সপ্তম সংখ্যক অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপ সামৰণি

দিগন্ত ক্লাবৰ চেম্পিয়ন খিতাপ অৰ্জন
প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ মহম্মদ কাইফ

জিতুল কুমাৰ গগৈ, যোৰহাটঃ আজি সামৰণি পৰা অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপত বেটে বলে উজ্বলি দিগন্ত ক্লাবে চেম্পিয়ন হ’বলৈ সক্ষম হৈছে। যোৰহাট ষ্টেডিয়ামত জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত চলি থকা সপ্তম সংখ্যক প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত মহম্মদ কাইফৰ অৰ্ধশতকৰ উপৰিও দশৰৰ্থ কুমাৰৰ পাঁচটা উইকেটৰ সহায়ত চিটি বয়জ ক্লাবক ২৫ ৰানত হৰুৱাই দিগন্ত ক্লাবে প্ৰতিযোগিতাখনৰ চেম্পিয়ন খিতাপ অৰ্জন কৰিছে। দিগন্ত ক্লাব আৰু চিটি বয়জ ক্লাবৰ মাজত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখনত দিগন্ত ক্লাবে প্ৰথমেই বেটিং কৰি মহম্মদ কাইফৰ ৫৯, ৰোহিত য়াদবৰ ৩৩, মণিৰত্নম বৰাৰ ৩৩ আৰু নেহাৰ ৰয়ৰ ৩০ ৰানৰ সহায়ত সাতটা উইকেট হেৰুৱাই ১৮৯ ৰান সংগ্ৰহ কৰে। চিটি বয়জ ক্লাবৰ হৈ প্ৰতীম প্ৰয়াস হাজৰিকাই দুটা উইকেট লাভ কৰে। প্ৰত্যুত্তৰত চিটি বয়জ ক্লাবে আৰচাদ ফাৰহানৰ ৬৪, কিশালয় শৰ্মাৰ ২৮ আৰু প্ৰৱাল বৰকটকীৰ ২২ ৰানৰ সহায়ত ১৬৪ ৰান সংগ্ৰহ কৰোতেই আটাইকেইটা উইকেট পতন ঘটাত ২৫ ৰানত পৰাজয় স্বীকাৰ কৰে। দিগন্ত ক্লাবৰ হৈ দশৰৰ্থ কুমাৰে পাঁচটা আৰু মহম্মদ কাইফে তিনিটা উইকেট লাভ কৰে। আজিৰ চূড়ান্ত খেলখনত মেন অব দা মেছ সন্মান, বেষ্ট বেটছমেন অব দা টুৰ্ণামেণ্টৰ উপৰিও মেন অব দা চিৰিজ সন্মানো লাভ কৰে দিগন্ত ক্লাবৰ মহম্মদ কাইফে। ইয়াৰ উপৰিও বেষ্ট বলাৰ অব দা টুৰ্ণামেণ্ট সন্মান লাভ কৰে দিগন্ত ক্লাবৰ মিঠু বৰাই।

  • Related Posts

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    ভৱেশ কলিতা , আজাৰাঃ গুৱাহাটীত ৩ এপ্ৰিলত উপস্থিত হ’ল ক্ৰিকেটৰ প্ৰভু মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰৰ সৈতে পত্নী অঞ্জলি টেণ্ডুলকাৰ আৰু জীয়েক ছাৰা টেণ্ডুলকাৰ সহ তেওঁলোকৰ পৰিয়াল । কালি দুপৰীয়া মুম্বাইৰ…

    ছুপাৰ ডিভিজন ফুটবললৈ সাজু যোৰহাট টাউন ক্লাৱ

    ক্লাৱৰ জাৰ্চী উন্মোচন জিতুল কুমাৰ গগৈ, যোৰহাট, ১১ ফেব্ৰুৱাৰীঃ যোৰহাট ষ্টেডিয়ামত চলি থকা যোৰহাট জিলা ক্ৰীড়া সন্থাৰ ছুপাৰ ডিভিজন ফুটবল লীগ প্ৰতিযোগিতাৰ লগতে বৰ্ষটোৰ বাবে বিভিন্ন প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰিব পৰাকৈ…

    অন্যান্য বাতৰি

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান