৬৮ সংখ্যক ৰাষ্ট্রীয় স্কুল গেমছত ৰাজ্যক প্ৰতিনিধিত্ব কৰি যোৰহাট ছুইমিং ছ’চাইটিৰ ছজন খেলুৱৈৰ পদক অর্জন

৬৮ সংখ্যক ৰাষ্ট্রীয় স্কুল গেমছত ৰাজ্যক প্ৰতিনিধিত্ব কৰি যোৰহাট ছুইমিং ছ’চাইটিৰ ছজন খেলুৱৈৰ পদক অর্জন
প্ৰয়াস গগৈয়ে অসম দলৰ হৈ একমাত্ৰ সোণৰ পদক লাভ

জিতুল কুমাৰ গগৈ, যোৰহাটঃ যোৰহাটৰ সাঁতোৰ খেলুৱৈ প্ৰয়াস গগৈ, আহ্লাদ আদিত্য, ভূমিকা কাশ্যপে, অংগৰিকা শইকীয়া, ত্রিশিকা গগৈ আৰু অংশুমান কাশ্যপে ৰাষ্ট্রীয় স্কুল গেমছত ৰাজ্যক প্ৰতিনিধিত্ব কৰি সোণসহ পদক অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। গুজৰাটৰ ৰাজকোটত যোৱা ২৩ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ অনুষ্ঠিত ৬৮ সংখ্যক ৰাষ্ট্রীয় স্কুল গেমছ ২০২৪ত যোৰহাট ছুইমিং ছ’চাইটিৰ ২৮ জন সাঁতোৰ খেলুৱৈয়ে ৰাজ্যক প্ৰতিনিধিত্ব কৰি তাৰে ১০জন খেলুৱৈয়ে ফাইনেলত উপনীত হৈ ৬ জনে সাঁতোৰ খেলুৱৈয়ে সোণৰ পদকসহ জয় কৰি বিশেষ কৃতিত্ব অর্জন কৰিবলৈ সক্ষম হয়। প্ৰতিযোগিতাখনত অসম ৰাজ্যিক স্কুল দলক প্রতিনিধিত্ব কৰি ১৪ বছৰ অনূর্ধ্ব শাখাত ছ’চাইটিৰ প্ৰয়াস গগৈয়ে ব্যক্তিগতভাবে ৫০ মিটাৰ ফ্রীষ্টাইলত অসম দলৰ একমাত্ৰ সোণৰ পদক, ১০০ মিটাৰ আৰু ২০০ মিটাৰ ফ্রীষ্টাইলত ৰূপৰ পদক, দলীয়ভাবে ৪ X ১০০ মিটাৰ ফ্রীষ্টাইল ৰীলে আৰু ৪ X ১০০ মিটাৰ মেডলী ৰীলেত ৰূপৰ পদক অৰ্জন কৰে। আহ্লাদ আদিত্যই দলীয়ভাবে ৪ X ১০০ মিটাৰ ফ্রীষ্টাইল ৰীলে আৰু ৪ X ১০০ মিটাৰ মেডলী ৰীলেত ৰূপৰ পদক, ভূমিকা কাশ্যপে ২০০ মিটাৰ ইণ্ডিভিজুৱেল মেডলীত ৰূপৰ পদক, দলীয়ভাবে ৪ X ১০০ মিটাব ফ্রীষ্টাইল ৰীলে আৰু ৪ X ১০০ মিটাৰ মেডলী ৰীলেত ব্ৰঞ্জৰ পদক, অংগৰিকা শইকীয়াই ২০০ মিটাৰ বাটাৰ ফ্লাইত ব্ৰঞ্জৰ পদক আৰু দলীয়ভাবে ৪ X ১০০ মিটাৰ ফ্রীষ্টাইল ৰীলে আৰু ৪ X ১০০ মিটাৰ মেডলী ৰীলেত ব্ৰঞ্জৰ পদক, সমৃদ্ধি কৌশিকে দলীয়ভাবে ৪ X ১০০ মিটাৰ ফ্রীষ্টাইল ৰীলেত ব্ৰঞ্জৰ পদক, ত্রিশিকা গগৈয়ে দলীয়ভাবে ৪ X ১০০ মিটাৰ মেডলী ৰীলেত ব্রঞ্জব পদক আৰু ১৭ বছৰ অনূর্ধ্ব শাখাত তাসমৰ একমাত্র পদক অংশুমান কাশ্যপে ৫০ মিটাৰ ফ্রীষ্টাইলত ব্রঞ্জৰ পদক অৰ্জন কৰি অসম তথা যোৰহাট ছুইমিং ছ’চাইটিলৈ গৌৰৱ কঢ়িয়াই আনিছে। এনেদৰে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক জয় কৰি গৌৰৱ কঢ়িয়াবলৈ সক্ষম হোৱা বিজয়ী সমূহ খেলুৱৈসকলক যোৰহাট ছুইমিং ছ’চাইটিৰ হৈ সভাপতি-সম্পাদক অভিনন্দন জনাইছে।

  • Related Posts

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    ৰেফাৰীৰ নিকৃষ্ট সিদ্ধান্তৰ অভিযোগ তুলি অসন্তুষ্ট গোসাঁইবাৰী এফ চিৰ খেলপথাৰ ত্যাগ জিতুল কুমাৰ গগৈ, যোৰহাটঃ অসম ফুটবল সন্থাৰ তত্বাৱধানত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ অভ্যৰ্থনাত উত্তৰ যোৰহাট উপ-ক্ৰীড়া সন্থাৰ সহযোগত উত্তৰ…

    ষ্টেডিয়ামত মাত্ৰ খেলৰ বাদে অন্য কোনো অনুষ্ঠান পাতিব নোৱাৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিব পাৰিবনে?

    ষ্টেডিয়ামত মাত্ৰ খেলৰ বাদে অন্য কোনো অনুষ্ঠান পাতিব নোৱাৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিব পাৰিবনে? — জিতুল কুমাৰ গগৈ, যোৰহাট। ★★★ ঠিকনা-জিতুল কুমাৰ গগৈ,যোৰহাট৷ফোন- ৯৪৩৫৫৭৬৪৭৮

    অন্যান্য বাতৰি

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    প্ৰাক্তন ফুটবলাৰ প্ৰয়াত হলিৰাম কৰ্মকাৰৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমি বঁটা

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    বোকাখাত নাট্য মন্দিৰত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক শিল্পী আইদেউ সন্দিকৈ বঁটা প্রদান ছট্টীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বি-বাৰ্ষিক পূৰ্ণাংগ শিৱসাগৰ অধিৱেশনত প্ৰদান কৰিবলগীয়া বিভিন্ন সন্মান আৰু বঁটা প্ৰাপকসকলৰ নাম ঘোষণা

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস

    শিৱসাগৰত অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তৰে দহ সহস্ৰাধিক দিহানাম শিল্পীয়ে নাম পৰিৱেশন কৰি ৰচিলে ইতিহাস