যোৰহাট প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতা সামৰণি

যোৰহাট চুপাৰ জায়েণ্টৰ চেম্পিয়ন খিতাপ অৰ্জন

চূড়ান্ত খেলত মেন অব দা মেছ সন্মান লাভ মানস কছাৰীৰ
প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ, শ্ৰেষ্ঠ বলাৰ সন্মান অৰ্জন দীপু শইকীয়াৰ

জিতুল কুমাৰ গগৈ, যোৰহাটঃ জয়হিন্দ ৱাৰিয়ৰ্ছ দলে জয়ৰ কাষ চাপিও অন্তিম মূহুত্বত যোৰহাট চুপাৰ জায়েণ্টে জয়হিন্দক মাত্ৰ পাঁচ ৰানত পৰাজিত কৰি যোৰহাট প্ৰিমিয়াৰ লীগ প্ৰতিযোগিতাৰ চেম্পিয়ন খিতাপ অৰ্জন কৰিছে। ক্ৰিকেটাৰ্ছ অব যোৰহাটৰ উদ্যোগত যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথম বাৰ্ষিক যোৰহাট প্ৰিমিয়াৰ লীগ (চিজন-১) ক্ৰিকেট প্ৰতিযোগিতাখন আজি সফলতাৰে সামৰণি পৰিছে।

যোৰহাট চুপাৰ জায়েণ্ট আৰু জয়হিন্দ ৱাৰিয়ৰ্ছ দলৰ মাজত আজি অনুষ্ঠিত প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখনত টছত জিকি যোৰহাট চুপাৰ জায়েণ্ট দলে প্ৰথমে বেটিং কৰি অমৃত দত্তৰ ২৪ আৰু লিলাংকৰ পণ্ডিতৰ ১৭ ৰানৰ সহায়ত নিৰ্ধাৰিত অ’ভাৰত ৯টা উইকেটৰ বিনিময়ত ৯৮ ৰান সংগ্ৰহ কৰে। জয়হিন্দ ৱাৰিয়ৰ্ছ দলৰ হৈ জয়ন্ত মাধৱ শৰ্মা আৰু অভিজিৎ বৰুৱাই দুটাকৈ উইকেট লাভ কৰে।

প্ৰত্যুত্তৰত জয়হিন্দ ৱাৰিয়ৰ্ছ দলে দীপু শইকীয়াৰ ৩১ আৰু পাৰ্থপ্ৰতীম বৰাৰ ২৭ ৰানৰ সহায়ত ৮টা উইকেটৰ বিনিময়ত ৯৩ ৰান সংগ্ৰহ কৰোতেই নিৰ্ধাৰিত অ’ভাৰ সমাপ্ত হোৱাত অন্তিম ক্ষণত মাত্ৰ পাঁচ ৰানত পৰাজয় স্বীকাৰ কৰে। চুপাৰ জায়েণ্টৰ হৈ মানস কছাৰী আৰু দশৰথ কুমাৰে দুটাকৈ উইকেট লাভ কৰে। চূড়ান্ত খেলখনত মেন অব দা মেছ সন্মান লাভ কৰে যোৰহাট চুপাৰ জায়েণ্ট দলৰ মানস কছাৰীয়ে। আনহাতে প্ৰতিযোগিতাখনত মেন অব দা ছিৰিজৰ লগতে বেষ্ট বলাৰ অব দা টুৰ্ণামেণ্ট সন্মান লাভ কৰে জয়হিন্দ ৱাৰিয়ৰ্ছ দলৰ দীপু শইকীয়াই।

বেষ্ট বেটছমেন অব টুৰ্ণামেণ্ট সন্মান লাভ কৰে কাইনেটিক কিংছ দলৰ ৰক্তোপাল মহন্তই, বেষ্ট ফিল্ডাৰ অব দা টুৰ্ণামেণ্ট সন্মান লাভ কৰে জয়হিন্দ ৱাৰিয়ৰ্ছ দলৰ পাৰ্থপ্ৰতীম বৰাই আৰু প্ৰমিছিং প্লেয়াৰ অব দা টুৰ্ণামেণ্ট সন্মান লাভ কৰে ৰেডিয়েণ্ট ষ্ট্ৰাইকাৰ দলৰ অনুজ ৰায়ে।

  • Related Posts

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    ভৱেশ কলিতা , আজাৰাঃ গুৱাহাটীত ৩ এপ্ৰিলত উপস্থিত হ’ল ক্ৰিকেটৰ প্ৰভু মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰৰ সৈতে পত্নী অঞ্জলি টেণ্ডুলকাৰ আৰু জীয়েক ছাৰা টেণ্ডুলকাৰ সহ তেওঁলোকৰ পৰিয়াল । কালি দুপৰীয়া মুম্বাইৰ…

    ছুপাৰ ডিভিজন ফুটবললৈ সাজু যোৰহাট টাউন ক্লাৱ

    ক্লাৱৰ জাৰ্চী উন্মোচন জিতুল কুমাৰ গগৈ, যোৰহাট, ১১ ফেব্ৰুৱাৰীঃ যোৰহাট ষ্টেডিয়ামত চলি থকা যোৰহাট জিলা ক্ৰীড়া সন্থাৰ ছুপাৰ ডিভিজন ফুটবল লীগ প্ৰতিযোগিতাৰ লগতে বৰ্ষটোৰ বাবে বিভিন্ন প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰিব পৰাকৈ…

    অন্যান্য বাতৰি

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান