোৱাত প্ৰতিযোগিতাখন ক্ৰমাৎ আকষণীয় ৰূপলৈ আহিছে আৰু পইন্টৰ তালিকাত যোৰহাট ফেলকন দলে শীৰ্ষস্থান দখল কৰি আছে। যোৰহাট ষ্টেডিয়ামত ক্ৰিকেটাৰ্ছ অব যোৰহাটৰ উদ্যোগত চলি থকা প্ৰথম বাৰ্ষিক যোৰহাট প্ৰিমিয়াৰ লীগ (চিজন-১) ক্ৰিকেট প্ৰতিযোগিতাখনৰ বুধবাৰে অনুষ্ঠিত হয় দুখন খেল। তাৰে প্ৰথম খেলখনত মৰিয়নি টাইটান দলে ইলাইট ঈগলছ দলক ৪ উইকেটত আৰু দ্বিতীয়খনত জয়হিন্দ ৱাৰিয়ৰ্ছ দলে কাইনেটিক কিংছ দলকো ৪ উইকেটত পৰাস্ত কৰে। ইলাইট ঈগলছ আৰু মৰিয়নি টাইটান দলৰ মাজত অনুষ্ঠিত বুধবাৰৰ প্ৰথম খেলখনত ঈগলছ দলে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত অ’ভাৰত ৭টা উইকেট হেৰুৱাই ৭৩ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত টাইটান দলে ১৬.২ অ’ভাৰত ৬টা উইকেটৰ বিনিময়তে ৭৪ ৰান সংগ্ৰহ কৰি বিজয় সাব্যস্ত কৰে। এই খেলখনত মৰিয়নি টাইটান দলৰ ঠাকুৰ জীতেন্দ্ৰ সিঙে মেন অব দা মেছ সন্মান লাভ কৰে। আনহাতে কাইনেটিক কিংছ আৰু জয়হিন্দ ৱাৰিয়ৰ্ছ দলৰ মাজত বুধবাৰে অনুষ্ঠিত দ্বিতীয়খন খেলত কিংছ দলে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত অ’ভাৰত ৱাৰিয়ৰ্ছ দলৰ দীপু শইকীয়া আৰু বিকি দত্তৰ নিয়ন্ত্ৰিত বলিঙৰ ফলত আটাইকেইটা উইকেটৰ বিনিময়ত মাত্ৰ ৭৩ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। প্ৰত্যুত্তৰত ৱাৰিয়ৰ্ছ দলে ১৮.৫ অ’ভাৰত ৬টা উইকেটৰ বিনিময়তে ৭৭ ৰান সংগ্ৰহ কৰি বিজয় সাব্যস্ত কৰে। এই খেলখনত দীপু শইকীয়াই ৪ অ’ভাৰত ৬ ৰান খৰচ কৰি ৪টা উইকেট অৰ্জন কৰাৰ লগতে মেন অব দা মেছ সন্মানো লাভ কৰে। ইয়াৰ উপৰিও ৱাৰিয়ৰ্ছ দলৰ বিকি দত্তই ৩.৪ অ’ভাৰত ১৬ ৰান দি ৩টা, জয়ন্ত মাধৱ শৰ্মাই ২টা উইকেট লাভ কৰাৰ বিপৰীতে কিংছ দলৰ অনন্ত বৰাই ৪ অ’ভাৰত ৪ ৰান খৰচ কৰি ৩টা উইকেট লাভ কৰে।

  • Related Posts

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    ভৱেশ কলিতা , আজাৰাঃ গুৱাহাটীত ৩ এপ্ৰিলত উপস্থিত হ’ল ক্ৰিকেটৰ প্ৰভু মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰৰ সৈতে পত্নী অঞ্জলি টেণ্ডুলকাৰ আৰু জীয়েক ছাৰা টেণ্ডুলকাৰ সহ তেওঁলোকৰ পৰিয়াল । কালি দুপৰীয়া মুম্বাইৰ…

    ছুপাৰ ডিভিজন ফুটবললৈ সাজু যোৰহাট টাউন ক্লাৱ

    ক্লাৱৰ জাৰ্চী উন্মোচন জিতুল কুমাৰ গগৈ, যোৰহাট, ১১ ফেব্ৰুৱাৰীঃ যোৰহাট ষ্টেডিয়ামত চলি থকা যোৰহাট জিলা ক্ৰীড়া সন্থাৰ ছুপাৰ ডিভিজন ফুটবল লীগ প্ৰতিযোগিতাৰ লগতে বৰ্ষটোৰ বাবে বিভিন্ন প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰিব পৰাকৈ…

    অন্যান্য বাতৰি

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান