আমন্ত্ৰণমূলক আন্তঃক্লাব ভলীবল প্ৰতিযোগিতা সামৰণি

পুৰুষত এনাজৰী ক্লাব, মহিলাত যোৰহাট ভলীবল ক’চিং চেণ্টাৰ চেম্পিয়ন

জিতুল কুমাৰ গগৈ, যোৰহাটঃ যোৰহাটৰ শংকৰপুৰ ৰাজহুৱা খেলপথাৰত এনাজৰী ক্লাবৰ সৌজন্যত আৰু শংকৰপুৰ গাঁওৰক্ষী বাহিনীৰ সহযোগত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত দিবা-নৈশ আমন্ত্ৰণমূলক আন্তঃক্লাব ভলীবল প্ৰতিযোগিতাখন যোৱা ৰাতি সফলতাৰে সামৰণি পৰে।

দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা উভয় শাখাতে অনুষ্ঠিত মুকলি প্ৰতিযোগিতাখনত ল’ৰাৰ শাখাত ১৫টা আৰু ছোৱালী শাখাত ৪টা মুঠ ১৯টা দলৰ যোগদানেৰে অনুষ্ঠিত প্ৰতিযোগিতাখন কালি উদ্বোধন কৰে প্ৰাক্তন ৰাজ্যিক ফুটবল খেলুৱৈ তুৱাৰাম বৰাই। সন্ধিয়াৰ পৰা প্ৰতিযোগিতাখনৰ ল’ৰা শাখাৰ খেল সমূহ আৰম্ভ হৈ ৰাতিলৈ সমাপ্ত হোৱা প্ৰতিযোগিতাখনত পুৰুষৰ শাখাত এনাজৰী ক্লাবে যোৰহাট ক্লাবক ৩-০ পোনপতীয়া ছেটত পৰাজিত কৰি প্ৰতিযোগিতাখনৰ চেম্পিয়ন খিতাপ অৰ্জন কৰে। চেম্পিয়ন দল এনাজৰী ক্লাবক নগদ ন হাজাৰ টকাসহ পম্পিৰাম দাস সোঁৱৰণী বঁটা আৰু বিজিত দল যোৰহাট ক্লাবক নগদ পাঁচ হাজাৰ টকাসহ ৰূপালী শইকীয়া সোঁৱৰণী বঁটা প্ৰদান কৰে। প্ৰতিযোগিতাখনত পুৰুষৰ শাখাত শ্ৰেষ্ঠ খেলুৱৈ সন্মান লাভ কৰে এনাজৰী ক্লাবৰ সিদ্ধাৰ্থ দত্তই। আনহাতে প্ৰতিযোগিতাখত ছোৱালী শাখাৰ খেলত যোৰহাট ভলীবল ক’চিং চেণ্টাৰে চিনামৰা ভলীবল ক’চিং চেণ্টাৰক ৩-০ পোনপতীয়া ছেটত পৰাজিত কৰি প্ৰতিযোগিতাখনত চেম্পিয়ন খিতাপ অৰ্জন কৰে। চেম্পিয়ন দলে ভূৱন চন্দ্ৰ বৰা সোঁৱৰণী বঁটা আৰু বিজিত দলে উমেশ্বৰ ভূঞা সোঁৱৰণী বঁটা লাভ কৰা প্ৰতিযোগিতাখনত মহিলা শাখাত শ্ৰেষ্ঠ খেলুৱৈ সন্মান লাভ কৰে যোৰহাট ভলীবল ক’চিং চেণ্টাৰ দলৰ দিপ্তী দলে।

  • Related Posts

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    ভৱেশ কলিতা , আজাৰাঃ গুৱাহাটীত ৩ এপ্ৰিলত উপস্থিত হ’ল ক্ৰিকেটৰ প্ৰভু মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰৰ সৈতে পত্নী অঞ্জলি টেণ্ডুলকাৰ আৰু জীয়েক ছাৰা টেণ্ডুলকাৰ সহ তেওঁলোকৰ পৰিয়াল । কালি দুপৰীয়া মুম্বাইৰ…

    ছুপাৰ ডিভিজন ফুটবললৈ সাজু যোৰহাট টাউন ক্লাৱ

    ক্লাৱৰ জাৰ্চী উন্মোচন জিতুল কুমাৰ গগৈ, যোৰহাট, ১১ ফেব্ৰুৱাৰীঃ যোৰহাট ষ্টেডিয়ামত চলি থকা যোৰহাট জিলা ক্ৰীড়া সন্থাৰ ছুপাৰ ডিভিজন ফুটবল লীগ প্ৰতিযোগিতাৰ লগতে বৰ্ষটোৰ বাবে বিভিন্ন প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰিব পৰাকৈ…

    অন্যান্য বাতৰি

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান