যোৰহাট ‘এ’ ডিভিজন ফুটবল আৰম্ভ

যোৰহাট ‘এ’ ডিভিজন ফুটবল আৰম্ভ
উদ্বোধনী খেলত ৰুৱাড ক্লাবৰ জয়লাভ

জিতুল কুমাৰ গগৈ, যোৰহাটঃ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত উত্তৰ যোৰহাটৰ কল্যাণ খেল পথাৰত আজিৰ পৰা আৰম্ভ হৈছে ‘এ’ ডিভিজন ফুটবল লীগ প্ৰতিযোগিতাখন। প্ৰতিযোগিতাখনৰ আজি উদ্বোধনী খেলখনত ৰুৱাড ক্লাব, কলবাৰীয়ে কাকজান এফ চিক ২-১ গ’লৰ ব্যৱধানত পৰাজিত কৰি লীগৰ সম্পূৰ্ণ পইন্ট অৰ্জন কৰে। দুয়োটা দলৰ মাজত তীব্ৰ আক্ৰমণাত্মক হোৱা খেলখনত খেলৰ ২ মিনিটতে ৰুৱাড ক্লাবৰ অভিজিৎ পাৰ্টীৰে এটা গ’ল দি দলটোক প্ৰথমেই ১-০ গ’লৰ অগ্ৰগতি দিয়ে যদিও কাকজান এফ চি দলৰ যুগল বসুমতাৰীয়ে খেলৰ ৭ মিনিটত এটা গ’ল দি ১-১ গ’লত সমতা স্থাপন কৰে। প্ৰথমাৰ্ধত ১-১ গ’লত ড্ৰ হোৱা খেলখনত দ্বিতীয়াৰ্ধত খেলৰ ৫০ মিনিটত ৰুৱাড ক্লাবৰ পনৱ দলে বিজয়সূচক গ’লটো দিয়াত দলটোৱে ২-১ গ’লৰ ব্যৱধানত জয়ী হয়। আজি খেলৰ আৰম্ভনি প্ৰাক্ ক্ষণত ফুটবল বিভাগৰ সহ সম্পাদক দিগন্ত দত্তই আঁতধৰা অনুষ্ঠানত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক জুল খাউণ্ডে আদৰণি ভাষন আগবঢ়োৱা পিছতে জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰী, উপ-সভাপতি ললিত বড়া, ফিফা ৰেফাৰী সুমন্ত দত্ত, উত্তৰ যোৰহাট উপ-ক্ৰীড়া সন্থাৰ ফুটবল বিভাগৰ সভাপতি প্ৰদীপ নেওঁগে খেলুৱৈ সকলক উদ্দেশ্যে কৰি ক্ৰীড়াৰ ওপৰত বক্তব্য আগবঢ়ায়। লগতে আজিৰ অনুষ্ঠানত জিলা ক্ৰীড়া সন্থাৰ ফুটবল বিভাগৰ সভাপতি দ্বিজেন শইকীয়া, উত্তৰ যোৰহাট উপ-ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি লক্ষি বড়া, ফুটবল সম্পাদক হেমিদুৰ ৰহমান, ভলীবল বিভাগৰ সহ সম্পাদক অংশুমান দত্ত, কাৰ্যনিৰ্বাহক সদস্য বিমান বুঢ়াগোহাঁই, কৌশিক হাজৰিকা, জগত বড়া আৰু চিৰাজুল ইছলাম উপস্থিত থাকে। আজিৰ খেলখন পৰিচালনা কৰে সুমন্ত দত্তই।

  • Related Posts

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    ভৱেশ কলিতা , আজাৰাঃ গুৱাহাটীত ৩ এপ্ৰিলত উপস্থিত হ’ল ক্ৰিকেটৰ প্ৰভু মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰৰ সৈতে পত্নী অঞ্জলি টেণ্ডুলকাৰ আৰু জীয়েক ছাৰা টেণ্ডুলকাৰ সহ তেওঁলোকৰ পৰিয়াল । কালি দুপৰীয়া মুম্বাইৰ…

    ছুপাৰ ডিভিজন ফুটবললৈ সাজু যোৰহাট টাউন ক্লাৱ

    ক্লাৱৰ জাৰ্চী উন্মোচন জিতুল কুমাৰ গগৈ, যোৰহাট, ১১ ফেব্ৰুৱাৰীঃ যোৰহাট ষ্টেডিয়ামত চলি থকা যোৰহাট জিলা ক্ৰীড়া সন্থাৰ ছুপাৰ ডিভিজন ফুটবল লীগ প্ৰতিযোগিতাৰ লগতে বৰ্ষটোৰ বাবে বিভিন্ন প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰিব পৰাকৈ…

    অন্যান্য বাতৰি

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান