যোৰহাটত ‘ক্ৰীড়াবন্ধু’ খেলুৱৈ সহযোগী বে-চৰকাৰী অনুষ্ঠানৰ জন্ম

জিতুল কুমাৰ গগৈ, যোৰহাটঃ খেলুৱৈ সকলৰ বাবে এটি সুখবৰ। প্ৰাণ পাব আধাতে থমকি ৰোৱা সুপ্ত প্ৰতিভাই। প্ৰতিভাৱানক সাহস দি আগুৱাই যোৱাত সহায় কৰাৰ লক্ষ্যৰে যোৰহাটৰ কেইজনমান ক্ৰীড়া সংগঠক, ক্ৰীড়া সাংবাদিকৰ প্ৰচেষ্ঠাত আজি যোৰহাটত জন্মলাভ কৰে খেলুৱৈক সহায় কৰিব পৰাকৈ ‘ক্ৰীড়াবন্ধু’ নামেৰে এটি ক্ৰীড়াৰ বে-চৰকাৰী সামাজিক অনুষ্ঠান। দেওবাৰে যোৰহাটৰ হোটেল জিৰণীৰ সভাগৃহত অনুষ্ঠিত হোৱা এক ৰাজহুৱা সভাত উপস্থিত সমূহ ৰাইজৰ সৰ্বসন্মতি ক্ৰমে ২৯ জনীয়া এখন বৃহৎ শক্তিশালী সমিতি গঠন কৰি অনুষ্ঠানটি চিৰযুগমীয়া হোৱাৰ সকলোৱে আশা কৰে।

বিশিষ্ট সমাজকৰ্মী পুলিন ফুকনৰ সঞ্চালনাত অনুষ্ঠিত আজিৰ ৰাজহুৱা সভাত সঞ্চালকক সহযোগ কৰে বিশিষ্ট শৰীৰচৰ্চা বিদ তথা যোৰহাটৰ প্ৰাক্তন পৌৰপতি প্ৰশান্ত বৰা আৰু যোৰহাট ছুইমিং ছ’চাইটিৰ সাধাৰণ সম্পাদক দেৱ কুমাৰ হাজৰিকাই। যোৰহাটৰ প্ৰতিটো খেল বিভাগৰ বিষয়ববীয়া সকলৰ উপস্থিতিত অনুষ্ঠিত সভাখনতে অসম অলিম্পিক সংন্থাৰ প্ৰাক্তন সম্পাদক তথা বিশিষ্ট জ্যেষ্ঠ ক্ৰীড়া সংগঠক ননী দত্তক মুখ্য উপদেষ্টাৰূপে লৈ বিশিষ্ট ক্ৰীড়া সংগঠক তথা লেখক মহেন্দ্ৰ দত্তক সভাপতি, দা হিলচ্ টাইমচ কাকতৰ যোৰহাটৰ সাংবাদিক অৰবিন্দ বৰাক সম্পাদক আৰু অসমীয়া প্ৰতিদিন কাকতৰ যোৰহাটৰ ক্ৰীড়া সাংবাদিক জিতুল কুমাৰ গগৈক কোষাধ্যক্ষ ৰূপে মনোনিত কৰি এখন ২৯ জনীয়া শক্তিশালী সমিতি গঠন কৰি দিয়ে।

আজিৰ সভাৰ আৰম্ভণিতে সঞ্চালক পুলিন ফুকনে এগছি বন্তি প্ৰজ্বলনেৰে সভাখনি আৰম্ভ কৰাৰ পাছতেই কণমানি ছাত্ৰী নাং জাছিংফা শ্যাম গগৈয়ে এটি টাই প্ৰাৰ্থনা ‘আই ছিং লাউ’, গণেশ বন্দনা আৰু গায়েত্ৰী বন্দনা পৰিৱেশনৰ পাছতেই আৰম্ভ হোৱা ৰাজহুৱা সভাখনত অসমীয়া প্ৰতিদিন কাকতৰ যোৰহাটৰ ক্ৰীড়া সাংবাদিক জিতুল কুমাৰ গগৈয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰা সভাত অৱসৰ প্ৰাপ্ত জিলা ক্ৰীড়া বিষয়া গুণীন গগৈ, যোৰহাট জিলা ক্ৰীড়া সন্থাৰ প্ৰাক্তন সম্পাদক নিৰ্মল চেতিয়া, অসম এথলেটিক সন্থাৰ উপ-সভাপতি কৰুনাধৰ দত্ত, যোৰহাট টাউন ক্লাবৰ কাৰ্যকৰী সভাপতি গৌতম বৰুৱা আৰু প্ৰাক্তন সম্পাদক দিগন্ত দত্ত, অসম টেবুল টেনিছ সন্থাৰ উপ-সভাপতি নয়ন জ্যোতি শৰ্মা, অসম বডিবিল্ডাৰ্ছ এচ’চিয়েচনৰ সভাপতি প্ৰশান্ত বৰা, অসম মাষ্টাৰ্ছ এথলেটিকছ সন্থাৰ সম্পাদক দীপক জ্যোতি বৰা, যোৰহাট জিলা দবা সন্থাৰ সাধাৰণ সম্পাদক মাধুৰ্য ভৰালী, দৈনিক জনমভূমি কাকতৰ ডেস্ক ইনচাজ তথা অসম বেডমিণ্টন সন্থাৰ যুটীয়া সম্পাদক দিগন্ত বুঢ়াগোহাঁই, যোৰহাট জিলা ক্ৰীড়া সন্থাৰ প্ৰাক্তন যুটীয়া সম্পাদক তথা সাংবাদিক সঞ্জীৱ দত্ত, আমাৰ অসম কাকতৰ সাংবাদিক বিৰাজ বৰুৱা, পি টি আইৰ সাংবাদিক দীপক মুক্তিয়াৰ, যোৰহাট জিলা টাইকোৱাণ্ডো সন্থাৰ প্ৰাক্তন সম্পাদক তথা প্ৰশিক্ষক অভিজিৎ দত্ত, অসম হেণ্ডবল সন্থা যুটীয়া সম্পাদক দেৱজিৎ বৰা, সমৰকলা প্ৰশিক্ষক বাসৱ ৰাজ নেওঁগ, বিশিষ্ট স্তম্ভ লেখক সঞ্জীত কুমাৰ বৰদলৈ, যোগ প্ৰশিক্ষক অঞ্জুমণি বৰা, মালা বৰুৱা, জীনা গগৈ, যুৱ ক্ৰীড়া সংগঠক ৰাকেশ কোঁৱৰৰ উপৰিও ভালে সংখ্যক ব্যক্তিয়ে অনুষ্ঠানটোৰ লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত নিজৰ নিজৰ মতামত ব্যক্ত কৰি আলোচনা কৰা সভাত ফুটবল প্ৰশিক্ষক হেমিদুৰ ৰহমান (পাপু), যোৰহাট জিলা ক্ৰীড়া সন্থাৰ ভলীবল বিভাগৰ সভাপতি চিৰঞ্জীত বৰা, ক্ৰীড়া সংগঠক ধ্ৰুৱ হাজৰিকা, বেদান্ত দত্ত, প্ৰণৱ বৰঠাকুৰ, জ্যেষ্ট খেলুৱৈ ধ্ৰুৱজিৎ গগৈ, বিশিষ্ট সমাজকৰ্মী ৰাজেন দত্তৰ প্ৰমুখ্যে অৰ্ধ শতাধিক ক্ৰীড়া সংগঠক, খেলুৱৈ উপস্থিতি থকা সভাখনৰ আঁত ধৰাৰ লগতে শলাগৰ শৰাই আগবঢ়াই দা হিলচ্ টাইমচ কাকতৰ যোৰহাটৰ সাংবাদিক অৰবিন্দ বৰাই। তাৎপৰ্যপূৰ্ণ ভাৱে সভাতে উপস্থিত ৰাইজে উল্লেখ কৰে যে, সমগ্ৰ অসমৰ লগতে হয়তো ভাৰততে প্ৰথম অনুষ্ঠান হ’ব যিটো সামাজিক অনুষ্ঠানে খেলুৱৈ সকলে আগুৱাই যোৱাৰ দিশত সহযোগ কৰা বাবে গঠন হোৱা অনুষ্ঠান ক্ৰীড়াবন্ধু। সেয়েহে অনুষ্ঠানটোৰ সফলতাৰে আৰু আগুৱাই যাব পৰাকৈ ক্ৰীড়াবন্ধু অনুষ্ঠানটোলৈ স্ব-ইচ্চাৰে বিভিন্ন দিশৰ বহুকেইজন ব্যক্তিয়ে আৰ্থিক অনুদানো আগবঢ়াই।

  • Related Posts

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    ভৱেশ কলিতা , আজাৰাঃ গুৱাহাটীত ৩ এপ্ৰিলত উপস্থিত হ’ল ক্ৰিকেটৰ প্ৰভু মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰৰ সৈতে পত্নী অঞ্জলি টেণ্ডুলকাৰ আৰু জীয়েক ছাৰা টেণ্ডুলকাৰ সহ তেওঁলোকৰ পৰিয়াল । কালি দুপৰীয়া মুম্বাইৰ…

    ছুপাৰ ডিভিজন ফুটবললৈ সাজু যোৰহাট টাউন ক্লাৱ

    ক্লাৱৰ জাৰ্চী উন্মোচন জিতুল কুমাৰ গগৈ, যোৰহাট, ১১ ফেব্ৰুৱাৰীঃ যোৰহাট ষ্টেডিয়ামত চলি থকা যোৰহাট জিলা ক্ৰীড়া সন্থাৰ ছুপাৰ ডিভিজন ফুটবল লীগ প্ৰতিযোগিতাৰ লগতে বৰ্ষটোৰ বাবে বিভিন্ন প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰিব পৰাকৈ…

    অন্যান্য বাতৰি

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    স্বদেশ পটভূমিৰ ৰঙালী বিহু সংখ্যা উন্মোচন

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন