ছুপাৰ ডিভিজন ফুটবললৈ সাজু যোৰহাট টাউন ক্লাৱ

ক্লাৱৰ জাৰ্চী উন্মোচন

জিতুল কুমাৰ গগৈ, যোৰহাট, ১১ ফেব্ৰুৱাৰীঃ যোৰহাট ষ্টেডিয়ামত চলি থকা যোৰহাট জিলা ক্ৰীড়া সন্থাৰ ছুপাৰ ডিভিজন ফুটবল লীগ প্ৰতিযোগিতাৰ লগতে বৰ্ষটোৰ বাবে বিভিন্ন প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰিব পৰাকৈ সাজু হৈ উঠা যোৰহাট টাউন ক্লাবে আজি এক গাম্ভীৰ্যপূৰ্ণ মূহুত্বত ক্লাবৰ জাৰ্চী উন্মোচন কৰে। যোৰহাট জিলাৰ অগ্ৰনী ক্ৰীড়া ৰূপে খ্যাত যোৰহাট টাউন ক্লাবটিৰ আজি যোৰহাটৰ প্ৰেছিডেন্ট হোটেলৰ প্ৰেক্ষাগৃহত টাউন ক্লাবৰ সভাপতি প্ৰবীৰ শইকীয়াৰ সভাপতিত্ব অনুষ্ঠিত এক সভাত জাৰ্চী উন্মোচন হয়।

উন্মোচনী সভাত যোৰহাটৰ বিশিষ্ট ক্ৰীড়া সংগঠক তথা দৈনিক জনমভূমি কাকতৰ জ্যেষ্ঠ সাংবাদিক দিগন্ত বুঢ়াগোহাঁই, যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰী, যুৱ নেতা সমাজকৰ্মী ব্যক্তি সিদ্ধাৰ্থ অংকুৰ বৰুৱা, প্ৰাক্তন জিলা পৰিষদ সভাপতি ৰঞ্জন শইকীয়া, টাউন ক্লাবৰ কাৰ্যকৰী সভাপতি গৌতম বৰুৱা, পৃষ্ঠপোষক ৰাজেন দত্ত, সাংবাদিক বিৰাজ বৰুৱা, যোৰহাট জিলা ক্ৰীড়া সন্থাৰ উপ-সভাপতি ঋতুৰাজ বড়া, চিৰঞ্জীৱ বড়াই টাউন ক্লাবৰ উত্তৰণৰ ক্ষেত্ৰত বক্তৃতা প্ৰদান কৰে। কলিয়াবৰ ৰিৰ্জটৰ স্বত্বাধিকাৰ প্ৰশান্ত বৰগোহাঁইয়ে আগবঢ়োৱা জাৰ্চী উন্মোচনী অনুষ্ঠানত টাউন ক্লাবৰ উপ-সভাপতি ৰক্তিম বড়া, শান্তনু বৰঠাকুৰ, অনিত আগৰৱালা, যুটীয়া সম্পাদক হিৰু দত্ত, সহ সম্পাদক পলাশ বৰপুজাৰী ওপৰিও টাউন ক্লাবৰ প্ৰায় শতাধিক ব্যক্তি উপস্থিত থকা অনুষ্ঠানটি পৰিচালনা কৰে সম্পাদক কৌশিক হাজৰিকা আৰু সহ সম্পাদক চপ্ননীল শইকীয়াই। উল্লেখযোগ্য যে, যোৰহাট টাউন ক্লাবে অসমৰ বিভিন্ন জিলাত আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহন কৰি যোৰহাটৰ ক্ৰীড়া জগতত সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ লগতে ২০১৫ চনত অসম ক্লাব চেম্পিয়নশ্বিপত চেম্পিয়ন খিতাপ অৰ্জন কৰাৰ উপৰিও অসম ৰাজ্যিক প্ৰিমিয়াৰ লীগত দুবাৰকৈ অংশগ্ৰহণ কৰা টাউন ক্লাবে চলিত বছৰটো অসম ৰাজ্যিক প্ৰিমিয়াৰ লীগত অংশগ্ৰহণ কৰিব বুলিও সভাত ৰাজহুৱাকৈ ব্যক্ত কৰে।

  • Related Posts

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    ভৱেশ কলিতা , আজাৰাঃ গুৱাহাটীত ৩ এপ্ৰিলত উপস্থিত হ’ল ক্ৰিকেটৰ প্ৰভু মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰৰ সৈতে পত্নী অঞ্জলি টেণ্ডুলকাৰ আৰু জীয়েক ছাৰা টেণ্ডুলকাৰ সহ তেওঁলোকৰ পৰিয়াল । কালি দুপৰীয়া মুম্বাইৰ…

    বিকাশ জ্যোতি বৰা অসমৰ প্ৰথমজন ফিডে ৰেটিং লাভ কৰা দৃষ্টিহীন দবা খেলুৱৈ

    নিউজ ডেস্ক ৰিপ’ৰ্ট, ৰাইজৰ খবৰ ডিজিটেলঃ গুৱাহাটী দবা একাডেমীৰ প্ৰশিক্ষাৰ্থী বিকাশ জ্যোতি বৰা অসমৰ প্ৰথম জন দৃষ্টিহীন ফিডে ৰেটিং পোৱা দবা খেলুৱৈ ৰূপে পৰিগণিত হৈছে। গুৱাহাটী দবা একাডেমীৰ মুখ্য প্ৰশিক্ষক…

    অন্যান্য বাতৰি

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গুৱাহাটীত উপস্থিত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    গোলাঘাট জিলাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    “জোনাকী মেল” ই বুকচ্ ( শিশু আলোচনী ) দ্বিতীয় সংখ্যা উন্মোচন

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান

    বিশিষ্ট সাংবাদিক আৰু লেখক তমোজ্যোতি ভট্টাচাৰ্যলৈ অসম ৰাজ্যিক সাংবাদিক সন্থা আৰু বৰাক ভেলী মিডিয়া ফ’ৰামৰ ‘বৰাক উপত্যকা সাংবাদিকতা বঁটা ২০২৫’ প্ৰদান