অমল বৰুৱাৰ সোঁৱৰণীত যোৰহাটত ৩-৪ জানুৱাৰীত দিবা-নৈশ ৰাষ্ট্ৰীয় ভলীবল টুৰ্ণামেণ্ট

উদ্বোধন কৰিব প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ অভিজিৎ ভট্টাচাৰ্যই

জিতুল কুমাৰ গগৈ, যোৰহাটঃ যোৰহাট জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অসম ভলীবল সন্থাৰ প্ৰাক্তন সম্পাদক, যোৰহাট জিলা ক্ৰীড়া সন্থাৰ প্ৰাক্তন সম্পাদক, অসমৰ এগৰাকী বিশিষ্ট ক্ৰীড়া সংগঠক তথা অসম চৰকাৰৰ ক্ৰীড়া পেঞ্চনাৰ প্ৰয়াত অমল বৰুৱাৰ সোঁৱৰণীত পোনপ্ৰথমবাৰৰ বাবে যোৰহাট জিলা ক্ৰীড়া সন্থাই সন্থাৰ নিজা খেলপথাৰত অহা ৩ আৰু ৪ জানুৱাৰীত দিবা-নৈশ ভাৱে দুদিনীয়াকৈ আয়োজন কৰিছে সৰ্বভাৰতীয় আমন্ত্ৰণমূলক প্ৰাইজমানি ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাখন। প্ৰতিযোগিতাখনৰ সন্দৰ্ভত যোৱা ২৯ ডিচেম্বৰ তাৰিখে আয়োজক সমিতিয়ে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ ক্ৰীড়া ভৱনত অনুষ্ঠিত কৰে এখনি সংবাদ মেল। সংবাদমেলত জিলা ক্ৰীড়া সন্থাৰ অন্যান্য বিষয়বব্বীয়া সকলৰ লগতে সন্থাৰ সভাপতি শান্তনু পূজাৰী উপস্থিত থাকি কয় যে, ক্ৰীড়া পেঞ্চনাৰ প্ৰয়াত অমল বৰুৱাক ক্ৰীড়া ক্ষেত্ৰত তেখেতৰ নাম চিৰযুগমীয়া কৰাৰ প্ৰয়াসেৰে আয়োজন কৰা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত মাত্ৰ পুৰুষ দলৰ মাজত অনুষ্ঠিত হ’ব লগা মুকলি প্ৰতিযোগিতাখনত ইতিমধ্যে ছটাকৈ ৰাষ্ট্ৰীয় ভলীবল দলে যোগদান নিশ্চিত কৰিছে। নিশ্চিত কৰা দল সমূহ হৈছে ক্ৰমে উত্তৰ প্ৰদেশৰ ইউ পি ৱাৰিয়ৰ্ছ, হাৰিয়ানাৰ হাৰিয়ানা টাইগাৰৰ্ছ, মণিপুৰৰ ইম্ফল হেইগ্ৰুজাম ভলীবল একাডেমী, গুৱাহাটীৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ স্প’ৰ্টছ ক্লাব, অসম পুলিচ আৰু বৰপেটাৰ সৰভোগ ক্ৰীড়া সংঘ। প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ উপৰিও ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক তথা বিশিষ্ট ক্ৰীড়া সংগঠক অভিজিৎ ভট্ৰাচাৰ্যই উদ্বোধন কৰিব লগা প্ৰতিযোগিতাখনত কেইগৰাকী বিশিষ্ট প্ৰাক্তন খেলুৱৈ আৰু ক্ৰীড়া সংগঠক এই প্ৰতিযোগিতাখনৰ উদ্বোধনী আৰু সামৰণি অনুষ্ঠানত উপস্থিত থাকিব। কাৰ্যসূচী অনুসৰি অহা ৩ জানুৱাৰী দিনা দিনৰ ১.৩০ বজাত প্ৰয়াত অমল বৰুৱাৰ শ্ৰদ্বাঞ্জলী অনুষ্ঠানেৰে আৰম্ভ হ’ব প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠান। লগতে উদ্বোধনী অনুষ্ঠানত কেইবাগৰাকীও প্ৰাক্তন ভলীবল খেলুৱৈ আৰু ভলীবল ৰেফাৰীক সম্বৰ্ধনা জনোৱা হ’ব বুলি কোৱাৰ লগতে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব লগা এই টুৰ্ণামেণ্টৰ সকলো প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে বুলি লগতে জনাইছে। উল্লেখ্য যে, প্ৰতিযোগিতাখনত শ্ৰেষ্ঠ খেলুৱৈ, প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটা থকাৰ প্ৰতিযোগিতাখনত চেম্পিয়ন দলে ৩০ হাজাৰ টকাসহ ট্ৰফী আৰু ৰাণাৰ আপ দলে ২০ হাজাৰ টকাসহ ট্ৰফীৰ প্ৰাইজমানি পুৰস্কাৰ লাভ কৰিব বুলি জনাইছে। আজিৰ সংবাদমেলখনত উপস্থিত থাকে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰী, সাধাৰণ সম্পাদক জুল খাউণ্ড, প্ৰতিযোগিতাখনৰ আহ্বায়ক চিৰঞ্জীত বৰা, উপ-সভাপতিদ্বয় দ্বিজেন শইকীয়া, ললিত বৰা উপৰিও কেইবাজনো বিষয়বব্বীয়া। উক্ত ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাখনৰ দুইদিনাৰ সমূহ কাৰ্যসূচীতে যোৰহাটৰ সকলো ক্ৰীড়াপ্ৰেমী ৰাইজ, খেলুৱৈ আৰু প্ৰাক্তন খেলুৱৈ সকলৰ উপস্থিতিৰ লগতে সকলো দিশতে সহায় সহযোগিতা, দিহা-পৰামৰ্শ যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি-সম্পাদকে কামনা কৰি প্ৰতিযোগিতাখনিলৈ নিমন্ত্ৰণ জনাইছে।

  • Related Posts

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    ভৱেশ কলিতা , আজাৰাঃ গুৱাহাটীত ৩ এপ্ৰিলত উপস্থিত হ’ল ক্ৰিকেটৰ প্ৰভু মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰৰ সৈতে পত্নী অঞ্জলি টেণ্ডুলকাৰ আৰু জীয়েক ছাৰা টেণ্ডুলকাৰ সহ তেওঁলোকৰ পৰিয়াল । কালি দুপৰীয়া মুম্বাইৰ…

    ছুপাৰ ডিভিজন ফুটবললৈ সাজু যোৰহাট টাউন ক্লাৱ

    ক্লাৱৰ জাৰ্চী উন্মোচন জিতুল কুমাৰ গগৈ, যোৰহাট, ১১ ফেব্ৰুৱাৰীঃ যোৰহাট ষ্টেডিয়ামত চলি থকা যোৰহাট জিলা ক্ৰীড়া সন্থাৰ ছুপাৰ ডিভিজন ফুটবল লীগ প্ৰতিযোগিতাৰ লগতে বৰ্ষটোৰ বাবে বিভিন্ন প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰিব পৰাকৈ…

    অন্যান্য বাতৰি

    জানি থওক ৰঙালী বিহুত পৰম্পৰাগতভাৱে খোৱা এশ এবিধ শাকৰ নাম

    জানি থওক ৰঙালী বিহুত পৰম্পৰাগতভাৱে খোৱা এশ এবিধ শাকৰ নাম

    মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

    মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ