যোৰহাটত অমল বৰুৱা সোঁৱৰণী ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতা আৰম্ভ

উদ্বোধনী খেলত ইউ পি ৱাৰিয়ৰ্ছ আৰু বিদ্যুৎ পৰিষদৰ জয়লাভ

জিতুল কুমাৰ গগৈ, যোৰহাটঃ যোৰহাট জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত প্ৰয়াত অমল বৰুৱা সোঁৱৰণীত পোনপ্ৰথমবাৰৰ বাবে সন্থাৰ নিজা খেলপথাৰত আজিৰে পৰা দিবা-নৈশ ভাৱে দুদিনীয়াকৈ আৰম্ভ হৈছে সৰ্বভাৰতীয় আমন্ত্ৰণমূলক প্ৰাইজমানি ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাখন। ছটাকৈ ৰাষ্ট্ৰীয় ভলীবল দলে যোগদান কৰা প্ৰতিযোগিতাখন আজি আনুষ্ঠানিভাৱে শুভাৰম্ভ কৰে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই। দুটা গ্ৰুপত ভাগ কৰা দলসমূহ ‘এ’ গ্ৰুপত ক্ৰমে উত্তৰ প্ৰদেশৰ ইউ পি ৱাৰিয়ৰ্ছ, হাৰিয়ানাৰ হাৰিয়ানা টাইগাৰৰ্ছ আৰু বৰপেটাৰ সৰভোগ ক্ৰীড়া সংঘ।

‘বি’ গ্ৰুপত মণিপুৰৰ ইম্ফল হেইগ্ৰুজাম ভলীবল একাডেমী, গুৱাহাটীৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ স্প’ৰ্টছ ক্লাব আৰু অসম পুলিচ। আজি উদ্বোধনী খেলখন উত্তৰ প্ৰদেশৰ ইউ পি ৱাৰিয়ৰ্ছ আৰু হাৰিয়ানাৰ হাৰিয়ানা টাইগাৰৰ্ছৰ মাজত অনুষ্ঠিত হয় আৰু খেলখনত ইউ পিয়ে ২-০ ছেটত জয়লাভ কৰে। বাতৰি লিখা পৰলৈকে পোৱা ফলাফলৰ অনুসৰি আজি অনুষ্ঠিত লীগৰ দ্বিতীয়খন খেলত গুৱাহাটীৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ স্প’ৰ্টছ ক্লাবে মণিপুৰৰ ইম্ফল হেইগ্ৰুজাম ভলীবল একাডেমীক ২-০ ছেটত পৰাজিত কৰি লীগত অগ্ৰগতি লাভ কৰি আছে। আজি প্ৰয়াত অমল বৰুৱাৰ প্ৰতিছবিত বৰুৱাৰ পত্নী দিপালী বৰুৱাই শ্ৰদ্ধাঞ্জলী জনাই বন্তি প্ৰজ্বলন কৰাৰ লগে লগে আৰম্ভ হয় প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান। আজি প্ৰতিযোগিতাখনত বল মাৰি শুভাৰম্ভ কৰে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই আৰু জিলা ক্ৰীড়া সন্থাৰ পতাকা উত্তোলন কৰে জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰীয়ে। জিলা ক্ৰীড়া সন্থাৰ সম্পাদক জুল খাউণ্ডে আঁত ধৰা আজিৰ উদ্বোধনী অনুষ্ঠানত তেৰজন প্ৰাক্তন আন্ঃৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ আৰু ৰেফাৰীক সম্বৰ্ধনা জনাই। উদ্বোধনী অনুষ্ঠানত অসম গৃহ নিৰ্মাণ বিভাগৰ অধ্যক্ষ সুভাষ দত্ত, যোৰহাট জিলা ক্ৰীড়া বিষয়া ৰাহুল শৰ্মাৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কাইলৈ দিনৰ ভাগত ছেমি ফাইনেল খেল সমূহ অনুষ্ঠিত হোৱাৰ লগতে সন্ধিয়া ৬.৩০ বজাত চূড়ান্ত খেলখন অনুষ্ঠিত হ’ব আৰু তাৰ পাছতেই আৰম্ভ হ’ব বঁটা বিতৰণী অনুষ্ঠান।

  • Related Posts

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    ভৱেশ কলিতা , আজাৰাঃ গুৱাহাটীত ৩ এপ্ৰিলত উপস্থিত হ’ল ক্ৰিকেটৰ প্ৰভু মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰৰ সৈতে পত্নী অঞ্জলি টেণ্ডুলকাৰ আৰু জীয়েক ছাৰা টেণ্ডুলকাৰ সহ তেওঁলোকৰ পৰিয়াল । কালি দুপৰীয়া মুম্বাইৰ…

    ছুপাৰ ডিভিজন ফুটবললৈ সাজু যোৰহাট টাউন ক্লাৱ

    ক্লাৱৰ জাৰ্চী উন্মোচন জিতুল কুমাৰ গগৈ, যোৰহাট, ১১ ফেব্ৰুৱাৰীঃ যোৰহাট ষ্টেডিয়ামত চলি থকা যোৰহাট জিলা ক্ৰীড়া সন্থাৰ ছুপাৰ ডিভিজন ফুটবল লীগ প্ৰতিযোগিতাৰ লগতে বৰ্ষটোৰ বাবে বিভিন্ন প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰিব পৰাকৈ…

    অন্যান্য বাতৰি

    জানি থওক ৰঙালী বিহুত পৰম্পৰাগতভাৱে খোৱা এশ এবিধ শাকৰ নাম

    জানি থওক ৰঙালী বিহুত পৰম্পৰাগতভাৱে খোৱা এশ এবিধ শাকৰ নাম

    মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

    মাজুলী লেখিকা সমাৰোহ সমিতিৰ ’বসন্তৰ আবেলি ’শীৰ্ষক অনুষ্ঠান সম্পন্ন

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ