যোৰহাটত আন্তঃবিদ্যালয় ক্ৰিকেট আৰম্ভ

যোৰহাটত আন্তঃবিদ্যালয় ক্ৰিকেট আৰম্ভ
উদ্বোধনী খেলত যোৰহাট বাল্য ভৱন বিদ্যালয়ৰ জয়লাভ

জিতুল কুমাৰ গগৈ, যোৰহাটঃ আজিৰ পৰা যোৰহাট ষ্টেডিয়ামত জিলা ক্ৰীড়া সন্থাৰ দ্বাৰা আয়োজিত ২৬ সংখ্যক প্ৰয়াত ভৱানী প্ৰসাদ বৰুৱা মেম’ৰিয়েল আন্তঃবিদ্যালয় ক্ৰিকেট ২০২৪ প্ৰতিযোগিতাখন আৰম্ভ হৈছে। প্ৰতিযোগিতাখনত আজি যোৰহাট বাল্য ভৱন বিদ্যালয় আৰু দিল্লী পাব্লিক বিদ্যালয়ৰ মাজত অনুষ্ঠিত উদ্বোধনী খেলখনত বাল্য ভৱনে ৬২ ৰানত জয়লাভ কৰে। টছত জিকি বাল্য ভৱন বিদ্যালয়ে প্ৰথমে বেটিং কৰি টানমোভ ৰাবনাৰ অপৰাজিত ৯৬ ৰানৰ সহায়ত ২৯ অ’ভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৭০ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত দিল্লীয়ে অনিকেথ কাল্লাৰেৰ ২৯ ৰানৰ সহায়ত ২২.৫ অ’ভাৰত ১০৮ ৰান সংগ্ৰহ কৰোতেই আটাইকেইটা উইকেট পতন ঘটাত পৰাজয় স্বীকাৰ কৰে। প্ৰতিযোগিতাখন আজি উদ্বোধন কৰে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তুনু পূজাৰীয়ে লগতে বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে দাতা পৰিয়ালৰ হৈ ড০ শ্যামল প্ৰসাদ বৰুৱা, জিলা ক্ৰীড়া বিষয়া ৰাহুল শৰ্মাৰ উপৰিও ক্ৰীড়া সন্থাৰ অন্যান্য বিষয়বব্বীয়াৰ, ক্ৰীড়া সংগঠক সকল।

  • Related Posts

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    ভৱেশ কলিতা , আজাৰাঃ গুৱাহাটীত ৩ এপ্ৰিলত উপস্থিত হ’ল ক্ৰিকেটৰ প্ৰভু মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰৰ সৈতে পত্নী অঞ্জলি টেণ্ডুলকাৰ আৰু জীয়েক ছাৰা টেণ্ডুলকাৰ সহ তেওঁলোকৰ পৰিয়াল । কালি দুপৰীয়া মুম্বাইৰ…

    ছুপাৰ ডিভিজন ফুটবললৈ সাজু যোৰহাট টাউন ক্লাৱ

    ক্লাৱৰ জাৰ্চী উন্মোচন জিতুল কুমাৰ গগৈ, যোৰহাট, ১১ ফেব্ৰুৱাৰীঃ যোৰহাট ষ্টেডিয়ামত চলি থকা যোৰহাট জিলা ক্ৰীড়া সন্থাৰ ছুপাৰ ডিভিজন ফুটবল লীগ প্ৰতিযোগিতাৰ লগতে বৰ্ষটোৰ বাবে বিভিন্ন প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰিব পৰাকৈ…

    অন্যান্য বাতৰি

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান