‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগত যোৰহাট টাউন ক্লাব চেম্পিয়ন

ৰেফাৰীৰ নিকৃষ্ট সিদ্ধান্তৰ অভিযোগ তুলি অসন্তুষ্ট গোসাঁইবাৰী এফ চিৰ খেলপথাৰ ত্যাগ

জিতুল কুমাৰ গগৈ, যোৰহাটঃ অসম ফুটবল সন্থাৰ তত্বাৱধানত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ অভ্যৰ্থনাত উত্তৰ যোৰহাট উপ-ক্ৰীড়া সন্থাৰ সহযোগত উত্তৰ যোৰহাটৰ কল্যাণী খেল পথাৰত অনুষ্ঠিত অসম ফুটবল সন্থাৰ ‘বি’ মণ্ডলৰ ১৭ বছৰ অনূৰ্ধ্ব য়ুথ ফুটবল লীগ প্ৰতিযোগিতাত যোৰহাট টাউন ক্লাবে গোসাঁইবাৰী ফুটবল ক্লাব শিৱসাগৰক ২-১ গ’লৰ ব্যৱধানত পৰাজিত কৰি চেম্পিয়ন খিতাপ অৰ্জন কৰিছে। উল্লেখ্য যে, অসম ফুটবল সন্থাৰ ১৭ বছৰ অনূৰ্ধ্ব ‘বি’ মণ্ডলৰ য়ুথ ফুটবল লীগৰ চূড়ান্ত খেলখনত আজি ৰেফাৰীৰ ভুল সিদ্ধান্তৰ ফলত চৰম বেমেজালিৰ মাজৰে অন্ত পৰাৰ লগতে ৰেফাৰীৰ ভুল আৰু একপক্ষীয় সিদ্ধান্তৰ প্ৰতিবাদ কৰি শিৱসাগৰ গোসাঁইবাৰী ফুটবল ক্লাবে চূড়ান্ত খেলখনৰ দ্বিতীয়াৰ্ধৰ ১২ মিনিটত খেলপথাৰ ত্যাগ কৰাত যোৰহাট টাউন ক্লাবক পৰিচালকে জয়ী ঘোষণা কৰে। মাত্ৰ পাঁচটা ফুটবল ক্লাবে অংশ লোৱা অসম ফুটবল সন্থাৰ ১৭ বছৰ অনূৰ্ধ্ব য়ুথ লীগ ফুটবল প্ৰতিযোগিতাখনৰ নীতি নিয়ম সলনি কৰি প্ৰথমে লীগ ভিত্তিত প্ৰস্তুত কৰা খেলৰ সূচী ৰাতিটোৰ ভিতৰতে সলনি কৰি নক আউট পৰ্যায়ত অনুষ্ঠিত কৰাত আজি চূড়ান্ত খেলত মুখামুখি হয় যোৰহাট টাউন ক্লাব আৰু গোসাঁইবাৰী এফ চি। আৰম্ভণিৰে পৰা তীব্ৰ প্ৰতিদ্বন্দিতাপূৰ্ণ হৈ উঠা আজি ফাইনেলখন প্ৰথমাৰ্ধত ১-১ গ’লত সমাপ্ত হয়। যোৰহাট টাউন ক্লাবৰ খেলুৱৈ সকলে কৰা অত্যাধিক ফাউলত গোসাঁইবাৰী এফ চিৰ কেইবাজনো খেলুৱৈ আঘাতপ্ৰাপ্ত হৈ বাগৰি পৰে। গোসাঁইবাৰী এফ চি’ৰ গ’লৰক্ষকজনক বলশূণ্য অৱস্থাত বিপক্ষৰ দলৰ খেলুৱৈয়ে আঘাত কৰি বগৰাই দিয়াটো আছিল এক দৃষ্টিকটু। তীব্র উত্তেজনাপূৰ্ণ হৈ উঠা চূড়ান্ত খেলখন দ্বিতীয়াৰ্ধৰ ১০ মিনিটত গোসাঁইবাৰীৰ গ’ল বক্সলৈ বিপক্ষৰ খেলুৱৈয়ে লোৱা এটা শ্বট গোসাঁইবাৰীৰ এজন ডিফেণ্ডাৰৰ বুটত লাগি গ’ল পোষ্ট অভিমুখে যোৱাৰ পথত গোসাঁইবাৰীৰ গ’লকীপাৰজনে ক্ষীপ্ৰতাৰে আয়ত্ত কৰি সন্মুখলৈ কিক কৰে। যোৰহাট টাউন ক্লাবৰ খেলুৱৈ সকলে গ’লৰক্ষকে বল আয়ত্ত কৰাৰ সময়ত বলে লাইন অতিক্ৰমি গ’ল বক্সত প্ৰৱেশ কৰা বুলি গ’লৰ আবেদন কৰে। কিন্তু সেই মূহুৰ্তত গল বক্সৰ কাষতে থকা ৰেফাৰী ৰঞ্জিত গাটাকে ন’ ন’ বুলি যোৰহাট টাউন ক্লাবৰ আবেদন খাৰিজ কৰি খেল চলায় নিয়ে যদিও যোৰহাট টাউন ক্লাবৰ ৰিজাৰ্ভ বেঞ্চৰ পৰা সেইটো গ’ল বুলি চিঞৰ বাখৰ কৰি থকাত ৰেফাৰীৰ মাজতে খেল ৰখাই লাইনৰ ৰেফাৰীৰ সৈতে আলোচনা কৰি গ’লৰ সিদ্ধান্ত দিয়াত স্বাভাৱিকতে খেলপথাৰত প্ৰতিবাদমুখৰ হৈ পৰে গোসাঁইবাৰী এফ চিৰ খেলুৱৈসকল। অৱশেষত চূড়ান্ত খেলখনৰ পৰিচালনাত পৰিচালকৰ অদক্ষতাৰ প্ৰতিবাদত গোসাঁইবাৰী এফ চিৰ কিশোৰ খেলুৱৈ সকলে খেল নেখেলাৰ সিদ্ধান্ত লৈ আধাতে খেলপথাৰত এক চেকেণ্ডো নৰৈ খেলপথাৰ ত্যাগ কৰে। তাৎপৰ্যপূৰ্ণ যে, এনেদৰে খেলপথাৰ ত্যাগ কৰাতকৈ খেলপথাৰতে থাকি প্ৰতিবাদ কৰা হ’লে গোসাঁইবাৰী এফ চি’ৰ পক্ষত বিশেষ সিদ্ধান্ত লোৱাৰ কথা আছিল বুলি আয়োজক সমিতিৰ পৰা জানিব পৰা গৈছে। উল্লেখ্য চুড়ান্ত খেলখনত প্ৰথমাৰ্ধৰ ৩ মিনিটত যোৰহাট টাউন ক্লাবৰ কপিল বৰাই এটা গ’ল দি ১-০ দলটোক গ’লত অগ্ৰগতি লাভ কৰে যদিও দ্বিতীয়াৰ্ধৰ ৩২ মিনিটত গোসাঁইবাৰী ফুটবল ক্লাবৰ মহানৱ সন্দিকৈয়ে এটা গ’ল দি ১-১ গ’লৰ সমতা স্থাপন কৰে। দ্বিতীয়াৰ্ধত খেলৰ ৫৫ মিনিটত যোৰহাট টাউন ক্লাবৰ কপিল বৰাই দিয়া ব্যক্তিগত দ্বিতীয়টো গ’লৰ সহায়ত ২-১ গ’লত টাউন ক্লাবে জয়ী হোৱাত মূখ্য ভূমিকা গ্ৰহণ কৰে। উল্লেখযোগ্য যে, চূড়ান্ত খেলতৰ প্ৰাক্ মূহুৰ্তত অসম ফুটবল সন্থাৰ হৈ য়ুথ ফুটবল লীগ প্ৰতিযোগিতাৰ সম্পৰ্কত বক্তৃতা প্ৰদান কৰে উপ-সভাপতি শান্তনু পূজাৰীয়ে। যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক জুল খাউণ্ড, উপ-সভাপতি ললিত বৰা, দ্বিজেন শইকীয়া, ৰবীন শইকীয়া, প্ৰাক্তন সাধাৰণ সম্পাদক নিৰ্মল চেতিয়া, জ্যেষ্ঠ সদস্য অৱনী চেতীয়া, নৱেন্দ্ৰ নাথ দত্ত, কাৰ্যনিৰ্বাহক সদস্য প্ৰবীৰ শইকীয়া, ৰক্তিম বড়া, সিদ্ধাৰ্থ বৰুৱা, উত্তৰ যোৰহাট উপ-ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি লক্ষী বড়া, উপ-সভাপতি প্ৰদীপ নেওঁগ, যোৰহাট জিলা হেণ্ডবল সন্থাৰ সম্পাদক দেৱজিৎ বড়া, প্ৰাক্তন সভাপতি হৰিশ শইকীয়া, উপ-সভাপতি পুতুল দত্ত। প্ৰাক্তন ৰাজ্যিক ফুটবল খেলুৱৈ বৰুন দত্ত আৰু দুৰ্লভ নাৰায়ণ বৰুৱাক প্ৰতিযোগিতা সমিতিয়ে সম্বৰ্ধনা জনাই। ফুটবল বিভাগৰ সম্পাদক হেমিদুৰ ৰহমানে আঁতধৰা বঁটা বিতৰণী অনুষ্ঠানত চেম্পিয়ন দল যোৰহাট টাউন ক্লাবক বঁটা প্ৰদান কৰে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক জুল খাউণ্ড আৰু প্ৰাক্তন ৰাজ্যিক ফুটবল খেলুৱৈ বৰুন দত্তই। ৰানাৰ আপ দলক বঁটা প্ৰদান কৰে প্ৰাক্তন ৰাজ্যিক ফুটবল খেলুৱৈ দুৰ্লভ নাৰায়ণ বৰুৱা আৰু ফুটবল বিভাগৰ সভাপতি দ্বিজেন শইকীয়া। আজিৰ খেলখন পৰিচালনা কৰে প্ৰাঞ্জল গাটাকে।

কাকজান উপ-ক্ৰীড়া সন্থা ফাইনেলতঃ আজি পুৱা উত্তৰ যোৰহাটৰ কল্যাণী খেল পথাৰত অনুষ্ঠিত ১৫ বছৰ অনূৰ্ধ্ব য়ুথ ফুটবল লীগ প্ৰতিযোগিতাৰ ছেমি ফাইনেলত খেলখনত কাকজান উপ-ক্ৰীড়া সন্থাই মাজুলী লিটল ফুটবল ক্লাবক ৩-২ গ’লৰ ব্যৱধানত পৰাজিত কৰি কাকজানে ফাইনেলত প্ৰৱেশ কৰিছে।

  • Related Posts

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    ভৱেশ কলিতা , আজাৰাঃ গুৱাহাটীত ৩ এপ্ৰিলত উপস্থিত হ’ল ক্ৰিকেটৰ প্ৰভু মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰৰ সৈতে পত্নী অঞ্জলি টেণ্ডুলকাৰ আৰু জীয়েক ছাৰা টেণ্ডুলকাৰ সহ তেওঁলোকৰ পৰিয়াল । কালি দুপৰীয়া মুম্বাইৰ…

    ছুপাৰ ডিভিজন ফুটবললৈ সাজু যোৰহাট টাউন ক্লাৱ

    ক্লাৱৰ জাৰ্চী উন্মোচন জিতুল কুমাৰ গগৈ, যোৰহাট, ১১ ফেব্ৰুৱাৰীঃ যোৰহাট ষ্টেডিয়ামত চলি থকা যোৰহাট জিলা ক্ৰীড়া সন্থাৰ ছুপাৰ ডিভিজন ফুটবল লীগ প্ৰতিযোগিতাৰ লগতে বৰ্ষটোৰ বাবে বিভিন্ন প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰিব পৰাকৈ…

    অন্যান্য বাতৰি

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান