যোৰহাটত খেল মহাৰণ ২.০ আৰম্ভ

যোৰহাটত খেল মহাৰণ ২.০ আৰম্ভ

জিতুল কুমাৰ গগৈ, যোৰহাটঃ বৰ্তমানেও নৱ প্ৰজন্মৰ মাজত লুকাই থকা ক্রীড়া প্ৰতিভাসমূহক উলিয়াই অনাৰ লক্ষ্য আৰু উদ্দেশ্যেৰে ৰাজ্য চৰকাৰে সমগ্ৰ ৰাজ্যখনতে খেল মহাৰণ প্ৰতিযোগিতাৰ আয়োজন কৰিছে। আজি ইয়াৰ অংশ স্বৰূপে যোৰহাট ষ্টেডিয়ামত খেল মহাৰণ ২.০ প্ৰতিযোগিতাৰ শুভাৰম্ভণি হয়।

জিলাখনৰ বিশিষ্ট ক্ৰীড়াবিদ সকলৰ উপস্থিতিত আজি অনুষ্ঠিত শুভ উদ্বোধনী অনুষ্ঠানত জিলা আয়ুক্ত গৰাকীয়ে পতাকা উত্তোলন কৰি খেল মহাৰণ ২.০ ৰ শুভাৰম্ভ কৰে। জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে কুচকাৱাজেৰে অভিনন্দন জনোৱাৰ পাছতেই সকলোৱে শপত বাক্য গ্ৰহণ কৰে। উদ্বোধনী অনুষ্ঠানত দৈনিক জনমভূমি কাকতৰ জ্যেষ্ঠ সাংবাদিক তথা ক্ৰীড়া সংগঠক দিগন্ত বুঢ়াগোহাঁইয়ে ভাষণ প্ৰদান কৰি খেল মহাৰণত অংশগ্ৰহণ কৰা খেলুৱৈসকলক অভিনন্দন জ্ঞাপন কৰে।

ৰাজ্য চৰকাৰে খেল মহাৰণৰ জৰিয়তে ৰাজ্যৰ চুকে-কোনে লুকাই থকা ক্ৰীড়া প্ৰতিভাসমূহক উলিয়াই অনাৰ বাবে যি প্ৰচেষ্টা হাতত লৈছে তাৰ বাবে তেখেতে ৰাজ্য চৰকাৰক শলাগ জ্ঞাপন কৰে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীৰ এয়া এক দূৰদৰ্শী চিন্তাধাৰা বুলি উল্লেখ কৰি তেখেতে কয় যে, খেল-ধেমালিয়ে ছাত্ৰ-ছাত্ৰীসকলৰ শাৰীৰিক আৰু মানসিকভাৱে উৎকৰ্ষ সাধন কৰে। আজিৰ অনুষ্ঠানত জিলা আয়ুক্তগৰাকীয়ে ভাষণ প্ৰদান কৰি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা খেলুৱৈসকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে খেল মহাৰণ ২.০ ত ভাল প্ৰদৰ্শন কৰিবলৈ উৎসাহ প্ৰদান কৰে। ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ তৎপৰতাত ৰাজ্যখনৰ বিভিন্ন স্থানৰ খেলুৱৈসকলৰ মাজত ক্ৰীড়াৰ ক্ষেত্ৰত প্ৰতিভাসমূহ বিকশিত কৰি তুলিবৰ বাবে লোৱা এনে চিন্তাধাৰাই ৰাজ্যখনক খেল-ধেমালিৰ দিশত এক নতুন দিগন্তলৈ ধাৱমান কৰিব বুলি উল্লেখ কৰে।

অনুষ্ঠানত কেইবাগৰাকী নৃত্য শিল্পীয়ে সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে যোগাসন কৰি উপস্থিত সকলোকে আপ্লুত কৰে। আজিৰ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট কৃষি বিজ্ঞানী তথা ক্ৰীড়া সংগঠক ড০ তপন দত্ত, অবনী চেতিয়া, নবীন বৰা, যোৰহাট পৌৰসভাৰ পৌৰপতি, উপ-পৌৰপতি, জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়া, অতিৰিক্ত জিলা আয়ুক্ত, জিলা প্ৰশাসনৰ বিষয়া, জিলা ক্ৰীড়া বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগতে ভালে সংখ্যক ক্ৰীড়াপ্ৰেমী ৰাইজ উপস্থিত থাকে।

  • Related Posts

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    ভৱেশ কলিতা , আজাৰাঃ গুৱাহাটীত ৩ এপ্ৰিলত উপস্থিত হ’ল ক্ৰিকেটৰ প্ৰভু মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰৰ সৈতে পত্নী অঞ্জলি টেণ্ডুলকাৰ আৰু জীয়েক ছাৰা টেণ্ডুলকাৰ সহ তেওঁলোকৰ পৰিয়াল । কালি দুপৰীয়া মুম্বাইৰ…

    ছুপাৰ ডিভিজন ফুটবললৈ সাজু যোৰহাট টাউন ক্লাৱ

    ক্লাৱৰ জাৰ্চী উন্মোচন জিতুল কুমাৰ গগৈ, যোৰহাট, ১১ ফেব্ৰুৱাৰীঃ যোৰহাট ষ্টেডিয়ামত চলি থকা যোৰহাট জিলা ক্ৰীড়া সন্থাৰ ছুপাৰ ডিভিজন ফুটবল লীগ প্ৰতিযোগিতাৰ লগতে বৰ্ষটোৰ বাবে বিভিন্ন প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰিব পৰাকৈ…

    অন্যান্য বাতৰি

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান