যোৰহাট জিলা আন্তঃক্লাব দেহশ্ৰী প্ৰতিযোগিতাত যোৰহাটৰ ছান হেল্থ ক্লাবৰ সফলতা

জিতুল কুমাৰ গগৈ, যোৰহাটঃ এচ’চিয়েচন অব বডি বিল্ডাৰচ্ যোৰহাটৰ উদ্যোগত এদিনীয়া কাৰ্যসূচীৰে যোৱা শণিবাৰে যোৰহাট চাৰিগাঁও কলা মন্দিৰত অনুষ্ঠিত যোৰহাট জিলা আন্তঃক্লাব দেহশ্ৰী প্রতিযোগিতাখনত যোৰহাটৰ ৰজাবাৰীস্থিত ছান হেল্থ ক্লাবৰ তিনিজন সদস্য ক্রমে দীপু দত্ত, টুন্মী কাশ্যপ আৰু বোদেশ মাঝিয়ে অংশগ্রহণ কৰি পদক অৰ্জনেৰে ক্লাবলৈ গৌৰৱ কঢ়িয়াই আনে। প্ৰতিযোগিতাখনত ক্ৰমে মাষ্টাৰ শাখাৰ ৪০-৫০ বছৰ বয়সৰ শাখাত দীপু দত্তই অভাৰঅল চেম্পিয়ন, টুন্মী কাশ্যপে মহিলা বডি বিল্ডিঙত অভাৰঅল চেম্পিয়ন হোৱাৰ লগতে বোদেশ মাঝিয়ে ছিনিয়ৰ ৫৫ কেজি শাখাত সোণৰ পদক অর্জন কৰি ক্লাবলৈ গৌৰৱ কঢ়িয়ায়।

  • Related Posts

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    ভৱেশ কলিতা , আজাৰাঃ গুৱাহাটীত ৩ এপ্ৰিলত উপস্থিত হ’ল ক্ৰিকেটৰ প্ৰভু মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰৰ সৈতে পত্নী অঞ্জলি টেণ্ডুলকাৰ আৰু জীয়েক ছাৰা টেণ্ডুলকাৰ সহ তেওঁলোকৰ পৰিয়াল । কালি দুপৰীয়া মুম্বাইৰ…

    ছুপাৰ ডিভিজন ফুটবললৈ সাজু যোৰহাট টাউন ক্লাৱ

    ক্লাৱৰ জাৰ্চী উন্মোচন জিতুল কুমাৰ গগৈ, যোৰহাট, ১১ ফেব্ৰুৱাৰীঃ যোৰহাট ষ্টেডিয়ামত চলি থকা যোৰহাট জিলা ক্ৰীড়া সন্থাৰ ছুপাৰ ডিভিজন ফুটবল লীগ প্ৰতিযোগিতাৰ লগতে বৰ্ষটোৰ বাবে বিভিন্ন প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰিব পৰাকৈ…

    অন্যান্য বাতৰি

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান